‘আল হিম’ৰ পথত আৰু এখোজ : ফাইনেলত মেছিৰ আৰ্জেণ্টিনা

ফিফা বিশ্বকাপৰ মেচৰ প্ৰতিবেদন, আৰ্জেণ্টিনা বনাম ক্ৰ’ৱেচিয়া : বলৰ সৈতে তেওঁ কিমান ভয়ংকৰ, আৰু প্ৰমাণ কৰিবলৈ কি বাকী আছে? ক্ৰ’ৱেচিয়াৰ ডিফেণ্ডাৰ গুৱাৰ্ডিঅ’ল মেছিৰ সৈতে লাগি থাকে। মেছিয়ে লাইনৰ পৰা মাইনাছ কৰি বলটো লৈ তেওঁৰ কাষেৰেই পাৰ হৈ গ’ল। জুলিয়ানৰ একমাত্ৰ কাম আছিল শেষ কৰা। পাছটোৰ ফিনিশ্বঙত মেছিয়ে কোনো ভুল কৰা নাছিল। আৰু জুলিয়ান আলভাৰেজে?

0 34

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৪ ডিচেম্বৰ : আল হিম… কাটাৰত অনুষ্ঠিত ফুটবল বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেললৈকে ব্যৱহাৰ কৰা হৈছিল ‘আল ৰিলাই’। ছেমি ফাইনেল আৰু ফাইনেলৰ বাবে ব্যৱহাৰ কৰা হৈছে ‘আল হিম’। বিশেষ পাৰ্থক্য নাই গঠন বা আন কোনো দিশত। মাত্ৰ ডিজাইনটো সামান্য সলনি কৰা হৈছে। দিয়া হৈছে সামান্য সোণালী গ্ল’। কিন্তু ডাঙৰ পাৰ্থক্যটো আছে নামত। ‘আল হিম’ৰ অৰ্থ হৈছে ‘সপোন’। সপোনেইতো দেখিছে আৰ্জেণ্টিনাই। শেষৰটো বিশ্বকাপ আহিছিল ডিয়েগ’ মাৰাড’নাৰ সৌজন্যত। দুবাৰৰ বিশ্বকাপ বিজয়ী আৰ্জেণ্টিনাৰ দলটোৰ অপেক্ষা দীঘলীয়া হৈ আহিছে ক্ৰমশঃ। মাৰাড’নাৰ পিছত যাক লৈ আৰ্জেণ্টাইন সমৰ্থকে আটাইতকৈ বেছি সপোন দেখে, বিশ্বাস কৰে, হেঁপাহৰ পোহৰেৰে আলোকিত কৰে, সেই লিয়নেল মেছিয়েওতো সপোনেই দেখিছে! মেছিৰ কেৰিয়াৰৰ পঞ্চম তথা শেষ বিশ্বকাপ। শেষ সুযোগো। বিশ্বকাপৰ মঞ্চত নিজৰ শ্ৰেষ্ঠত্ব প্ৰমাণ কৰিবলৈ তেওঁ বিশ্বকাপ জয় কৰাটো প্ৰয়োজন। সেই সপোন পূৰণৰ অন্তিম পদক্ষেপত উপনীত হ’ল আৰ্জেণ্টিনা আৰু লিয়নেল মেছিয়ে।

imago1020268251hশিল্পী আৰু শিল্প একেই ফ্রেমত : আর্জেন্টিনাৰ জয়ৰ নায়ক লিঅ’নেল মেছি আৰু জুলিয়ান আলভাৰেজ

