অৰুণাচলৰ ভাৰত-ম্যানমাৰ সীমান্তত উৎখাত নগা বিদ্ৰোহীৰ শিবিৰ

বৃহৎ পৰিমাণৰ অস্ত্ৰশস্ত্ৰ জব্দ

0 19

শতাব্দ প্রতিনিধি, তিনিচুকীয়া, ২৪ ফেব্ৰুৱাৰীঃ অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ বৰডুমছাত আৰক্ষী আৰু আছাম ৰাইফলছে এক অভিযানত ইষ্টাৰ্ণ নাগা নেচনেল গৱৰ্ণমেণ্ট (ইএনএনজি) নামৰ বিদ্ৰোহী সংগঠনটোৰ ২ সক্ৰিয় কেডাৰক মাৰণাস্ত্ৰসহ মঙ্গলবাৰে আটক কৰাৰ দুদিন পাছত বৃহস্পতিবাৰে আন এক অভিযানত অৰুণাচল আৰক্ষীয়ে ভাৰত-ম্যনমাৰ সীমান্তৱৰ্তী এলেকাত স্থাপন কৰা ইএনএনজিৰ এটা শিবিৰ উৎখাত কৰাৰ লগতে বৃহৎ পৰিমাণৰ অস্ত্ৰশস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা FpohxNuaUAEDRY6মতে চুবুৰীয়া ৰাজ্যখনৰ চাংলাং জিলাৰ ম্যানমাৰ সীমান্তৱৰ্তী ৰিমা পুটক চক্ৰৰ লুংপাং অঞ্চলত বিদ্ৰোহী সংগঠনটোৰ এটা শিবিৰ থকাৰ বিষয়ে নিৰ্ভৰযোগ্য সূত্ৰে তথ্য লাভ কৰাৰ পাছত অৰুণাচল আৰক্ষীৰ স্পেচিয়েল টাস্ক ফৰ্চ (এছটিএফ) আৰু চাংলাং আৰক্ষীৰ এটা বৃহৎ দলে অভিযান আৰম্ভ কৰে ৷ উক্ত শিবিৰটোত ইএনএনজিৰ ৫ দুৰ্ধৰ্ষ কেডাৰে আত্মগোপন কৰি আছিল যদিও আৰক্ষীৰ অভিযানৰ সময়ত শিবিৰ ত্যাগ কৰি পলায়ন কৰিবলৈ সক্ষম হয় ৷ অভিযানকাৰী দলে শিবিৰটোৰ পৰা ১ টা একে-৪৭ ৰাইফল, ১ টা এম-১৬ ৰাইফল, ১ টা হেণ্ড গ্ৰেনেড, বৃহৎ পৰিমাণৰ গুলী, মেগজিন, দা, ৱায়াৰলেছ ছেটকে ধৰি নানা সামগ্ৰী জব্দ কৰে ৷ পাছত শিবিৰটো জ্বলাই ধ্বংস কৰা হয় ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More