আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা আঁতৰিব ৰাছিয়া

নিজাকৈ নিৰ্মাণ কৰিব মহাকাশ কেন্দ্ৰ

0 21

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ জুলাই : কাৰণ ইউক্ৰেইনৰ সৈতে যুদ্ধ। এইবাৰ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা পৃথক হ’বলৈ গৈ আছে আমেৰিকা আৰু ৰাছিয়া। খবৰ পোৱা গৈছে যে ৰাছিয়াই এই সিদ্ধান্ত গ্ৰহণৰ বাবে উদ্যোগ লৈছে। জানিব পৰা মতে, শেহতীয়াকৈ আমেৰিকা আৰু ৰাছিয়াৰ মাজৰ সম্পৰ্ক আৰু শীতল যুদ্ধৰ বাবেই ভ্লাদিমিৰ পুটিনৰ দেশৰ এই সিদ্ধান্ত। ২০২৪ চনৰ পিছত ৰাছিয়াৰ মহাকাশ সংস্থাটোৱে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ বা আই এছ এছৰ সৈতে অংশীদাৰিত্বৰ অন্ত পেলাব। অৰ্থাৎ ২০২৪ চনৰ পিছত ৰাছিয়া আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা পৃথক হ’ব। ৰাছিয়াৰ তৰফৰ পৰা এক বিবৃতিত এনেদৰে কোৱা হৈছে— “আমি আমাৰ অংশীদাৰসকলৰ সৈতে আমাৰ সকলো বাধ্যবাধকতা পালন কৰিম, কিন্তু ২০২৪ চনৰ পিছত ষ্টেচনটো পৰিত্যাগ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।” এই তথ্য ৰাছিয়াৰ মহাকাশ সংস্থাটোৰ মুৰব্বীজনৰ কথা উল্লেখ কৰি সংবাদ সংস্থা এ এফ পিয়ে প্ৰকাশ কৰিছে। এই সন্দৰ্ভত ভাষণ দি ৰাছিয়াৰ মহাকাশ সংস্থাৰ মুৰব্বীগৰাকীয়ে কয় যে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰটো এৰি দিয়াৰ চূড়ান্ত সিদ্ধান্ত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে লৈছে। ২০২৪ চনৰ পিছত ৰাছিয়াই নিজাকৈ স্পেচ ষ্টেচন নিৰ্মাণত মনোনিৱেশ কৰিব। ২৬ জুলাই মঙলবাৰে দেশৰ নৱনিযুক্ত মহাকাশ মুৰব্বী ইউৰি বৰিছ’ভে এই মন্তব্য কৰে। চলিত মাহৰ আৰম্ভণিতে বৰিছভক ৰাষ্ট্ৰ নিয়ন্ত্ৰিত মহাকাশ নিগম ৰস্কচমছৰ মুৰব্বী নিযুক্তি দিয়া হৈছিল। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে হোৱা এক বৈঠকৰ সময়ত তেওঁ কয় যে, প্ৰকল্পটো এৰি যোৱাৰ পূৰ্বে ৰাছিয়াই আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ অন্যান্য অংশীদাৰসকলৰ প্ৰতি নিজৰ চৰ্ত আৰু বাধ্যবাধকতাসমূহ পূৰণ কৰিব। বৰিছ’ভে কয় যে ২০২৪ চনৰ পিছত ষ্টেচনটো এৰি দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। মই বিশ্বাস কৰোঁ যে তেতিয়ালৈকে আমি ৰাছিয়াৰ মহাকাশ কেন্দ্ৰটো নিৰ্মাণ আৰম্ভ কৰিম। ইউক্ৰেইনত ক্ৰেমলিনৰ সামৰিক কাৰ্যকলাপক লৈ ৰাছিয়া আৰু আমেৰিকাৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে মস্কোৰ এই ঘোষণা। মস্কো আৰু ৱাশ্বিংটনৰ মাজত উত্তেজনা সৃষ্টি হোৱাৰ পাছতো মহাকাশচাৰীৰ বাবে ৰাছিয়াৰ ৰকেট উৰণ আৰু বিকাশ অব্যাহত ৰখাৰ বাবে চলিত মাহৰ আৰম্ভণিতে নাছা আৰু ৰস্কচমছে চুক্তি স্বাক্ষৰ কৰিছিল। উল্লেখযোগ্য যে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধত জো বাইডেন প্ৰশাসনে ইউক্ৰেইনবাসীৰ কাষত থিয় দিছে। বাইডেনে কয় যে যদি ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে ৰাসায়নিক অস্ত্ৰ ব্যৱহাৰ কৰে তেন্তে নাটোৰ বাহিনীয়ে নিশ্চিতভাৱে সঁহাৰি জনাব। আমেৰিকাই ইউক্ৰেইনৰ প্ৰতিৰক্ষা সামৰ্থ্য বৃদ্ধিৰ বাবে আৰু নিৰাপত্তা সাহায্য প্ৰদানৰ বাবে ৩০ কোটি ডলাৰ আবণ্টন দিছে। ইয়াৰ পূৰ্বে ৱাশ্বিংটনে ইউক্ৰেইনৰ শৰণাৰ্থীসকলৰ বাবে আৰ্থিক সাহায্যৰ কথা ঘোষণা কৰিছিল। ইউক্ৰেইনৰ শৰণাৰ্থীসকলৰ বাবেও আমেৰিকাই দুৱাৰ মুকলি কৰিছে। ইউৰোপৰ দেশসমূহেও ইউক্ৰেইনৰ শৰণাৰ্থীসকলক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছে। বাইডেনে পোলেণ্ড ভ্ৰমণ কৰি ইউক্ৰেইনৰ মন্ত্ৰীসকলৰ সৈতে কথা পাতে। সেই সময়ত তেওঁ পোলেণ্ডৰ কাষত থিয় দিব বুলিও প্ৰতিশ্ৰুতি দিছিল যদিহে তেওঁলোকে ৰাছিয়াৰ আক্ৰমণৰ আশংকা কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More