আমাক ৰিলিফ নালাগে, লাগে বান সমস্যাৰ স্থায়ী সমাধান- বন্যাৰ্ত

বছৰৰ ছমাহেই বানত ডুবি থকা কুৰিখন গাঁৱৰ বিননি শুনিব কোনে

0 32

স্বাধীনতাৰ ৭৫ বছৰেও বান সমস্যাৰ পৰা মুক্ত নহ’ল লখিমপুৰৰ কুৰিখন গাঁওঃ প্ৰতি বাৰিষাতে জীৱন বিপদাপন্ন কৰি তোলে শিঙৰাৰ ওভটনি পানীয়ে

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১১ জুলাইঃ লখিমপুৰ জিলাৰ এটা দুৰ্গম অঞ্চল হৈছে নাওবৈচাৰ গেলাহাটী অঞ্চলটো৷ এই অঞ্চলটো বছৰৰ ছটা মাহেই বানত ডুবি থকাৰ পিছতো আজিকোপতি বান সমস্যাৰ কোনো স্থায়ী সমাধান নকৰিলে প্ৰশাসনে৷ জনপ্ৰতিনিধিৰ চূড়ান্ত অৱহেলা, ৰাজ্যপালৰ আশ্বাসেও এই অঞ্চলটোক বানমুক্ত কৰিব নোৱাৰিলে৷ পৰিতাপৰ কথা যে স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰম কৰাৰ পিছতো উন্নয়নৰ মুখ নেদেখিলে লখিমপুৰৰ প্ৰায় কুৰিখন গাঁৱে৷ শিঙৰা নদীৰ ওভটনি পানীয়ে প্ৰতি বছৰে নাওবৈচা বিধান সভা সমষ্টিৰ অন্তৰ্গত গেলাহাটী, ৰৌদুং, গোসানীবাৰী, পেৰাভাৰী আদি গাঁওসমূহ ছমাহে বানৰ লগত সহবাস কৰিব লগা হয়৷ বছৰ বছৰ ধৰি এই সমস্যাৰ লগত জৰ্জৰিত হৈ থকা এই লোকসকলে সম্প্ৰতি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে৷WhatsApp Image 2023 07 11 at 8.11.37 PM তেওঁলোকে কয়- আমাক চৰকাৰৰ ৰিলিফ নালাগে৷ লাগে বান সমস্যাৰ স্থায়ী সমাধানহে৷ লক্ষণীয় কথা যে বছৰ বছৰ ধৰি এই বৃহত্তৰ অঞ্চলটো বানৰ লগত বছৰৰ ছটা মাহে সহৱস্থান কৰি অহাৰ পিছতো নাওবৈচা সমষ্টিৰ বিধায়ক, লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ আদিয়ে কোনো গুৰুত্ব প্ৰদান নকৰাত ভুক্তভোগী বন্যাৰ্ত লোকসকলে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে৷ এইবাৰো ইয়াৰ ব্যতিক্ৰম ঘটা নাই৷ শিঙৰাৰ ওভটনি বানত শ শ পৰিয়ালে ঘৰৰ ভিতৰত চাং পাতি, কলৰ ভূৰ সাজি আশ্ৰয় গ্ৰহণ কৰি আহিব লগা হৈছে৷ এই লোকসকলক লখিমপুৰ জিলা প্ৰশাসনে মাজে সময়ে বান সাহায্য প্ৰদান কৰি আহিছে যদিও ৰাইজে ইয়াৰ বিৰোধিতা কৰি চৰিয়াৰ দৰে হৈ পৰা সমগ্ৰ অঞ্চলটোক বানমুক্ত কৰাৰ বাবেহে আহ্বান জনাইছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More