আই আই টি গুৱাহাটীৰ বিজ্ঞানীৰ সাফল্য

ফল-মূলৰ সতেজতা ৰক্ষাৰ বাবে আৱৰণ আৱিষ্কাৰ

0 98
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩০ আগষ্ট : ৰাসায়নিক অভিযান্ত্ৰিক বিভাগ আৰু চেণ্টাৰ ফৰ এক্সেলেন্স ইন ছাষ্টেনেবল পলিমাৰ (CoE-SusPol)ৰ অধ্যাপক বিমল কাটিয়াৰৰ নেতৃত্বত ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ গুৱাহাটীৰ গৱেষকসকলে ফল-মূল আৰু শাক-পাচলিৰ নিজৰ জীৱনকাল (Self life) বৃদ্ধি কৰিবলৈ খাদ্যযোগ্য আৱৰণ প্ৰস্তুত কৰিছে। গৱেষণা দলটোত আছিল অধ্যাপক বিমল কাটিয়াৰ আৰু অধ্যাপক বৈভৱ ভি গৌড়, আই আই টি গুৱাহাটীৰ ৰাসায়নিক অভিযান্ত্ৰিক বিভাগ আৰু আই আই টি গুৱাহাটীৰ CoE-SusPoৰ লগতে তেওঁলোকৰ গৱেষণা পণ্ডিত কোনা মণ্ডল, তবলী ঘোষ, মণ্ডৱী গোস্বামী, শিখা শৰ্মা আৰু চনু কুমাৰ। এই আৱৰণ সামগ্ৰী যিয়ে অপচয় ৰোধ কৰিব, সেই শাক-পাচলি যেনে আলু, বিলাহী, সেউজীয়া মৰিচা আৰু ষ্ট্ৰবেৰী, খাচী মেণ্ডেৰিন, আপেল, আনাৰস, আৰু কিৱিৰ ওপৰত পৰীক্ষা কৰা হৈছিল। ইয়াৰ দ্বাৰা প্ৰায় দুমাহলৈকে এই শাক-পাচলিবোৰ সতেজ কৰি ৰখা দেখা গৈছিল। আই আই টি গুৱাহাটীৰ গৱেষকসকলে বিশ্বাস কৰে যে তেওঁলোকৰ উন্নয়নে দেশখনক বহনক্ষম উন্নয়নৰ লক্ষ্য (SDG) পূৰণ কৰাত সহায় কৰিব পাৰে যিটোৰ লক্ষ্য হৈছে শস্য চপোৱাৰ পিছৰ লোকচানকে ধৰি উৎপাদন আৰু যোগান শৃংখলৰ কাষে কাষে খাদ্যৰ ক্ষতি হ্ৰাস কৰা। এনে গৱেষণাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰি আই আই টি গুৱাহাটীৰ ৰাসায়নিক অভিযান্ত্ৰিক বিভাগৰ অধ্যাপক বিমল কাটিয়াৰ আৰু আই আই টি গুৱাহাটীৰ CuSPol-এ কয়— “ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ তথ্য অনুসৰি ৪.৬ৰ পৰা ১৫.৯ শতাংশ ফল-মূল আৱৰ্জনাৰ দমলৈ যায় চপোৱাৰ সময়ত আংশিকভাৱে সংৰক্ষণৰ অৱস্থা বেয়া হোৱাৰ বাবে। দৰাচলতে আলু, পিয়াঁজ, বিলাহীৰ দৰে কিছুমান উৎপাদিত সামগ্ৰী চপোৱাৰ পিছত হোৱা লোকচান ১৯ শতাংশ পৰ্যন্ত হ’ব পাৰে, যাৰ ফলত এই অত্যাৱশ্যকীয় সামগ্ৰীবোৰৰ মূল্য অধিক হ’ব পাৰে।” আই আই টি গুৱাহাটীৰ দলটোৱে শাক-পাচলি আৰু ফল-মূলৰ ওপৰত আৱৰণৰ বাবে সুৰক্ষামূলক, খাব পৰা ফিল্ম প্ৰস্তুত কৰিবলৈ মাইক্ৰ’-এলগে নিষ্কাশন আৰু পলিচেকাৰাইডৰ মিশ্ৰণ ব্যৱহাৰ কৰিছিল। গৱেষকসকলে এই আৱৰণৰ সামগ্ৰীৰে BHK-21 কোষক শোধন কৰি এই আৱৰণসমূহৰ জৈৱ সুৰক্ষাও পৰীক্ষা কৰে। তেওঁলোকৰ পৰীক্ষাত দেখা গ’ল যে এই আৱৰণ সামগ্ৰীবোৰ বিষাক্ত নহয় আৰু ইয়াক খাব পৰা খাদ্য পেকেজিং সামগ্ৰী হিচাপে নিৰাপদে ব্যৱহাৰ কৰিব পৰা যায়। গুৱাহাটীৰ আই আই টিৰ ৰাসায়নিক অভিযান্ত্ৰিক বিভাগৰ অধ্যাপক বিমল কটিয়াৰে বিকশিত কৰা জৈৱ-বিঘ্নিত আৱৰণ সন্দৰ্ভত কয়— ‘‘নৱ বিকশিত কৰা আৱৰণসমূহ গণ উৎপাদন কৰিব পৰা যায় আৰু ই অনন্য। ৪০ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত পোহৰ, তাপ আৰু উষ্ণতাৰ প্ৰতি ইহঁত অতি সুস্থিৰ, খাব পৰা আৰু প্ৰডাক্টৰ প্ৰস্তুতিৰ অংশ হিচাপে নিৰাপদে খাব পাৰি আৰু ইয়াত প্ৰতিকূল গুণ যোগ নকৰে। ইহঁতে আৱৰণ দিয়া ফল বা শাক-পাচলিৰ টেক্সচাৰ, ৰং, ৰূপ, সোৱাদ, পুষ্টিকৰ মূল্য আৰু মাইক্ৰ’বায়’লজিকেল সুৰক্ষা বজাই ৰাখে, যাৰ ফলত ইহঁতৰ চেল্ফ লাইফ কেইবা সপ্তাহৰ পৰা মাহলৈ বৃদ্ধি পায়”। এই গৱেষণাৰ ফলাফল ৰয়েল ছ’চাইটি অৱ কেমিষ্ট্ৰি এডভান্স, ফুড পেকেজিং এণ্ড চেল্ফ লাইফ, ফুড কেমিষ্ট্ৰি, আই জে বি এম, এ চি এছ-জে এ এফ চি আৰু আমেৰিকান কেমিকেল ছ’চাইটিৰ ফুড চাইন্স এণ্ড টেকন’লজিকে ধৰি প্ৰতিষ্ঠিত আলোচনীসমূহত প্ৰকাশ পাইছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More