নাট্য আন্দোলনৰ অন্যতম সাধক চৈয়দ নাজিম আহমেদক বাণ থিয়েটাৰ বটাঁ প্ৰদান

তেজপুৰত নটসূৰ্য ফণী শৰ্মাৰ ৫২ সংখ্যক স্মৃতি দিৱস পালন

0 74
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৩১ জুলাইঃ নাটকেই জীৱন আৰু ৰংগমঞ্চকে নিজৰ ঘৰ বুলি আজীৱন নাটশিল্পৰ সাধনাত ব্ৰতী হৈ এহেজাৰ এনিশা নাটকত অভিনয় কৰি ১০টাকৈ সোণৰ পদক, কুৰিটাকৈ ৰূপৰ পদক লাভ কৰাই নহয় কুৰিখনকৈ অসমীয়া চিনেমাত অভিনয় কৰি তাৰে ছয়খনকৈ চিনেমাত ৰাষ্ট্ৰপতিৰ পদক আজুৰি আনিবলৈ সক্ষম হোৱা অনন্য প্ৰতিভাধৰ নাট্যশিল্পী, নমস্য অভিনেতা নটসূৰ্য্য ফণী শৰ্মাৰ ৫২ সংখ্যক স্মৃতি দিৱসৰ আজিৰ দিনটোত নটসূৰ্য্য গৰাকীৰ স্মৃতি বিজড়িত ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ বিশেষ স্মৃতিচাৰণ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আন এগৰাকী ৰাজ্যখনৰ প্ৰতিভাধৰ নাট্যশিল্পী তথা অপেছাদাৰী নাট্য আন্দোলনৰ অন্যতম সাধক চৈয়দ নাজিম আহমেদক বাণ থিয়েটাৰৰ কৰ্তৃপক্ষই প্ৰদান কৰে “বাণ থিয়েটাৰ বঁটা” । বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত বিশেষ অনুষ্ঠানটিত প্ৰবীণ নাট্যশিল্পী গৰাকীক প্ৰশস্তি লেখা, গামোচা, স্মাৰক আৰু নগদ ধনেৰে এই বঁটা শঙ্খ, বৰকাঁহ, ডবা আৰু মাংগলিক ধ্বনিৰে আনুষ্ঠানিক ভাবে প্ৰদান কৰা হয়। বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য পংকজ বৰুৱাই আঁত ধৰা আৰু সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰীয়ে আদৰণী ভাষণ দাঙি ধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত এই বঁটা গ্ৰহণ কৰি অশীতিপৰ নাট্য যোদ্ধা নাজিম আহমেদে নিজৰ অনুভৱ সদৰী কৰি বাণ থিয়েটাৰৰ দৰে ঐতিহ্যমণ্ডিত অনুষ্ঠানৰ দ্বাৰা এই সন্মানে তেওঁক বাৰুকৈয়ে উদ্বুদ্ধ কৰে বুলি মন্তব্য কৰে। ওৰেটো জীৱন অপেছাদাৰী নাটকৰ বিকাশ আৰু উত্তৰণৰ হকে নিজকে উৎসৰ্গা কৰা পুৰোধা নাট্যশিল্পী গৰাকীয়ে ভাষণ প্ৰসংগত আৰু কয় -মই আপোনালোকৰ মাজত জীয়াই থাকিব বিচাৰো। অৰ্ধশতিকা ধৰি নাট্যকৰ্মত নিষ্ঠা, সততা আৰু দায়বদ্ধতাৰে স’তে জড়িত হৈ আছোঁ, কিন্তু কিবা প্ৰাপ্তিৰ বাবে নহয়। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুৰাভা, নটসূৰ্য ফণী শৰ্মাৰ দৰে গুণগ্ৰাহী পদধূলাৰে মহিমামণ্ডিত বাণ থিয়েটাৰ পৱিত্ৰ মঞ্চত  বাণ থিয়েটাৰ বটাঁ লাভ কৰি নিজকে ধন্য মানিছো । মোৰ প্ৰদান কৰা  এই বটাঁ  নাট্যকলা ক্ষেত্ৰত জড়িত সকলোৰে বাবে স্বীকৃতি আৰু তেওঁলোককে এই বটাঁ আগবঢ়াই দিছোঁ । বাণ থিয়েটাৰৰ প্ৰাক্তন সভাপতি অখিল শৰ্মাক বিশেষ ভাবে সম্বৰ্ধনা জ্ঞাপন কৰা এই অনুষ্ঠানতে ৰাজীৱ হৰি কৌশিকে ৰচনা কৰা “১৯২৮ চনৰ বাণ থিয়েটাৰৰ মঞ্চত অৰ্কেষ্ট্ৰাত অসমীয়া জাতীয় সংগীতৰ সুৰ” শীৰ্ষক এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ আনুষ্ঠানিক ভাবে উন্মোচন কৰে বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মাই ।