আগন্তুক স্বাধীনতা দিৱস বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

0 16

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩ আগষ্ট : আগন্তুক স্বাধীনতা দিৱস ব্যাপক আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা সন্দৰ্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আৰক্ষী আৰু সামৰিক বাহিনী তথা অসামৰিক প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলৰ সৈতে বিস্তৃতভাৱে আলোচনা কৰে। উল্লেখ্য যে এইবাৰ দেশে স্বাধীনতাৰ ৭৫ সংখ্যক বর্ষ সম্পূৰ্ণ কৰিব। আজি জনতা ভৱনত আৰক্ষী, সামৰিক বাহিনী আৰু বায়ুসেনা বাহিনীৰ শীৰ্ষ বিষয়াসকলৰ লগতে অসামৰিক প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে অনুষ্ঠিত এই বৈঠকত মুখ্যমন্ত্ৰীয়ে স্বাধীনতা দিৱস উদযাপনক স্মৰণীয় কৰি তুলিবলৈ আহ্বান জনায়। ১৪ আগষ্টৰ পৰা ১৬ আগষ্টলৈ তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে স্বাধীনতা দিৱস উদযাপনৰ বাবে সকলো ধৰণৰ প্ৰস্তুতি চলাবলৈ তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাষ্ট্ৰীয়তাবাদ আৰু দেশপ্রেমবোধ জাগ্রত কৰিবলৈ এই দিৱস এনেভাৱে উদযাপন কৰিব লাগিব যাতে জনসাধাৰণে স্বাধীনতা দিৱসৰ কাৰ্যসূচীসমূহৰ প্ৰতি আকৰ্ষিত হোৱাৰ লগতে স্বতঃস্ফূর্তভাৱে অংশগ্রহণ কৰে। তেওঁ লগতে কয় যে সমাজৰ সকলো স্তৰৰ লোকক এই দিৱস উদযাপনৰ সৈতে জড়িত কৰিব পৰাকৈ ব্যাপক প্রস্তুতি চলোৱা উচিত। স্বাধীনতা সংগ্রামত স্বাধীনতা সেনানীসকলৰ সৰ্বোচ্চ ত্যাগৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে এই দিৱসৰ কাৰ্যসূচী এনেভাৱে ৰূপায়িত কৰিবলৈ কয় যাতে নতুন প্ৰজন্মই দেশৰ সমৃদ্ধ ইতিহাস আৰু স্বাধীনতা সংগ্রামীসকলৰ অতুলনীয় ত্যাগৰ বিষয়ে অৱগত হ’ব পাৰে। তেওঁ লগতে কয় যে নিৰাপত্তা বাহিনীৰ লোকসকলে এনেধৰণৰ অনুষ্ঠান প্ৰদৰ্শন কৰিব লাগিব যাতে জনসাধাৰণে আগ্ৰহেৰে অংশগ্ৰহণ কৰাৰ লগতে দেশৰ প্ৰতি থকা অকৃত্রিম স্নেহ প্ৰকাশ কৰিব পাৰে। তেওঁ কয় যে এই সময়ছোৱাত অতি নান্দনিকভাৱে চৰকাৰী ভৱনসমূহ আলোকিত কৰা হ’ব আৰু সমগ্ৰ ৰাজ্যখনতে দেশপ্রেমমূলক গীত বজোৱা হ’ব। মুখ্যমন্ত্রীয়ে মুখ্য সচিবক সকলো উপায়ুক্তৰ সৈতে এক বৈঠক অনুষ্ঠিত কৰিবলৈ কয় যাতে প্রতিখন জিলাতে স্বাধীনতা দিৱস উদযাপনৰ পৰিকল্পনা বিশালভাৱে কৰা হয় । মুখ্যমন্ত্ৰীয়ে এই দিৱস উদযাপনৰ সময়ত অসামাজিক কার্যকলাপ ৰোধ কৰিব পৰাকৈ নিৰাপত্তামূলক ব্যৱস্থা শক্তিশালী কৰিবলৈ নিৰ্দেশ দিয়ে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More