আত্ম নিৰ্ভৰশীল হ’ব নোৱৰা দিব্যাংগ সকলৰ ভৱিষ্যৎ কি হ’ব!

দিব্যাংগ দিৱসৰ কাৰ্যসূচীত আলোচনা

0 20

শতাব্দ’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৩ডিচেম্বৰ: পিতৃ-মাতৃ অবিহনে তেওঁলোকে বুকুত সাৱতি ৰখা দিব্যাংগ সন্তানৰ ভৱিষ্যৎ কি হ’ব! এনেবোৰ মৰ্মস্পৰ্শী চিন্তাৰেই স্হান লাভ কৰে আজি দিব্যাংগ সুৰক্ষা মঞ্চ অসমৰ উদ্যোগত আৰু জিলা সামাজিক ন্যায় আৰু সৱলীকৰণ সহযোগত বিশ্বনাথৰ অমিয় দাস ভৱন পানী ভঁৰালত অনুষ্ঠিত হোৱা বিশ্ব দিব্যাংগ দিৱসৰ কাৰ্যসূচীত।উল্লেখযোগ্য যে, এই অনুষ্ঠানত পুৱা পতাকা উত্তোলন কৰে দিব্যাংগ সুৰক্ষা মঞ্চ অসমৰ কেন্দ্ৰীয় উপসভাপতি পৌৰব নাথে।ছহিদ তৰ্পণ কৰে কেন্দ্ৰীয় সাধাৰণ সম্পাদক ইস্ৰাইল আলীয়ে আৰু মঞ্চ মুকলি কৰে পানী ভঁৰাল অঞ্চলৰ অংগনবাদী কৰ্মী-সহায়িকা সকলৰ দিহা নামেৰে। দিব্যাংগ সংগঠনৰ সদস্যসকল ক্ৰমে সীমান্ত গগৈ, ৰানী কামান, এলিজা ভূঞা, ৰশ্মিতা বৰাই প্ৰদৰ্শন কৰা নৃত্যই কেবাশ দৰ্শকক আপ্লুত কৰে। নাৰায়ণ উপাধ্যায়ে গীত পৰিবেশন কৰি আজিৰ অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে। আনহাতে গহপুৰ দিব্যাংগ সুৰক্ষা মঞ্চ সদস্য সকলে দিহা নাম প্ৰদৰ্শন কৰে। পানী ভঁৰাল সাংস্কৃতিক গোষ্ঠীয়ে দলীয় নৃত্য প্ৰদৰ্শন কৰাৰ পাছতে মুকলি অনুষ্ঠান আৰম্ভ হয়। মুকলি সভাত সভাপতিত্ব কৰে অৱসাৰ প্ৰাপ্ত শিক্ষক মিনাৰাম পাঠকে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে দিব্যাংগ সুৰক্ষা মঞ্চ অসমৰ কেন্দ্ৰীয় মুখ্য সাংগঠনিক সম্পাদক উৎপল ভূঞাই। নিমন্ত্ৰিত অতিথি হিচাবে উপস্থিত থাকি বিশিষ্ট সমাজ কৰ্মী দুদুল বৰকটকী, জিলা সমাজ কল্যাণ বিষয়া জ্যোতিষ বৰুৱা, ডি ডি আৰ চি ৰ ভাৰপ্ৰাপ্ত বিষয়া মুনমী শইকীয়া, ডা° অমল শইকীয়াই দিব্যাংগ সকলৰ বিভিন্ন সমস্যাৰ ওপৰত মন্তব্য আগবঢ়ায় কয় যে এইসকল দিব্যাংগৰ প্ৰতিভা বিকাশৰ লগতে তেওঁলোকৰ প্ৰাপ্য সা সুবিধা সমূহ নিয়াৰিকৈ প্ৰদান কৰাৰ লগতে তেওঁলোকৰ সুৰক্ষিত ভবিষ্যৎ নিশ্চিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।ডা° শইকীয়াই চাকৰি নতুবা আত্ম নিৰ্ভৰশীল হ’ব নোৱৰা দিব্যাংগ সকলৰ বাবে প্ৰতিখন জিলাত উপযুক্ত সেৱা কেন্দ্ৰ স্হাপনৰ আহ্বান জনাই কয় যে,পিতৃ মাতৃৰ অবিহনে এনে সকলৰ দায়িত্ব কোনে ল’ব সেয়া এক চিন্তনীয় বিষয়৷ গতিকে ইয়াৰ এক সুব্যৱস্থা গ্ৰহণ কৰাটো অতি আৱশ্যক বুলি তেওঁ কয়৷ অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাবে উপস্থিত থাকে গায়ত্ৰী দেৱী, ঘনশ্যাম আচাৰ্য, গিৰিশ বৰা, কমল উপাধ্য়ায়। অঞ্জনা দাসে স্বৰচিত কবিতা আবৃত্তি কৰে। মুকলি অনুষ্ঠানত কৃতী ছাত্ৰ ছাত্ৰী সকলকো সম্বৰ্ধনা জনোৱা হয়।উল্লেখযোগ্য যে,তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰে দিব্যাংগ সকলৰ বাবে নিৰ্দ্ধাৰণ কৰা অনুপাত অনুসৰি নিযুক্তি নোহোৱাৰ প্ৰতিবাদত পূৰ্বে হোৱা আন্দোলনত একাংশ দিব্যাংগৰ বিৰুদ্ধে বৰ্তমানেও গোচৰ চলি থকাৰ বিষয়টোও আজিৰ সভাত প্ৰকাশ কৰাৰ লগতে দিব্যাংগ সকলক দীনদয়াল আঁচনিৰ জৰিয়তে দি থকা এহেজাৰ টকা অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত নকৰিবলৈ আহ্বান জনোৱা হয়৷ তদুপৰি কৃত্ৰিম অংগও এক জৰীপৰ জৰিয়তে উপযুক্ত দিব্যাংগসকলক বিনামূলীয়াকৈ প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More