আই আই টিত অধ্যয়নৰত তিনিচুকীয়াৰ মেধাৱী ছাত্ৰৰ ৰহস্যজনক মৃত্যু

হত্যাৰ সন্দেহ পৰিয়ালৰ

0 10
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৪ অক্টোবৰঃ আই আই টি, খড়গপুৰত অধ্যয়নৰত তিনিচুকীয়াৰ ফাইজান আহমেদ নামৰ এজন মেধাৱী ছাত্ৰৰ অকাল মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি ইয়াত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ আজি দুপৰীয়াৰ ভাগত ছাত্ৰজনৰ মৃত্যুৰ বাতৰি পৰিয়ালৰ লোকে লাভ কৰে যদিও কি পৰিস্থিতিত মেধাৱী ছাত্ৰজন মৃত্যুমুখত পৰিল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত৷ ইতিমধ্যে ছাত্ৰজনৰ পৰিয়ালৰ লোকে খবৰ পোৱাৰ পাছতে আজি গুৱাহাটী অভিমুখে ৰাওনা হৈছে ৷ শনিবাৰে তেওঁলোক গুৱাহাটীৰ পৰা বিমানযোগে খড়গপুৰলৈ ৰাওনা হ’ব৷ তিনিচুকীয়াৰ গেলাপুখুৰী অঞ্চল নিবাসী মৃত ফাইজানৰ পিতৃ চেলিম আহমেদে ‘আমাৰ অসম’ৰ সাংবাদিকক ফোনযোগে জানিবলৈ দিয়ামতে বুধবাৰেও ছাত্ৰজনৰ সৈতে পৰিয়ালৰ ফোনত কথা হৈছিল৷ আনহাতে কালি পিতৃয়ে ফাইজানলৈ ফোন কৰিছিল যদিও তেওঁৰ ফোন বন্ধ পোৱাত পুত্ৰ পঢ়াশুনাত ব্যস্ত বুলি ভাবি লয়৷ কিন্তু আজি দুপৰীয়া প্ৰায় ১০:৪৫/১১ বজাত পৰিয়ালৰ লোকে হঠাতে লাভ কৰে ফাইজানৰ মৃত্যুৰ খবৰ৷ কি পৰিস্থিতিত মেধাৱী ছাত্ৰজন মৃত্যুমুখত পৰিল সেয়া এতিয়াও পৰিয়ালৰ লোকে জানিব পৰা নাই৷ ফাইজানৰ পিতৃ চেলিম আহমেদে সদৰি কৰা মতে তেওঁৰ পুত্ৰ যিটো হোষ্টেলৰ বাসিন্দা আছিল ঘটনাটো উক্ত হোষ্টেলৰ পৰিৱৰ্তে আন এটা হোষ্টেলতহে সংঘটিত হোৱা বুলি তেওঁলোকে জানিব পাৰিছে৷ পৰিয়ালৰ লোকে ফাইজানক হত্যা কৰা বুলি সন্দেহ কৰিছে৷ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এটা টুইটত তিনিচুকীয়াৰ মেধাৱী ছাত্ৰজনৰ অকাল মৃত্যুত গভীৰ প্ৰকাশ কৰিছে ৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More