প্ৰতিখন মেচতে যিটো শাৰী লিখিব লাগে— মেছি অকলশৰীয়া নহয়। সেইবাবেই এইবাৰ আৰ্জেণ্টিনাক অন্যতম ফেভাৰিট হিচাপে গণ্য কৰা হৈছিল। কিন্তু প্ৰথমখন মেচতে ছৌদি আৰৱৰ হাতত পৰাস্ত হয়। এই লুইচেল ষ্টেডিয়ামত আৰ্জেণ্টিনাৰ এক ভয়ংকৰ অভিজ্ঞতা হৈছিল। লুইচেলে যিদৰে দলটোৰ বাবে অস্বস্তি সৃষ্টি কৰিছিল সেইদৰেই কিন্তু আৰ্জেণ্টিনাক ঘূৰাই দিলে স্বস্তি। এইখন গ্ৰাউণ্ডত লিঅ’নেল মেছিয়ে ৪খন খেলত দিছে ৪টা গ’ল। মুঠতে এই প্ৰতিযোগিতাত ৫টা গ’ল। গ’ল্ডেন বুটৰ দৌৰত এতিয়া কাইলিয়ান এমবাপেৰ কাষতে লিঅ’নেল মেছি। তেওঁ বিশ্বকাপৰ মঞ্চতো অভিলেখ গঢ়িবলৈ সক্ষম হ’ল। বিশ্বকাপত সৰ্বাধিক মেচ খেলাৰ ক্ষেত্ৰত জাৰ্মান কিংবদন্তি লোথাৰ মেথিউছৰ ৰেকৰ্ড স্পৰ্শ কৰিলে মেছিয়ে। আজিৰ দিনটোতে মেছিয়ে বিশ্বকাপৰ ২৫ সংখ্যক খেল খেলিলে। কেৱল এই ৰেকৰ্ডেই নহয়; মেছিৰ হাতত এতিয়া আন এক অভিলেখ। বিশ্বকাপত আৰ্জেণ্টিনাৰ হৈ সৰ্বাধিক গ’লৰ অভিলেখ। অন্তিমখন খেলত গেব্ৰিয়েল বাটিষ্টুটাৰ ৰেকৰ্ড ভাঙি দিছিল দশমটো গ’ল। আৰু আজিৰ দিনটোত বিশ্বকাপৰ মঞ্চত সৰ্বাধিক গ’লদাতা হ’ল লিঅ’নেল মেছি।

আৰ্জেন্টিনা- ৩
(মেছি ৩৪’-পেনাল্টি, আলভাৰেজ ৩৯’, ৬৯’)
ক্ৰ’ৱেচিয়া-০

খেলখনৰ ৩৪ মিনিটত লিঅ’নেল মেছিয়ে পেনাল্টি গ’ল দি আৰ্জেণ্টিনাক ১-০ গ’লত অগ্ৰগতি প্ৰদান কৰে। জুলিয়ান আলভাৰেজে বল লৈ বিপক্ষৰ বক্সলৈ আগবাঢ়ি আহিছিল। ক্ৰ’ৱেচিয়াৰ ডিফেন্স লাইনত ভয়াৱহ সংকট। আলভাৰেজক ৰখাবলৈ আগবাঢ়ি আহিল গ’লৰক্ষক লিভাকোভিচে। আলভাৰেজক বলটো স্পৰ্শ কৰাৰ পৰা বিৰত ৰাখিবলৈ ফাউল কৰাৰ বাহিৰে আন উপায় নাছিল তেওঁৰ হাতত। আৰ্জেণ্টিনাই লাভ কৰিলে ‘বিতৰ্কিত’ পেনাল্টি। লিঅ’ মেছিৰ শক্তিশালী শ্বট। অগ্ৰগতি আৰ্জেণ্টিনাৰ। পেনাল্টিক লৈ বিতৰ্ক চলিলেও দ্বিতীয়টো গ’ল আছিল অনবদ্য। আনকি ব্ৰাজিলৰ ছুপাৰষ্টাৰ ৰোনাল্ডিনহোও এই গ’লত আপ্লুত। প্ৰায় মিডফিল্ডৰ পৰা জুলিয়ান আলভাৰেজৰ চল’ ৰাণ। কেইবাজনো বিপক্ষৰ খেলুৱৈক অতিক্ৰমি বক্সত সোমাল তেওঁ। জুলিয়ানৰ সন্মুখত ক্ৰ’ৱেচিয়াৰ ডিফেণ্ডাৰ ছ’ছা। ছ’ছাই বল ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিলে। কিন্তু নোৱাৰিলে। জুলিয়ানৰ নিয়ন্ত্ৰণত বল। পৰিণতিত আৰ্জেণ্টিনাক ২-০ গ’লৰ অগ্ৰগতি আলভাৰেজৰ। গেলেৰীত ধৰা পৰিল ৰোনাল্ডিনহো— খোলা হাঁহি এটাৰে সৈতে হাত চাপৰি বজাইছে তেওঁ। ২-০ গ’লৰ অগ্ৰগতিৰে দ্বিতীয় হাফলৈ আৰ্জেণ্টিনা। কিন্তু তথাপি ভিতৰি ভিতৰি এক ভয়। কাৰণ কোৱাৰ্টাৰ ফাইনেলত নেদাৰলেণ্ডৰ বিৰুদ্ধে ২-০ গ’লত আগবাঢ়ি থকাৰ পাছতো খেলখন টাইব্ৰেকাৰলৈ গৈছিল। আকৌ হ’ব নেকি সেই শ্বাস ৰুদ্ধকাৰী মেচখনৰ পুনৰাবৃত্তি!

