আমাৰ গাঁৱত নক্ষত্ৰৰ শোভাযাত্ৰা হ’ব
ত্ৰিৰঞ্জন টাইড
ঘূনাসুঁতি
শ্ৰদ্ধেয় ৰাইজ —
অহা ষোল্ল ডিচেম্বৰ/২২ত
আমাৰ গাঁৱত নক্ষত্ৰৰ শোভাযাত্ৰা হ’ব।
সেইদিনা আমাৰ গাঁৱলৈ জোনও নামি আহিব তৰাও নামি আহিব সুখৰ পাঠ্য কঢ়িয়াই
সুখৰ আবাস কঢ়িয়ায়।
আচলতে
আজিলৈকে আমাক যিমানবোৰ দুখে কোঙা কৰি ৰাখিছিল,
বা আমাৰ গাঁৱক কোঙা কৰি ৰাখিছিল
সেইদিনা ,আমাৰ সকলোবোৰ দুখৰ আন্ধাৰ মচি আমাৰ গাঁৱত নক্ষত্ৰৰ শোভাযাত্ৰা হ’ব।
আমাৰ গাঁৱত নক্ষত্ৰৰ শোভাযাত্ৰা হ’ব ।
ভাবিছো
বহু দিনে ছন পৰা আমাৰ গাঁৱৰ মাটি ডৰা সোণৰ লাৰু হ’ব।
বহু দিনে বিচ্ছিন্ন হৈ থকা আমাৰ গাঁৱৰ বিমূৰ্ত্ত পদপথ সুচল হ’ব ,
আকৌ কওঁ
সেইদিনা আমাৰ গাঁৱলৈ জোনো নামি আহিব তৰাও নামি আহিব আমাৰ গাঁৱৰ সুখৰ পাঠ্য কঢ়িয়ায়।
সম্ভৱতঃ সেইদিনাৰ পৰা
আমাৰ গাঁৱৰ বাকৰি সুখৰ পাঠ্য হ’ব।
আমাৰ গাঁৱৰ পুৰাতন দুখবোৰ উচ্ছেদ হ’ব,
আমাৰ গাঁৱৰ দীৰ্ঘতম অভাববোৰ উচ্ছেদ হ’ব।
ইমানদিনে আকাশে আমাৰ দুখৰ বাকৰি চাই চাই
হয়তো সেইদিনাৰ পৰাই —
আকাশেও আমাৰ দুখৰ সীমা ঠেলি আমাৰ গাঁৱৰ সুখৰ সীমা বঢ়াব।
বেলিয়েও আমাৰ দুখৰ আৱৰণ খুলি আমাৰ দুখৰ বৰণ সলাব।
আমাৰ দুখৰ বৰণ সলাই আমাৰ হাঁহিৰ বৰণ সলাব,
নিশ্চয় সলাব ।
(২)
হেৰৌ চিৰামকাই —
মই এতিয়াই ওলালো এজাক পুৱাৰ পখীৰ সতে সুখৰ অই-নিঃতমবোৰ ডিঙিত ওলমাই
তই আহ আহ গাঁও দাঙি আহ
তই আহ আহ নদী দাঙি আহ
কাইলৈ আমাৰ গাঁৱৰ বাকৰিত নক্ষত্ৰৰ শোভাযাত্ৰা হ’ব,
ইমান দিনে – চকুৰ পানীৰে ভিজা ভিজা আমাৰ গাঁৱৰ বাকৰি সোণৰ বাকৰি হ’ব ৰূপৰ বাকৰি হ’ব
তই আহ আহ আজিৰ পৰাই ওলাই আহা
আমাৰ গাঁৱৰ দুখৰ জলাশয়বোৰ কান্ধত তুলি আহা
আমাৰ গাঁৱৰ দুখৰ দুপনিবোৰ কোলাত তুলি আহা মূৰত তুলি আহা
বুকুত ভাৰ বান্ধি আহা
চ’ৰা অল্লুং য়ুতকামপৌ য়ুত্পাগ্ লৃগলাই অৱনৰি আঃনৌলঃ
ইমানদিনে আমাৰ বুকুত জমা হৈ থকা দুখৰ দুপনিবোৰ বৈ পৰক গঙ্গাৰ চিফুং হৈ
চিৰাম কাই
অহা ষোল্ল ডিচেম্বৰত
আমাৰ গাঁৱত নক্ষত্ৰৰ শোভাযাত্ৰা হ’ব
এটা নতুন দিনৰ সুচনা হ’ব
এটা নতুন দিনৰ গ্ৰন্থ হ’ব
এটা নতুন দিনৰ উৎসৱ হব
এটা নতুন দিনৰ মহৎ গ্ৰন্থ হ’ব ।
( ঐতিহ্যমণ্ডিত মিৰিজীয়ৰীৰ দেশ ঘূনাসুঁতিৰ ঘাগৰ সোৱণশিৰি নদীৰ ওপৰত পকী দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন উপলক্ষে ৰচিত আৰু উৎসৰ্গিত )