আপোনাৰ ঘৰৰ পুৰণা কাপোৰবোৰ আমাক দিব নেকি

কেৱল মানৱতাবাদী সকলৰ বাবেহে এই অনুৰোধ 

0 134

     ঠেঁটুৱা লগা জাৰ সমাগত। চৌদিশে কুঁৱলীয়ে আবৰি ধৰিব… শীতল বতাহে হাড়লৈকে কঁপাব। আমি ঘৰতে নিহালিখন মেৰাই লৈ ল’ম সুখনিদ্ৰা, কিন্তু সেই শীতত এনে কিছু লোক আছে যি এডোখৰ কাপোৰ বা এখন কম্বলৰ, স্কাৰ্ফ বা চুৱেটাৰ এটাৰ বাবে ধৰফৰাব। নিশা টোপনি নাযাব পদপথৰ বাসিন্দা…. কোনোৱে কঁপি কঁপি পাৰ কৰিব সেই দুৰ্বিসহ ৰাতিবোৰ।

কিন্তু, আপুনি বা আমি অলপ চেষ্টা কৰিলেই তেওঁলোকক দিব পাৰিম মৰমৰ উম। যাৰ উত্তাপত এঘুমটি মাৰিব পাৰিব তেওঁলোকে শান্তিৰে।

Wariors: মহিলা সজাগতা আৰু গ্ৰামোন্নয়ন সংস্থা তথা জ্যোতিৰ্ময় সমাজ,অসম-এ সমগ্ৰ অসমত এইবেলি এক পৰিকল্পনা কৰিছে আপোনাসবৰ পুৰণা কাপোৰবোৰ সংগ্ৰহ কৰিবলৈ আৰু সেয়া আপোনাৰ মৰম হিচাপে আমি বিলাই দিম আৰ্তজনৰ মাজত।

আপোনাৰ পুৰণা পিন্ধা গৰম কাপোৰ, কম্বল, স্কাৰ্ফ, পেণ্ট, সৰু ল’ৰা ছোৱালীৰ কাপোৰ আমি সকলো গ্ৰহণ কৰিম। মাত্ৰ কাপোৰবোৰ পিন্ধাৰ যোগ্য হব লাগিব আৰু ফটা- ছিটা হ’ব নালাগিব। হৈ যাব.. আমাৰ বাবে সিমানেই যথেষ্ট।maxresdefault

আমি ডিচেম্বৰৰ ১৮ তাৰিখে সমগ্ৰ অসমৰ বিভিন্ন জিলাত আপোনাৰ মৰমৰ চিন স্বৰূপে সেই কাপোৰবোৰ বিতৰণ কৰিম যাৰ বাবে এখন কম্বল অতি প্ৰয়োজনীয় ।

আপুনি নিজে আহি দিবও নালাগে। মাত্ৰ তলত দিয়া আপোনাৰ জিলাখনৰ ফোন নম্বৰত আপোনাৰ-
👉নাম-
👉ঠিকনা-
👉ফোন নং-
👉কিমান কাপোৰ আছে-
এইখিনি জনাই whatsapp কৰিব বা ফোন কৰিব। আমাৰ কৰ্মী সকলে সেয়া আপোনাৰ স্থানৰ পৰা সংগ্ৰহ কৰি আনিবগৈ।

আপুনি যদি বিচাৰে যে আপুনি আপোনাৰ ওচৰৰ দুই এঘৰৰ পৰা পুৰণি কাপোৰ সংগ্ৰহ কৰি একলগ কৰি খবৰ দিব সেয়াটো বৰ ভাল হ’ব বা তেনে নকৰিলেও কথা নাই।

ভাবকচোন আপোনাৰ পৰি থকা কাপোৰখন যদি কোনোৱে হেঁপাহেৰে মেৰিয়াই লৈ এই শীতত কিছু সকাহ পাই তেন্তে কিমান ভাল লাগিব…

আপোনাৰ মাজত থকা মানবীয়তা আমি চিনি পাওঁ। আমি জানো যে আপুনি সেই আৰ্তসকলৰ অকণমান হাঁহিৰ বাবে এই লেখাটো শ্বেয়াৰ কৰিবই। আনক হাঁহি বিলালে আপোনাৰ মৰমলগা পৰিয়ালটোয়েও হাঁহিব ঈশ্বৰৰ কৃপাত।

🔴ফোন নং সমূহ হ’ল-
১, ডিব্ৰুগড় জিলাৰ
9101610860 – নিৰ্মালী দাস কুলিগঞা
8638894544 – প্ৰীতি শিখা খনিকৰ

২, লখিমপুৰ জিলা
9127246914 – ৰেখাশ্ৰী হাজৰীকা
6002281797 – আশাৰাণী নাথ

৩, যোৰহাট জিলা
8134890250 – কবিতা শৰ্মা
7638038383 – ৰাতুল হাজৰীকা

৪, বাক্সা জিলা
7010311978 – ধনজিৎ হালৈ

৫, বঙাইগাঁও জিলা
91015 90903 – ভৃগু হাজৰিকা
70027 16147 – ৰবিন নাথ

৬, কাৰ্বি আংলং জিলা
9957105850 – মৰমী আহমেদ
9101414886 – জয়ন্তী বৰুৱা

৭, চৰাইদেউ জিলা
9101844525 – তৰু ডি বড়া
8638086283 – ৰিজুমণি কোঁৱৰ

৮, শিৱসাগৰ জিলা
9859774552 – পবিত্ৰ ফুকন
7086663025 – ৰঞ্জুমণি বড়া

৯,হোজাই জিলা
7002448742 – নিবেদিতা শৰ্মা
918486992569 – শুভাশিস নাথ

১০, গোৱালপাৰা জিলা
6000105969 – হিমাদ্ৰী মাইনা সোনোৱাল
6000825804 – টুলটুল সিংহ

১১, মাজুলী জিলা
9365074910 – অপূৰ্ব বেজ
8486773201 – যদু দত্ত

১২,নলবাৰী জিলা
9101149603 – সুকন বৈশ্য
8822353092 – মঞ্জু বৈশ্য

১৩, ধেমাজি জিলা
9101021780 – ৰমেন দেউৰী
7896969205 – পূৰবী সোনোৱাল

১৪, বিশ্বনাথ জিলা
8638015140 – শিশিৰ কুমাৰ চৰকাৰ
9957699689 – মুকেশ সিং

১৫, তিনিচুকীয়া জিলা
7099312443 – ৰুবুল চেতিয়া
6900876750 – সুনন্দ্ৰ গগৈ

১৬,নগাওঁ জিলা
7896344167 – পলাশ প্ৰতিম ডেকা
6001093164 – ইক্ৰামুল হক

১৭, বজালী
96785 42159 – হিমাক্ষী ঠাকুৰীয়া
91017 90355 – চোমা চৰকাৰ দাস

১৮,গোলাঘাট জিলা
8822438250 – উজ্বল দত্ত
60012 30681 – দেৱ প্ৰতীম দলে

১৯, শোণিতপুৰ জিলা
8638265980 – পূজা আচাৰ্য্য
6000983741 – বিৰতি বৰঠাকুৰ

২০, বৰপেটা জিলা
৯৩৬৫১৫৮৯৫২ – ড° নজমুল হক
৮৬৩৮১০৫১৬৯ – কল্পনা বৰ্মন

২১, কামৰূপ মহানগৰ
9954088681 – সোণ মণি বায়ন
8638008563 – নিজৰা চেতিয়া

২২ ধুবুৰী-

8011724383/+91 60024 49845

( শতাব্দ সম্পাদনা গোটৰ সংগ্ৰহ)

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More