আদিবাসী যুৱক যুৱতীৰ বাবে ১৫শতাংশ চৰকাৰী চাকৰি সংৰক্ষণৰ দাবী

ভূমিৰ অধিকাৰ লাভ নকৰাত ক্ষোভঃতেজপুৰত অজাপৰ সংবাদমেল

0 19

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১২জুনঃ ৰাজ্যৰ আদিবাসী যুৱক যুৱতী সকলৰ বাবে ৰাজ্যচৰকাৰৰ নিযুক্তিত ১৫শতাংশ সংৰক্ষণ দাবী কৰিছে অসম জাতীয় পৰিষদে৷তেজপুৰস্হ দলীয় কাৰ্যালয়ত আজি বিয়লি তিনিবজাত অনুষ্ঠিত এক সংবাদমেলত এই দাবী উত্থাপন কৰে দলটোৰ উপসভাপতি অঞ্জন উপাধ্যায়ৰ লগতে দলটোৰ সাংগঠনিক সম্পাদক অজয় তাঁতী,শোণিতপুৰ জিলাৰ সম্পাদক ৰূপজ্যোতি বৰা, দলটোৰ স্হানীয় নেতা অচিত তাঁতী,নৃপেন মহন্ত আৰু কুশল কালন্দীয়ে অংশ লোৱা সংবাদমেলত উপসভাপতি উপাধ্যায়ে কয় যে,আঢ়ৈশ বছৰ ধৰি ৰাজ্যত বাস কৰি অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ হৈ পৰা আদিবাসী সকলে এতিয়াও ৰিফিউজিৰ দৰে বাস কৰিবলগীয়া হৈছে৷ চৰকাৰে আদিবাসী সকলক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰি অহাৰ লগতে চৰকাৰী নিযুক্তিৰ ক্ষেত্ৰতো আদিবাসী সকলক বঞ্চিত কৰা বুলি অভিযোগ কৰি সংবাদমেলত কোৱা হয় যে বিগত ৭৫বছৰে সকলো চৰকাৰেই আদিবাসী সকলক প্ৰৱঞ্চনা কৰি আহিছে৷ আনহাতে,ৰাজ্যচৰকাৰে শেহতীয়াকৈ দিয়া তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিত দুই শতাংশ আদিবাসী যুৱক যুৱতীয়ে নিযুক্তি লাভ কৰা নাই বুলিও অভিযোগ কৰে দলটোৱে৷ দলটোৰ সাংগঠনিক সম্পাদক অজয় তাঁতীয়ে কয় যে,শেহতীয়া নিযুক্তিত কেৱল শোণিতপুৰৰে চাৰি-পাঁচজনৰ অধিক আদিবাসী যুৱকযুৱতীয়ে নিযুক্তি পাইছেনে নাই তাত সন্দেহ আছে৷ সকলো চৰকাৰে আদিবাসী সকলৰ বাবে বিভিন্ন আঁচনিৰ কথা প্ৰকাশ কৰিলেও এইসকল লোকক ভূমিৰ অধিকাৰ দিয়া নাই বুলি কৈ তেওঁ কয় যে,ৰাজ্যত ২০শতাংশৰ অধিক আদিবাসী লোক থকা সত্বেও এইসকলক দেশৰ স্বাধীনতাৰ ৭৫বছৰৰ পিছতো নিজস্বভাবে এটা ঘৰ সাজিব পৰাকৈ ভূমিৰ অধিকাৰ দিয়া হোৱা নাই৷চাহ শ্ৰমিকৰ দৈনিক মজুৰি পাঁচশ টকালৈ বৃদ্ধি,দখল ভূমিৰ পট্টা প্ৰদান,বিশুদ্ধ খোৱাপানীৰ যোগান,চাহ বাগিছাত উন্নত চিকিৎসা ব্যৱস্থা,চাহ বাগিছাৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষাৰ মানদণ্ড উন্নীতকৰণ,এনে বিদ্যালয়ত শ্ৰম আইন অনুসৰি শিক্ষক নিযুক্তি,চাহকোম্পানীৰ বাগিছা সমূহত কাৰিকৰী বিদ্যালয় আৰু নাৰ্ছিং বিদ্যালয় স্হাপন,পুথিভঁৰাল স্হাপন,পথৰ উন্নিতকৰণ, নলনৰ্দমা সমূহ পৰিস্কাৰ কৰা,জৰাজীৰ্ণ কোৱাৰ্টাৰৰ মেৰামতিকৰণ,বাগিছাৰ লাইনত চুলাইৰ বিক্ৰী নিষিদ্ধ কৰা,বাগিছাৰ যি মাটিত শ্ৰমিকে খেতি কৰে তেনে শ্ৰমিকৰ দখলত থকা চিলিং তথা দ মাটিৰ এন অ চি আৰু দাগ নম্বৰ শ্ৰমিকজনক প্ৰদান কৰা,উন্নত মানৰ ৰেচন যোগান,বাগিছাত কল্যাণ বিষয়াৰ পদ বাহাল ৰখা,ভৱিষ্য নিধিৰ ধন পেঞ্চন আৰু গ্ৰেচুৱেটীৰ ধন সময় মতে আদায় দিয়া,বাগিছা অঞ্চলত সংবিধান অনুসৰি ধৰ্মনিৰপেক্ষতা বাতাবৰণ বাহাল ৰখা,চাহজনগোষ্ঠীৰ লোককলা কৃষ্টিৰ সংৰক্ষণৰ বাবে পৃথক পুঁজিৰ ব্যৱস্থা কৰা,শোণিতপুৰৰ বেলশিৰি,মানশ্ৰী,জীয়াভৰলী আৰু গাভৰু নৈৰ খহনীয়া বিজ্ঞান সন্মতভাবে ৰোধ কৰা আদি দাবীৰ বিষয়ে উল্লেখ কৰি সংবাদমেলত আৰু কোৱা হয় যে,এই সকলো বিষয় তথা ২৪ টা দাবীৰে অহা ২৫ জুনত ৰঙাপৰাৰ ধেন্দাই চাহ বাগিছাত অ জা প ৰ ভাতৃ সংগঠন জাতীয় চাহ শক্তিৰ অভিৱৰ্তন অনুষ্ঠিত হ’ব আৰু ইয়াত দলটোৰ দুই শীৰ্ষ নেতা লুৰীণজ্যোতি গগৈ আৰু জগদীশ ভূঞাই অংশ ল’ব বুলি প্ৰকাশ কৰি ৰঙাপৰাৰ এই অভিৱৰ্তন ৰাইজে সফল কৰি তুলিব বুলিও মন্তব্য কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More