আপোচবিহীন জাতীয়তাবাদী নেত্ৰী মনোৰমা বৰদলৈৰ পৰলোক

0 34

শতাব্দ’ৰ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৪ ডিচেম্বৰঃ জাতীয়তাবাদক লৈ কোনো দিনে আপোচ নকৰা একালৰ আঞ্চলিকবাদৰ ধ্বজাবাহক মনোৰমা বৰদলৈ আৰু নাই ৷ শোণিতপুৰৰ ৰঙাপৰাৰ বিষ্ণুপুৰৰ নিজা বাসভৱনত কালি বিয়লি ৩-১৫ বজাত সৰবৰহী মহিলাগৰাকীয়ে ইহলীলা সম্বৰণ কৰে ৷ স্মৰ্তব্য যে, ১৯৪২ত ৰঙাপৰাৰ নাহৰনি চাহবাগিছাত জন্ম গ্ৰহণ কৰা আৰু পৰৱৰ্তীকালত তেজপুৰত শিক্ষাগ্ৰহণ কৰাৰ অন্তত তেখেত যোৰহাট তৰাজানৰ নিবাসী বিষ্ণু প্ৰসাদ বৰদলৈৰ স’তে বিবাহপাশত আবদ্ধ হৈছিল ৷ কিন্তু পৰৱৰ্তীসময়ত ৰঙাপৰাৰ বিষ্ণুপুৰত স্বামীৰ স’তে নিগাজিকৈ থাকিবলৈ লয়৷ অসম অস্তিত্ব ৰক্ষা আন্দোলনৰ সময়ছোৱাত বিভিন্ন জাতীয় সংগঠন আৰু ছাত্ৰ সংগঠনৰ আহ্বানমৰ্মে মনোৰমা বৰদলৈয়ে মহিলাসকলক সুসংগঠিত কৰি অসম আৰু জাতিৰ স্বাৰ্থত অগ্ৰণী ভূমিকা পালন কৰিছিল ৷ ৰঙাপৰা বিদ্যালয় আৰু ৰঙাপৰা মহাবিদ্যালয় প্ৰতিষ্ঠাতো বিশেষ ভূমিকা পালন কৰা মনোৰমা বৰদলৈয়ে বিদ্যালয় আৰু মহাবিদ্যালয় পৰীক্ষা বোৰ্ডৰো এগৰাকী নিৰক্ষক হিচাপে নিষ্ঠাৰে দায়িত্ব পালন কৰিছিল ৷ এগৰাকী আদৰ্শ মাতৃ হিচাপে নিজৰ সন্তানক সু-শিক্ষা আৰু দীক্ষা প্ৰদানেৰে একো একোগৰাকী সুনাগৰিক হিচাপে গঢ়ি তোলাৰ সমান্তৰালভাৱে সমাজৰ সৰুবৰ সকলো স্তৰৰ লোককে আপদ-বিপদত সহযোগিতা আগবঢ়াইছিল ৷ সমাজৰ সকলো শ্ৰেণীৰ লোকৰ স’তে কোনো ভেদ ভাব নৰখা বৰদলৈয়ে বিভিন্ন সামাজিক অনুষ্ঠান- প্ৰতিষ্ঠানৰ স’তে জড়িত আছিল ৷ আনকি একালত অসম গণ পৰিষদৰ ভগ্নী সংগঠন শোণিতপুৰ জিলা মহিলা পৰিষদৰ সভানেত্ৰী হিচাপেও কাৰ্যনিবাহ কৰি আঞ্চলিক দলটোৰ সাংগঠনিক ভেটি সবল কৰাত অহোপুৰুষাৰ্থ কৰিছিল ৷ স্বামীৰ মৃত্যুৰ পিছতো সামাজিক কৰ্মৰ ধাৰা অব্যাহত ৰখা মনোৰমা বৰদলৈ দুবছৰৰ পূৰ্বে নিজ বাসগৃহতে আহত হোৱাৰ পিছত চিকিৎসা গ্ৰহণ কৰিছিল যদিও পিছলৈ ক্ৰমান্বয়ে তেখেতৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটে ৷ কালি বিয়লি ৩-১৫বজাত ৰঙাপৰাস্থিত নিজবাসভৱনতে তেখেতে ৮২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ৷ মৃত্যুৰ সময়ত তেখেতে দুগৰাকী পুত্ৰ, তিনিগৰাকী কন্যা , দুগৰাকী বোৱাৰী, তিনিগৰাকী জোৱাইসহ কেবাগৰাকী নাতি-নাতিনীৰ লগতে অসংখ্য গুণমুগ্ধক এৰি থৈ যায় ৷ কালি ৰঙাপৰাৰ ৰাজহুৱা শ্মশানতে আত্মীয় মিতিৰকুটুম আৰু একাংশ গুণমুগ্ধৰ উপস্থিতিত তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ৷ সৰবৰহী তথা বয়োজ্যেষ্ঠ মহিলা মনোৰমা বৰদলৈৰ মৃত্যুত বিভিন্ন ব্যক্তি আৰু অনুষ্ঠান- প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি তেখেতৰ বিদেহ আত্মাৰ সদগতি কামনা কৰিছে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More