আনহাতে অনুষ্ঠানটিত নিৰ্দিষ্ট বক্তা হিচাবে অংশ গ্ৰহণ কৰি অসমীয়া লোক সংস্কৃতিৰ অন্যতম গৱেষক, সাহিত্যিক তথা মৰাণ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ অনিল শইকীয়াই প্ৰদান কৰা সাৰগৰ্ভ ভাষণত নটসূৰ্যৰ “কিয়” নাটৰ সংলাপ আওৰোৱাৰ লগতে মহান শিল্পীগৰাকীয়ে অসমৰ নাট্যক্ষেত্ৰত আগবঢ়োৱা বৰঙণী আৰু সাংস্কৃতিক জীৱন পৰিক্ৰমাৰ বিষয়ে সংক্ষেপে আলোকপাত কৰে । তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাইও নটসূৰ্য্যৰ স্মৃতিচাৰণ কৰা অনুষ্ঠানটিত  অন্নদা কুমাৰ পদ্মপতি ন্যাসৰ বটাঁ ক্ৰমে বাণ থিয়েটাৰৰ ২০১৯-২০ নাট্যবৰ্ষৰ বাবে “ভোগজৰা” নাটকত লক্ষ্মী সিংহৰ চৰিত্ৰত অভিনয়  কৰা বিশিষ্ট অভিনেতা সুজিত  শৰ্মা আৰু ২০২০-২১ বৰ্ষৰ শ্ৰেষ্ঠ পাৰদৰ্শী অভিনেতা  তথা টেটোন তামুলী নাটকত স্বৰ্গদেউ চৰিত্ৰত অভিনয় কৰা   তাজ হুছেইনক আৰু কাৰ্তিক হাজৰিকা সোঁৱৰণী  ন্যাসৰ বটাঁ ২০১৯-২০ প্ৰদান কৰা হয় “ ৰং আহি পাখি মেলি ” শিশু নাটত অভিনয় কৰা জাগৃতি কৌণ্ডিন্যক প্ৰদান কৰা হয় । উল্লেখ্য যে ,বটাঁ গ্ৰহণ কৰি নটসূৰ্যৰ পুত্ৰ তথা বিশিষ্ট অভিনেতা সুজিত শৰ্মাই  “ভোগজৰা“ নাটৰ লক্ষ্মী সিংহৰ সংলাপ আওৰাই সকলোকে আপ্লুত কৰে । আনহাতে ৫২ সংখ্যক স্মৃতিদিৱসৰ আজিৰ দিনটোত পুৱাৰে তেজপুৰৰ বিভিন্ন প্ৰান্তত নাটকৰ সংলাপকে ধৰি নটসূৰ্য্য বন্দনাৰে মুখৰিত হৈ পৰা পৰিলক্ষিত হয়। তেজপুৰ সাহিত্য সভা ভৱন প্ৰাংগনত থকা আৱক্ষ মূৰ্তিত সভাপতি ড০ ভূপেন শইকীয়াৰ লগতে বিশিষ্ট নাট্যকাৰ পৰিচালক ঐশ্বৰ্য কাকতি আৰু বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মাই মাল্যৰ্পন আৰু পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰাৰ  পিছতেই  ভৱনত  অনুষ্ঠিত হয় বিশেষ স্মৃতিচাৰণ অনুষ্ঠান। তেজপুৰ সাহিত্য সভাৰ সম্পাদক দেৱব্ৰত শৰ্মা আৰু প্ৰাক্তন সম্পাদক পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটিৰ আৰম্ভণিতে সভাপতি ড০ ভূপেন শইকীয়াই  স্মৃতিচাৰণ কৰি নটসূৰ্য্য গৰাকীৰ বহুমুখী প্ৰতিভাক স্মৰণ কৰে।  