আহকচোন, এখন চৰকাৰী আদৰ্শ বিদ্যালয়ৰ ভিতৰখন চাও 

লখিমপুৰত মজিয়াত বহি শিক্ষাগ্ৰহণ আদৰ্শ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ

0 201
  • হায় শিক্ষা বিভাগ ! আনন্দ চাহ বাগিছা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ আন্তঃগাঁথনি নিম্ন
  • দুই শতাধিক ছাত্ৰ-ছাত্ৰীৰ বাবে নাই এযোৰাও ডেক্স-বেঞ্চ
  • এখনো ব্লেক বৰ্ড নাই
  • প্ৰধান শিক্ষকৰ বাবেও নাই কোনো চকী-টেবুল
  • ৯৮ লাখ টকীয়া গৃহ নিৰ্মাণত ব্যাপক অনিয়ম
  • এতিয়াও বহু ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰা নাই সম্পূৰ্ণ পাঠ্য-পুথি

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৮ মে’ ঃWhatsApp Image 2023 05 18 at 6.54.53 PM লখিমপুৰ জিলাৰ আনন্দ চাহ বাগিছা এলেকাত ৰাজ্য চৰকাৰে শেহতীয়াকৈ স্থাপন কৰা আনন্দ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ত এতিয়া চূড়ান্ত প্ৰহসন ঘটিছে৷ বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীয়ে ডেক্স-বেঞ্চৰ অভাৱত শিক্ষা গ্ৰহণৰ নামত পকী মজিয়াত বহি শিক্ষাগ্ৰহণ কৰিব লগা হোৱাৰ লগতে এখন ব্লেক বৰ্ডৰ পৰাও এই ছাত্ৰ-ছাত্ৰীসকল বঞ্চিত হৈ আহিছে৷ চলিত বৰ্ষৰ এপ্ৰিল মাহৰ পৰা পাঠদান আৰম্ভ হোৱা বিদ্যালয়খনত ৮ জন শিক্ষকে অতি কষ্টৰে পাঠদান কৰি আহিব লগা হৈছে৷ ২৮৮ জন ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়খনত এতিয়া প্ৰধান শিক্ষকৰ বাবে নাই কোনো এখন চকী-টেবুল৷ শিক্ষক-শিক্ষয়িত্ৰীসকলেও হাতত কিতাপ-বহী লৈ ছাত্ৰ-ছাত্ৰীক শিক্ষা প্ৰদান কৰাৰ বিপৰীতে ছাত্ৰ-ছাত্ৰীসকলেও পকী মজিয়াত বহি মজিয়াতে শিক্ষা গ্ৰহণ কৰি আহিব লগা হৈছে৷ পৰিতাপৰ কথা যে এপ্ৰিল মাহৰ পৰা শিক্ষা বৰ্ষ আৰম্ভ হোৱাৰ পিছতো এতিয়াও বিদ্যালয়খনৰ নৱম আৰু সপ্তম শ্ৰেণীৰ বহু ছাত্ৰ-ছাত্ৰীয়ে এতিয়াও অসমীয়া, সমাজ বিজ্ঞানৰ তৃতীয় ভাগ, গণিত আদিৰ কিতাপ আদি লাভ কৰা নাই৷ আজি বিদ্যালয়খনত সাংবাদিকৰ এটা দল উপস্থিত হোৱাৰ সময়ত আদৰ্শ বিদ্যালয়খনত চলি থকা এনে কাৰ্য স্ব-চক্ষে প্ৰত্যক্ষ কৰে৷ ইফালে ৯৮ লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা এই বিদ্যালয়খনৰ গৃহ নিৰ্মাণৰ ব্যৱস্থাও অতি পুতৌজনক৷ জিলা উপায়ুক্তৰ কাৰ্যালয়ে তদাৰক কৰা এই বিদ্যালয়খনত এতিয়া গৃহ নিৰ্মাণত সৃষ্টি হোৱা বিভিন্ন বিসংগতি ধৰা পৰিছে৷ বিদ্যালয়খনৰ টয়লেট ব্যৱস্থা একেবাৰে নিম্ন মানৰ হোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীয়ে প্ৰস্ৰাৱ কৰিলে সেই প্ৰস্ৰাৱ বৰ্হি নিষ্কাষণ নহৈ প্ৰস্ৰাৱগাৰৰ ভিতৰতে আৱদ্ধ হৈ দুৰ্গন্ধৰ সৃষ্টি হৈ আহিছে৷WhatsApp Image 2023 05 18 at 6.54.52 PM লখিমপুৰৰ গড়কাপ্তানি গৃহ বিভাগৰ জৰিয়তে ঠিকাদাৰ ৰাজা দত্তই নিৰ্মাণ কৰা এই ৯৮ লাখ টকীয়া গৃহটোত এতিয়া পকী বেৰৰ ওপৰত প্লাই বৰ্ড জইন দি ৰং সানি নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে৷ কেৱল এয়ে নহয় নৱ নিৰ্মিত গৃহটোৰ কেবা ঠাইতো যোৱা কেইদিনমানতে ফাট মেলিবলৈ আৰম্ভ কৰা কাৰ্যই গৃহটো যে অতি নিম্ন মানেৰে নিৰ্মাণ কৰিছিল সেয়া পোহৰলৈ আহিছে৷ একাধিক খিড়িকী আজিও বিসংগতি হৈয়ে থাকিল৷ এই পৰ্যন্ত বিদ্যালয়খনলৈ চৰকাৰ তথা শিক্ষা বিভাগে ডেক্স-বেঞ্চকে ধৰি বিদ্যালয়ৰ লাগতিয়াল সামগ্ৰী যোগান নধৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে৷ জিলা শিক্ষা বিভাগৰ লগতে উপায়ুক্ত কাৰ্যালয়ৰ চূড়ান্ত গাফিলতি তথা অৱহেলাৰ বাবেই এই পৰ্যন্ত দুই শতাধিক ছাত্ৰ-ছাত্ৰীয়ে মজিয়াত বহি শিক্ষাগ্ৰহণ কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হোৱাত ছাত্ৰ-ছাত্ৰী, অভিভাৱক আদিয়ে গভীৰ ক্ষোভ প্ৰকাশ কৰিছে৷ বিশেষকৈ কাষৰীয়া চাহ বাগান অঞ্চলৰ বিভিন্ন বিদ্যালয়ৰ পৰা লৈ অনা এই ছাত্ৰ-ছাত্ৰীসকলে আনন্দ আদৰ্শ চাহ বাগিছা উচ্চ মাধ্যমিক বিদ্যালয়ত উন্নত পৰিৱেশত শিক্ষা গ্ৰহণ কৰিব বুলি ভাবিছিল যদিও সেয়া এতিয়া ফুটুকাৰ ফেনত পৰিণত হৈছে৷ শিক্ষক-শিক্ষয়িত্ৰীসকলেও অতি কষ্টৰে আদৰ্শ বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীক শিক্ষা প্ৰদান কৰি আহিব লগা হৈছে৷ জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰা নিয়ন্ত্ৰণ হোৱা এই বিদ্যালয়খন এতিয়াও আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন হোৱা নাই যদিও ছাত্ৰ-ছাত্ৰীসকলে শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰে পৰা এনেদৰে শিক্ষা গ্ৰহণ কৰি আহিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More