আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে লক্ষীমপুৰত জিলাভিত্তিক যোগাসন প্ৰতিযোগিতাৰ আয়োজন

0 148

লক্ষীমপুৰ, ১৫জুন: লক্ষীমপুৰ জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য সমিতি(আয়ুস)ৰ উদ্যোগত, আই ৱাই এন এছ (IYNS), উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয় (স্বায়ত্তশাসিত) আৰু আকাংক্ষা যোগ আৰু ৱেলনেছ চেণ্টাৰৰ, উত্তৰ লক্ষীমপুৰৰ সহযোগত নৱম আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে অহা  ১৭ জুন, ২০২৩ চন তাৰিখ শনিবাৰে পুৱা ৮ বজাৰ পৰা উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত জিলাভিত্তিক যোগাসন প্ৰতিযোগিতা আয়োজন কৰা হৈছে। উক্ত প্ৰতিযোগিতা চাৰিটা পৰ্যায়ত অনুষ্ঠিত হব।
১. প্ৰথম পৰ্যায়ৰ প্ৰতিযোগিতাত ১০বছৰ বয়সলৈকে প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব পাৰিব । ২. দ্বিতীয় পৰ্যায়ৰ প্ৰতিযোগিতাৰ প্ৰতিযোগীৰ বয়স ১০ বছৰৰ উৰ্দ্ধৰপৰা ১৮ বছৰ বয়সলৈ। ৩. তৃতীয় পৰ্যায়ৰ প্ৰতিযোগিতাৰ প্ৰতিযোগীৰ বয়স ১৮ বছৰৰ পৰা ৩৫ বছৰ বয়সলৈ আৰু ৪. চতুৰ্থ পৰ্যায়ৰ প্ৰতিযোগিতাত ৩৫ বছৰ বয়সৰ উৰ্দ্ধৰ সকলো প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব পাৰিব। লক্ষীমপুৰ জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য সমিতি (আয়ুস)ৰ তৰফৰ পৰা জিলাখনৰ ইচ্ছুক প্ৰতিযোগীসকলক উক্ত জিলাভিত্তিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়াই জনাইছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More