আমেৰিকাৰ পৰা ভাৰত পালেহি MH-60R চপাৰ অধিক শক্তিশালী নৌসেনা

0 8

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ জুলাই : আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ২৮ জুলাইত ভাৰতত অৱতৰণ কৰে দুখন MH60R মাল্টি ৰোল হেলিকপ্টাৰে। ভাৰতীয় নৌসেনাত ২৪খন হেলিকপ্টাৰ সংযোজনৰ বাবে স্বাক্ষৰিত চুক্তিৰ ভিতৰত এই হেলিকপ্টাৰসমূহো অন্যতম। এই চপাৰসমূহ ইউ এছ ছি চেভেনটিন হেভিলিফ্ট এয়াৰক্ৰাফ্টৰ জৰিয়তে দেশখনলৈ অনা হয়। মন কৰিবলগীয়া যে ইয়াৰ পূৰ্বে ২০২০ চনত চুক্তি অনুসৰি ২৪ খন Lockheed Martin MH60R হেলিকপ্টাৰ অৰ্ডাৰ দিয়া হৈছিল। এই বিশেষ চপাৰবিধে ভাৰতীয় নৌসেনাত ছাবমেৰিন বিৰোধী আৰু ছাবমেৰিন বিৰোধী যুদ্ধত অতি ফলপ্ৰসূ ভূমিকা পালন কৰিব। দুয়োখন দেশৰ চৰকাৰৰ মাজত এই চুক্তি ১৪ হাজাৰ কোটি টকাৰ বাবে কৰা হৈছে। ২০২১ চনত আমেৰিকাই ভাৰতলৈ যোগান ধৰা প্ৰথম তিনিখন MH60R হেলিকপ্টাৰ নৌসেনাৰ বাবে ব্যৱহাৰ কৰা হয়। ইয়াৰ পিছত আন ৩খন হেলিকপ্টাৰ কোচি পোৱাৰ কথা আছিল। ইয়াৰে দুখন হেলিকপ্টাৰে ২৮ জুলাইত ভাৰতৰ মাটি স্পৰ্শ কৰে। আগন্তুক ২২ আগষ্টত পৰৱৰ্তী হেলিকপ্টাৰ ভাৰতত উপস্থিত হোৱাৰ কথা। চুক্তিৰ চৰ্ত অনুসৰি ২০২৫ চনৰ ভিতৰত বাকী ২৪খন হেলিকপ্টাৰ ভাৰতক যোগান ধৰা হ’ব। উল্লেখ্য যে এই বিশেষ চপাৰত আছে আধুনিক AGM 114 Helifire মিছাইল, MK 54 টৰ্পিডো। ফলত এই হেলিকপ্টাৰ শত্ৰুক চিনাক্ত কৰি নিঃশেষ কৰিবলৈ বিশেষভাৱে সক্ষম।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More