মহিলা মল্লযুঁজাৰুৰ ওপৰত যৌন নিৰ্যাতনৰ চলোৱা সাংসদ ব্ৰীজভূষন শ্বৰণ সিঙক গ্ৰেপ্তাৰৰ দাবীত তেজপুৰত উত্তাল প্ৰতিবাদ

0 11

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৮ মে’ঃ মহিলা মল্লযুঁজাৰুৰ ওপৰত চলা যৌন নিৰ্যাতনৰ ন্যায় বিছাৰি আৰু অভিযুক্ত বিজেপি সাংসদক গ্ৰেপ্তাৰৰ দাবীত আজি দেশযোৰা প্ৰতিবাদৰ অংশ হিচাপে তেজপুৰতো এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতি , ভাৰতৰ ছাত্ৰ ফেডাৰেচন , অসম ৰাজ্যিক কৃষক সভা, ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন, চেন্টাৰ অৱ ইণ্ডিয়ান ট্ৰেড ইউনিয়ন আৰু অসম ৰাজ্যিক কৃষি মজদুৰ ইউনিয়নৰ শোণিতপুৰ জিলা সমিতিৰ শতাধিক নেতা কৰ্ম্মীয়ে চহৰখনৰ হেম বৰুৱা ভৱনৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ অলিম্পিক খেলুৱৈৰ ওপৰত হোৱা যৌন নিৰ্যাতনৰ উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তি দিয়ক, বাল্য বিবাহ বন্ধ কৰক, মূল্যবৃদ্ধি ৰোধ কৰক, বিদ্যুতৰ বৰ্ধিত মাছুল প্ৰত্যাহাৰ কৰক, নাৰী নিৰ্যাতন বন্ধ কৰক আদি বিভিন্ন দাবীৰ সমৰ্থনত ধৰ্না দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ উল্লেখ্য যে, ভাৰতৰ মল্লযুঁজাৰু ফেডাৰেচনৰ সভাপতি তথা শাসকীয় বিজেপি দলৰ প্ৰভাবশালী সাংসদ ব্ৰীজভূষন শ্বৰণ সিঙে যোৱা প্ৰায় বাৰ বছৰে মহিলা মল্লযুঁজাৰুসকলক বলপূৰ্বক যৌন শোষণ কৰি অহাৰ বিৰুদ্ধে মল্লযুঁজাৰু সকলে ব্ৰীজভূষনক গ্ৰেপ্তাৰ কৰিবলৈ, ফেডাৰেচনৰ সভাপতি পদৰ পৰা অপসাৰণ কৰিবলৈ দাবী জনাইছে ৷ দলৰ জেষ্ঠ নেতা ৰবীন তামুলী, ভবানন্দ ৰায়, নিপু বৰা , ৰয়েল চৰেন , নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতি শোণিতপুৰ জিলা সমিতিৰ সভানেত্ৰী নিৰু দত্ত, সম্পাদিকা দিপা বৰা আদিয়ে অংশ লোৱা এই প্ৰতিবাদী কাৰ্যসূচীৰ পিছতেই জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More