আমেৰিকাত কেতিয়া উপস্থিত হৈছিল মানুহ? আৱিষ্কৃত মেমথৰ হাড়ে সৃষ্টি কৰিছে নতুন বিতৰ্ক

0 30

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৬ আগষ্ট : বিজ্ঞান কেতিয়াও স্থিতিশীল নহয়, নতুন সঁজুলি আৰু কৌশল উপলব্ধ হোৱাৰ লগে লগে ইয়াৰ বিকাশ ঘটে। পুৰণি জ্ঞানক পৰীক্ষা আৰু অধ্যয়নৰ ওপৰত ভিত্তি কৰি নতুনৰ সৈতে আপডেট কৰা হয়। পৰিৱৰ্তন অৱশ্যেই একমাত্ৰ ধ্ৰুৱক আৰু এই উক্তিটো সকলো বিজ্ঞানৰ লগত নিখুঁতভাৱে খাপ খাই পৰে। উত্তৰ আমেৰিকালৈ মানুহ ঠিক কেতিয়া আহিল সেই সম্পৰ্কে এক নতুন অধ্যয়নে আলোচনাৰ নতুন বাট কাটি দিছে। সাধাৰণতে ধাৰণা কৰা হয় যে প্ৰথম আমেৰিকাৰ থলুৱা লোকসকল খ্ৰীষ্টপূৰ্ব ১০,০০০ চনত উত্তৰ আমেৰিকাত উপস্থিত হৈছিল। এই লোকসকলে পূৰ্বতে চাইবেৰিয়া (ৰাছিয়া) আৰু আলাস্কা (উত্তৰ আমেৰিকা) সংযোগ কৰা ‘alnd দলং’ পাৰ হৈছিল বুলি ভবা হয়। কিন্তু নতুন তথ্যই এটা দাবী উত্থাপন কৰিছে যে উত্তৰ আমেৰিকাত মানুহে আগমনৰ পূৰ্বতে গ্ৰহণ কৰা তাৰিখৰ লাখ লাখ বছৰ আগতেই মানুহৰ বসতি আছিল। মেমথৰ হাড়ৰ বিশ্লেষণ কৰিলে দেখা যায় যে খ্ৰীষ্টপূৰ্ব ৩৭,০০০ চনত উত্তৰ আমেৰিকাত মানুহ আছিল। কিন্তু স্বাভাৱিকতেই প্ৰশ্ন উঠে— বিজ্ঞানীসকল কেনেকৈ এই সিদ্ধান্তত উপনীত হৈছে? উল্লেখ্য যে তেওঁলোকে ৩৭ হাজাৰ বছৰ আগতে জীয়াই থকা এবিধ মাইকী মেমথৰ হাড় পাইছিল। তেওঁলোকে পৰীক্ষা কৰা হাড়বোৰত এনেকুৱা আঘাত পাইছিল, যিবোৰ প্ৰাচীন মানুহে চিকাৰ কৰা সময়তহে কৰিব পাৰিলেহেঁতেন। অষ্টিনৰ টেক্সাছ বিশ্ববিদ্যালয়ৰ জেকচন স্কুল অৱ জিঅ’ছায়েন্সেছৰ অধ্যাপক পুৰাজীৱবিজ্ঞানী টিমোথি ৰ’ৱে কয়— “মই ভাবোঁ যে ই এটা শিলৰ দৰে কঠিন ৰেডিঅ’কাৰ্বন ডেট। সংশয়বাদীসকলে সকলো মাইক্ৰস্কোপৰ তলত ৰাখিব, কিন্তু মই ভাবো আমি প্ৰতিটো বাকচতে চেক কৰিলোঁ।” উল্লেখ্য যে এই হাড়সমূহৰ ওপৰত কৰা অধ্যয়নৰ মুখ্য গৱেষক হৈছে ৰ’ৱে। এই গৱেষণা প্ৰকাশ পাইছে Frontiers in Ecology and Evolution নামৰ আলোচনীখনত।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More