অনুষ্ঠানটিত বিশিষ্ট নাট্যকাৰ পৰিচালক ঐশ্বৰ্য্য কাকতিয়ে স্মৃতিচাৰণ কৰি জীৱিত অৱস্থাতে শিল্পী সকলক যথোচিত সন্মান জনোৱা উচিত বুলি  মন্তব্য কৰি জীয়াই থকাৰ সময়ত নটসূৰ্য্য ফণী শৰ্মাই নাটক ৰচনাকে ধৰি অসমীয়া শিল্পকলা ক্ষেত্ৰখনলৈ যিমান অৱদান আগবঢ়াই গ’ল তাৰ স্বীকৃতি জীৱিত অৱস্থাত বৰ্তমানৰ দৰে লাভ কৰা হেতেন নিজৰ জীৱন ধন্য হ’ল হেতেন বুলি আক্ষেপ প্ৰকাশ কৰে। বাণথিয়েটাৰৰ সভাপতি বংকিম শৰ্মাইও স্মৃতিচাৰণ কৰা এই অনুষ্ঠানতে নাট্যশিল্পী তথা বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰী, সাধাৰণ পৰিচালক ভূপেন শৰ্মা, অসম নাট্য সন্মিলনৰ উপসভাপতি মৃগেন চন্দ্র বড়া আৰু প্ৰবীণ অভিনেত্ৰী কল্পনা কলিতাই ফণী শৰ্মাৰ নাটকৰ সংলাপ পৰিৱেশনৰে নটসূৰ্য্যক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সেইদৰে কলিবাৰীৰ সমাধি ক্ষেত্ৰত শোণিতপুৰ জিলা প্ৰশাসন আৰু তেজপুৰ পৌৰসভাৰ উদ্যোগত  অনুষ্ঠিত হোৱা বিশেষ শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠান শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আন দুগছিকৈ বন্তি  প্ৰজ্বলন কৰে নটসূৰ্য্যৰ পুত্ৰ অজিৎ শৰ্মা আৰু তেজপুৰ পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া বৰ্ষা তালুকদাৰে। নটসূৰ্য্য ফণী শৰ্মাৰ পুত্ৰক্ৰমে অজিত শৰ্মা আৰু বিশিষ্ট অভিনেতা সুজিত শৰ্মাৰ লগতে বোৱাৰী বিনিতা শৰ্মা, নাতি অভিনয় শিল্পী নৱজ্যোতি শৰ্মা, বাণথিয়েটাৰৰ উপসভাপতি দিলীপ বৰা, সম্পাদক হেমন্ত কুমাৰ শৰ্মা, মঞ্চাধ্যক্ষ ৰাজীৱ মহন্ত, চিত্ৰ ভাস্কৰ্য শিল্পী হৰিনাৰায়ণ দাসৰ লগতে বিশিষ্ট ব্যক্তি সকলেও প্ৰতিকুল বতৰৰ মাজতো  শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ গ্ৰহণ কৰে। অসম সাহিত্য সভাৰ প্ৰচাৰ সম্পাদক পংকজ বৰুৱাই আঁতধৰা অনুষ্ঠানটিত শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই স্মৃতিচাৰণ কৰি অহা অক্টোবৰ মাহৰ ভিতৰত সমাধিৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত নটসূৰ্য্য গৰাকীৰ ওপজা দিনত আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হ’ব বুলি জনায়। অনুষ্ঠানটিত নটসূর্যৰ পুত্ৰ, বিশিষ্ট অভিনেতা সুজিত শৰ্মা, বিশিষ্ট চিত্ৰ – ভাস্কর্য শিল্পী হৰিনাৰায়ণ দাসেও ভাষণ প্ৰদান কৰে। আনহাতে, তেজপুৰ বিশ্ববিদ্যালয় চৌহদস্থিত নটসূৰ্যৰ আৱক্ষ মূৰ্ত্তিত গণ সংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপিকা ড° জয়া চক্ৰৱৰ্তীৰ বিশেষ উদ্যোগত  ছাত্ৰ-ছাত্ৰীসকলে বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণেৰে  শিল্পী গৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰে । একেদৰে তেজপুৰৰ জ্যোতিভাৰতীটো সাংস্কৃতিক উন্নয়ন বিষয়া জীতেন কুমাৰ দাসৰ বিশেষ উদ্যোগত নটসূৰ্যৰ স্মৃতিত দিনযোৰা  অনুষ্ঠানৰ আয়োজন কৰা হয় ।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More