অৱশেষত উদ্ধাৰ পৰ্বতাৰোহী দ্বীপশিখাৰ শৱদেহ

ওলাল মেঘালয়ৰ টিকলু জ্যৰৱাৰ মৃতদেহো

0 37
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৮ অক্টোবৰঃ অৱশেষত সন্ধান পোৱা গ’ল অসমৰ পৰ্বতাৰোহী দ্বীপশিখা হাজৰিকাৰ। অৱশ্যে এই সন্ধান জীৱন্ত অৱস্থাত পোৱা হোৱা নাই। গিৰিৰাজ হিমালয়ৰ তুষাৰ বক্ষত উদ্ধাৰ হৈছে দ্বীপশিখা হাজৰিকাৰ শৱদেহ। হিমালয়ক ভালপোৱা অসম কন্যা দ্বীপশিখাই যে এনেদৰে গিৰিৰাজৰ হিমশিখৰত শেষ নিশ্বাস ত্যাগ কৰিব সেয়া হয়তো কোনেও ভাবিব পৰা নাছিল। কিন্তু অৱশেষত সেই দুঃসংবাদটোৱেই অসমলৈ আহিল। কালি উদ্ধাৰ হোৱা সাতটা শৱদেহৰ ভিতৰত দ্বীপশিখা হাজৰিকাৰ মৃতদেহটোও আছিল। দ্বীপশিখা হাজৰিকা আছিল গুৱাহাটীৰ ৰাজগড় নিবাসী গোলাপ হাজৰিকাৰ কন্যা। আনহাতে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ৩৫ বছৰীয়া টিকলু জ্যৰৱাৰ শৱদেহো উদ্ধাৰ কৰা হৈছে। মেঘালয় স্প’ৰ্ট ক্লাইম্বিং এণ্ড মাউণ্টেইনিং এছ’চিয়েশ্যনৰ সদস্য টিকলু জ্যৰৱা আছিল আপাৰ লুম্পাৰিঙৰ বাসিন্দা। উল্লেখ্য যে ইয়াৰ ফলত উত্তৰকাশী হিমস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা ২৬ জনলৈ বৃদ্ধি পালে। এই পৰ্যন্ত ১২ জন লোকক উদ্ধাৰ কৰা হৈছে। চলিত বৰ্ষৰ আৰম্ভণিতে ১৬ দিনৰ ভিতৰত মাউণ্ট এভাৰেষ্ট আৰু মাউণ্ট মাকালু আৰোহণ কৰি ৰাষ্ট্ৰীয় অভিলেখ গঢ়িবলৈ সক্ষম হোৱা কিংবদন্তি মাউণ্টেনিয়াৰ সবিতা কানছৱাল (২৬)ৰ মৃতদেহকে ধৰি চাৰিটা মৃতদেহ যোৱা ৪ অক্টোবৰ মঙলবাৰে উদ্ধাৰ কৰা হৈছিল। ৭ অক্টোবৰত নেহৰু ইনষ্টিটিউট অৱ মাউণ্টেইনিং চমুকৈ এন আই এমৰ এক বিবৃতিত কোৱা হৈছে যে ৭ অক্টোবৰত আৰু ৭টা মৃতদেহ উদ্ধাৰ হোৱাৰ লগে লগে উত্তৰকাশী হিমস্খলনৰ ফলত মৃত্যু হোৱা হোৱা লোকৰ সংখ্যা ২৬জনলৈ বৃদ্ধি পায়। ৬ অক্টোবৰ বৃহস্পতিবাৰে ১৫টা মৃতদেহ উদ্ধাৰ কৰা হৈছিল। এতিয়াও তিনিজন সদস্য সন্ধানহীন হৈ আছে। এই নিৰুদ্দেশ হৈ থকা প্ৰশিক্ষাৰ্থী পৰ্বতাৰোহী আৰু প্ৰশিক্ষক তিনিজনৰ সন্ধান চলি আছে। যোৱা ৪ অক্টোবৰ মঙলবাৰে সংঘটিত হৈছিল এই দুৰ্ঘটনা। উত্তৰাখণ্ডৰ গড়ৱাল হিমালয়ৰ দ্ৰৌপদী-কা-ডাণ্ডা পিক-২ত পৰ্বতাৰোহণৰ প্ৰশিক্ষণ লৈ উভতি আহিছিল এইসকল পৰ্বতাৰোহী। সেই সময়ত হঠাতে হিমস্খলন হয় আৰু প্ৰশিক্ষাৰ্থীসকল এই হিম স্খলনৰ কবলত পৰি সন্ধানহীন হৈ পৰিছিল। উল্লেখ্য যে দ্বীপশিখা হাজৰিকা হৈছে হিমালয়ত মৃত্যুক সাবটি লোৱা অসমৰ তৃতীয়গৰাকী পৰ্বতাৰোহী। তেওঁৰ পূৰ্বে ১৯৭৯ চনৰ ৫ অক্টোবৰত অসমত পৰ্বতাৰোহণৰ জনক ৰোহিনী কুমাৰ ভূঞা ৬,৯৪০ মিটাৰ উচ্চতাৰ কেদাৰনাথ ড’ম শিখৰ আৰোহণ কৰি উভটি অহাৰ পথত বৰফৰ ধুমুহাৰ ফলত মৃত্যু হৈছিল। আনহাতে ২০১২ চনত ৬,১৬২ মিটাৰ উচ্চতাৰ গংগেস্থাং শিখৰ অভিযানত পৰ্বতাৰোহী ৰবীন্দ্ৰলাল দাসে High Altitude Sicknessত আক্ৰান্ত হৈ প্ৰাণ বিসৰ্জন দিছিল।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More