আতংকৰ অন্ত! ভাৰতত আৰম্ভ হ’ব ছাৰ্ভাইকেল কেন্সাৰৰ প্ৰতিষেধক

0 18
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১ ছেপ্টেম্বৰ: দেশত আৰম্ভ হ’ব ছাৰ্ভাইকেল কেন্সাৰৰ প্ৰতিষেধক। ভাৰতীয় ছেৰাম ইনষ্টিটিউট আৰু জৈৱ প্ৰযুক্তি বিভাগৰ সহযোগত আজি ১ ছেপ্টেম্বৰ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ব এই কাৰ্যসূচী। এই ভেকচিনক কোৱাড্ৰিভেলেণ্ট হিউমেন পেপিলোমা ভাইৰাছ ভেকচিন (qHPV) নামেৰে জনাজাত। কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে দিল্লীত মুকলি কৰিব এই ভেকচিন। ইফালে, বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি ছাৰ্ভাইকেল কেন্সাৰৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ ভিতৰতে তৃতীয় স্থানত আছে। মুঠতে ১.২৩ লাখ লোক এই ৰোগত আক্ৰান্ত হৈছে। প্ৰতি বছৰে এই ৰোগত কমেও ৬৭ হাজাৰ লোকৰ মৃত্যু হয়। অধ্যয়নত দেখা গৈছে যে এই ভেকচিনে এই ৰোগৰ বিৰুদ্ধে এন্টিব’ডি উৎপন্ন কৰিব। ঘৰুৱাভাৱে উৎপাদিত এই ভেকচিন বহুত কম খৰচী হ’ব। বিষয়াসকলৰ মতে, এই ভেকচিনটো হেপাটাইটিছ বি প্ৰতিৰোধৰ দৰেই হ’ব। এইবোৰক সাধাৰণতে ভিএলপি বুলি জনা যায়। অৰ্থাৎ এই ক্ষেত্ৰত কণাৰ দৰে ভাইৰাছ থাকিব। ইয়াৰ ফলত শৰীৰত ভাইৰাছৰ বিৰুদ্ধে এন্টিব’ডি উৎপন্ন হ’ব। মূলতঃ ৯-১৪ বছৰ বয়সৰ প্ৰায় ৫ কোটি ছোৱালীক এই ভেকচিন দিব পৰা যাব। যোৱা জুলাই মাহত ভাৰতৰ ড্ৰাগ কণ্ট্ৰ’লাৰ জেনেৰেলে এই ভেকচিনত অনুমোদন জনাইছিল। ক’ভিড ৱৰ্কিং গ্ৰুপ এন টি এ জি আইৰ অধ্যক্ষ ডাঃ এন কে আৰোৰাই সংবাদ সংস্থাক জনাইছে যে ৮৫-৯০ শতাংশ ছাৰ্ভাইকেল কেন্সাৰ বা জৰায়ুৰ কৰ্কট ৰোগ মূলতঃ ভাইৰাছৰ ফলত হয়। এই ভেকচিনে সেই ভাইৰাছৰ বিৰুদ্ধে কাম কৰিব। শিশু বিশেষকৈ ছোৱালীক যদি এই ভেকচিন দিয়া হয় তেন্তে এই সংক্ৰমণৰ পৰা তেওঁলোক সুৰক্ষিত হ’ব। কমেও ৩০ বছৰলৈ কৰ্কট ৰোগ নহ’ব। এতিয়ালৈকে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত এই ভেকচিনৰ অভাৱ আছিল। এতিয়া আহিল দেশীয় ভেকচিন।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More