অৰুণাচলীয়ে গছকাটি তহিলং কৰা লখিমপুৰৰ কাকৈ বনাঞ্চলত বন বিভাগ- দল সংগঠনৰ বৃক্ষৰোপন

0 20

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ, ১ জুলাইঃ ৭৪ সংখ্যক বন মহোৎসৱ উপলক্ষে অৰুণাচলীয়ে গছ কাটি বিধ্বস্ত কৰা লখিমপুৰৰ কাকৈ বনাঞ্চলত গছ পুলি ৰোপণ কৰে বন বিভাগে৷ লখিমপুৰ জিলাৰ অৰুণাচল সীমান্তত লাগি থকা পাঁচখন বনাঞ্চলত দীৰ্ঘদিন ধৰি অৰুণাচলীয়ে গছ বন কাটি বিধ্বস্ত কৰাৰ লগতে আগ্রাসন কৰি আহিছে। শেহতীয়াকৈ যোৱা ১৬ মে’ত কাকৈ সংৰক্ষিত বনাঞ্চলৰ ল’ৱাৰ জুমিত অৰুণাচলীয়ে কেইবাশ মূল্যবান গছ কাটি পেলায়। জহিং খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ ল’ৱাৰ জুমিত অৰুণাচলীয়ে চলোৱা এই উপদ্ৰৱত বিনষ্ট হোৱা গছৰ জোৰা মাৰিবলৈ শনিবাৰে বন বিভাগে উক্ত এলেকাত কেইবাশ গছ পুলি ৰোপণ কৰে । উত্তৰ লখিমপুৰ আঞ্চলিক বন বিষয়া হৰিশ নাথৰ উপস্থিতিত জহিং খণ্ড বন বিষয়া ৰাতুল মহন্তৰ উদ্যোগত চাহ জনজাতি ছাত্ৰ সন্থা (আটছা), গোৰ্খা ছাত্ৰ সন্থা (আগছু), অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ (অঃজাঃযুঃছাঃপঃ) আদি সংগঠনৰ লগতে স্থানীয় ৰাইজৰ সহযোগত এই গছ পুলি ৰোপণ কাৰ্যসূচী ৰূপায়ন কৰা হয়। উল্লেখ্য যে ৭৪ সংখ্যক বন মহোৎসৱৰ আজি প্ৰথম দিনটোতে বন বিভাগে এই কার্যসূচী গ্ৰহণ কৰে । কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিভিন্ন সংগঠনৰ নেতৃত্বই অসম অৰুণাচল সীমান্তৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত চৰকাৰ তথা গৃহ বিভাগে নির্লিপ্ত ভূমিকা গ্রহণ কৰাত ক্ষোভ প্ৰকাশ কৰে । সীমা সমস্যা সমাধানৰ হকে চৰকাৰে যিমানেই আলোচনা, চুক্তি কৰিছে সিমানেই সীমান্তত অশান্তি বৃদ্ধি পাইছে। বাস্তব ক্ষেত্ৰত পৰিস্থিতি পূৰ্বতকৈয়ো অৱনতিহে ঘটিছে। সীমান্ত এলেকাত বন ধ্বংস, গুলীচালনা, ভাবুকি দি প্ৰায়েই অৰুণাচলীয়ে আগ্ৰাসনৰ চেষ্টা কৰিছে। ৰাইজে এই ক্ষেত্ৰত শীঘ্ৰে শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনাইছে। আজিৰ গছ পুলি ৰোপণ কাৰ্যসূচীত আঞ্চলিক বন বিষয়া হৰিশ চন্দ্ৰ নাথকে ধৰি বন বিষয়া, কৰ্মচাৰী সকলে অংশগ্ৰহণ কৰে ৷ উল্লেখ্য ১৯৫০ চনৰ পৰাই দেশত ১ জুলাইৰ পৰা ৭ জুলাইলৈ পালন কৰি অহা হৈছে বন মহোৎসৱ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More