অৰুণাচল প্ৰদেশৰ বিভিন্ন বিভাগত কোটি টকাৰ কেলেংকাৰীৰ প্ৰতিবাদত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে পদ পথে দিল্লী যাত্ৰা 

0 19
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৫ আগষ্টঃ অৰুণাচল প্ৰদেশৰ চৰকাৰ আৰু মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ হৈছে ৰাজ্যখনৰ দুৰ্নীতি বিৰোধী এটা সংগঠনে। আৰু সেইবাবেই অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ পৰা পদ পথৰে প্ৰতিবাদ কৰি নতুন দিল্লীলৈ যাত্ৰা আৰম্ভ কৰিছে এই সংগঠনটোৱে ।মুঠ ১৬ জনীয়া দলটোৱে আজি চতুথ দিনা তেজপুৰ অতিক্রম কৰে। বিশেষকৈ মুখ্যমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে সৰৱ হৈছে এই সংগঠনটো। ৰাজ্যখনৰ বহুকেইটা বিভাগত কেবাশ কোটি টকাৰ কেলেংকাৰী হোৱা বুলি অভিযোগ উত্থাপিত কৰি এই সংগঠনটোৱে যোৱা জুলাই মাহৰ ২৩ৰ পৰা ২৯ তাৰিখত ইটানগত  ইন্দিৰা গান্ধী পাৰ্কত প্ৰতিবাদ সাব্যস্ত কৰিছিল। আৰু তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা চি বি আই তদন্তৰ দাবী উত্থাপন কৰি চাৰিটা মূল দাবী সম্বলিত বিষয় উল্লেখ কৰি এই যাত্ৰা আৰম্ভ কৰে। অৰুণাচল এগেইন্সত কৰাপচন ARUNACHAL AGAINST CORRUPTION (AAC)   সংগঠনৰ সভাপতি তাৰহ তাহাৰ Tarh Tahar ৰ নেতৃত্বত দিল্লীলৈ যাত্ৰা কৰা এই দলটোৱে উল্লেখ কৰে যে ,” সম্পূৰ্ণ গ্ৰামীণ ৰোজগাৰ যোজনাৰ ( SGRY) অধীনত ৰাজ্যত ২৪,৮৪২ মেট্ৰিক টন চাউলৰ বিনিময়ত ৬৪ কোটি টকাৰ কেলেংকাৰী, সৌৰ শক্তিৰ মুঠ ১৪২ কোটি টকাৰ কেলেংকাৰী দিন দয়াল উপাধ্যায় গ্ৰামীণ জ্যোতি যোজনাৰ (DDUGJY) ৰ অধীনত,পঞ্চায়ত ৰাজৰ অধীনত ৮৮৯ কোটি টকাৰ কেলেংকাৰী আৰু মাইন আৰু মিনাৰেল ৩২ কোটি ৰাজ্যিক ৰাজহ কৰ সংগ্ৰহৰ বাবদ৷ আনহাতে ৰাজ্যিক এফৰেষ্টেচন কঁপেনচেছনৰ নামত 588.40 কোটি আৰু হাইড্ৰ পাৱাৰ 1400.00 কোটি লগতে 820 কোটিৰ লায়েবেলিটিছৰ নামত এই এই কেলেংকাৰী সংঘটিত হোৱা বুলি এখন বেনাৰ প্ৰস্তুত কৰি এই সমদল যাত্ৰা আৰম্ভ কৰে সংগঠনটোৱে । সভাপতি তাৰাহয়ে কয় যে এই সমগ্ৰ বিষয়ৰ বাবে বৰ্তমানৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ সোনকালে অব্যাহত দিয়াৰ আৰু কেলেংকাৰীত জড়িত বিষয়া সকলক গ্ৰেপ্তাৰ আৰু ৰাজনৈতিক দলৰ নেতাসকলকো গ্ৰেপ্তাৰ কৰাৰ দাবী কৰিছে। তেওঁ লগতে কয় যে এই সমগ্ৰ ঘটনাৰ চি বি আই CBI ৰ দ্বাৰা অনুসন্ধান কৰাৰ বাবে আহ্বান  জনাইছে কেন্দ্ৰীয় চৰকাৰক।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More