JULIAN FIRST GOALমেচখনত জুলিয়ানৰ প্ৰথম আৰু আৰ্জেণ্টিনাৰ দ্বিতীয়টো গ’লৰ মুহূৰ্ত

দ্বিতীয়াৰ্ধৰ আৰম্ভণিৰ পৰাই আক্ৰমণ আৰম্ভ কৰিছিল আৰ্জেণ্টিনাই। সৃষ্টি কৰিছিল কেইবাটাও গ’ল দিয়াৰ পৰিস্থিতি। অৱশ্যে ব্যৱধান বৃদ্ধি কৰিব পৰা নাছিল। অৱশেষত উপস্থিত হ’ল সেই যাদুকৰী মুহূৰ্তটো। বক্সৰ সোঁফালে লিঅ’নেল মেছি। বলৰ সৈতে তেওঁ কিমান ভয়ংকৰ সেই কথা প্ৰমাণ কৰিবলৈ কিবা বাকী আছে জানো? ক্ৰ’ৱেচিয়াৰ ডিফেণ্ডাৰ গুৱাৰ্ডিঅ’ল মেছিৰ লগত লাগি ৰ’ল। কিন্তু মেছিয়ে লাইনৰ পৰা মাইনাছ কৰি বলটো তেওঁৰ কাষেৰে লৈ পাৰ হৈ গ’ল। জুলিয়ানৰ একমাত্ৰ কাম আছিল শেষ কৰা। পাছটোৰ ফিনিশ্বিঙত মেছিয়ে কোনো ভুল কৰা নাছিল। আৰু জুলিয়ান আলভাৰেজে? ভুল কৰাৰ কথা নিশ্চয় নাই। আজিৰ মেচত তেওঁ ব্যক্তিগত দ্বিতীয়টো গ’লেৰে আৰ্জেণ্টিনাক ৩-০ গ’লৰ অপৰাজেয় অগ্ৰগতি প্ৰদান কৰে।

41 2022 638065638378937174 893আৰ্জেণ্টিনাৰ লিয়নেল মেছি (১০) আৰু ক্ৰ’ৱেচিয়াৰ মাটেও কোভাচিচ বল দখলৰ প্ৰতিদ্বন্দ্বিতাত

সময়ৰ লগে লগে অপেক্ষা বাঢ়ি যায়। কিন্তু আৰ্জেণ্টিনাৰ ধৈৰ্য বেছি! মাৰাড’নাৰ আৰ্জেণ্টিনাই শেষবাৰৰ বাবে ১৯৮৬ চনত এই খিতাপ দখল কৰিছিল। ২০১৪ চনতো মেছিৰ আৰ্জেণ্টিনাই ফাইনেলত প্ৰৱেশ কৰিছিল। কিন্তু তৃতীয়টো ট্ৰফীত আৰ্জেণ্টিনাৰ হাত লগা নাই। দেওবাৰে লুইচেলত মেছিৰ আর্জেণ্টিনাই সেই লক্ষ্যৰেই ৰণত নামিব৷ প্ৰতিদ্বন্দ্বী কোন হ’ব সেইটো জানিবলৈ কাইলৈকে অপেক্ষা। ‘আল হিম’ পূৰণৰ পথত আৰু মাত্ৰ এখন মেচ জয় কৰিব লাগিব। সেইখনেই গ্ৰেণ্ড ফিনালে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More