আৰ্থিক ভাবে পিছপৰা কৰ্কট ৰোগীৰ সেৱাৰ ক্ষেত্ৰত “দ্বিপশিখা কেন্সাৰ কেয়াৰ ফাউণ্ডেছন” ৰ আদৰণীয় পদক্ষেপ 

0 13
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৭ আগষ্টঃ ভাৰতীয় শিশু কল্যাণ পৰিষদৰ তেজপুৰ শাখাৰ ভৱনতে অচিৰেই গঢ়ি উঠিব “দ্বিপশিখা কেন্সাৰ কেয়াৰ ফাউণ্ডেছন” ৰ এটা কেন্দ্ৰ। আজি তেজপুৰত দ্বিপশিখা কেন্সাৰ কেয়াৰ ফাউণ্ডেছনৰ প্ৰতিষ্ঠা লগ্নৰ সদস্য তথা শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই এই কথা ঘোষণা কৰে “দ্বিপশিখা কেন্সাৰ কেয়াৰ ফাউণ্ডেছন” ৰ এক বিনামূলীয়া চিকিৎসা শিবিৰৰ শুভাৰম্ভণি অনুষ্ঠানত। উল্লেখ্য যে, ভাৰতীয় শিশু কল্যাণ পৰিষদৰ তেজপুৰ শাখাৰ সোণালী জয়ন্তীৰ লগত সংগতি ৰাখি আজি দিনজোৰা কাৰ্যসূচীৰে পৰিষদৰ ভৱনত ফাউণ্ডেছন ৰ দ্বাৰা মহিলা কৰ্কট ৰোগীৰ চিনাক্তকৰণ আৰু বিনামূলীয়া এক চিকিৎসা শিবিৰ পুৱা ফিটা কাটি শুভাৰম্ভ কৰে শোণিতপুৰৰ উপায়ুক্তই। ভাৰতীয় শিশু কল্যাণ পৰিষদৰ তেজপুৰ শাখাৰ অধ্যক্ষা, তথা বিশিষ্ট সমাজকৰ্মী ডা০ লক্ষ্মী গোস্বামীৰ পৌৰোহিত্যত অনুষ্ঠিত শুভাৰম্ভণি অনুষ্ঠানত পৰিষদৰ তেজপুৰ শাখাই দ্বিপশিখা কেন্সাৰ কেয়াৰ ফাউণ্ডেছনলৈ একলাখ টকাৰ চেক তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাৰ জৰিয়তে প্ৰদান কৰে ফাউণ্ডেছনৰ জ্যেষ্ঠ চিকিৎসক ডাঃ ধীৰেন দাসৰ হাতত। কৰুণাধাৰা আৰু পৰিষদৰ সদস্য পংকজ বৰুৱাই আঁত ধৰা আৰু ডা০ লক্ষ্মী গোস্বামীয়ে আদৰণী ভাষণ প্ৰদান কৰা অনুষ্ঠানটোত শোণিতপুৰৰ উপায়ুক্ত মিশ্ৰই ভাষণ প্ৰদান কৰি দ্বিপশিখাই কৰ্কট ৰোগীসকলৰ বাবে গ্ৰহণ কৰি অহা বিভিন্ন দৃষ্টান্তমূলক পদক্ষেপৰ কথা সদৰি কৰি ভাৰতীয় শিশু কল্যাণ পৰিষদৰ তেজপুৰ শাখাৰ অধ্যক্ষা ডা০  গোস্বামীয়ে কৰা বিশেষ আগ্ৰহ আৰু আলোচনাৰ মৰ্মে পৰিষদৰ এই ভৱনতে “দ্বিপশিখা কেন্সাৰ কেয়াৰ ফাউণ্ডেছনৰ এটা শাখা আৰম্ভ কৰা হ’ব বুলি সদৰী কৰে। উপায়ুক্ত মিশ্ৰই ভাষণ প্ৰসংগত প্ৰতিষ্ঠা লগ্নৰ পৰাই দ্বিপশিখাৰ এগৰাকী সদস্য হিচাপে জড়িত হৈ আছে বুলি মন্তব্য কৰি বিগত সময়ত ৰাজ্যৰ লগতে দেশৰ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তত সম্পূৰ্ণ বিনামূলীয়াকৈ কৰ্কট ৰোগৰ চিনাক্তকৰণ, সজাগতা কাৰ্যসূচীৰ লগতে বৰ্হিৰাজ্যত চিকিৎসাৰ বাবে যাব লগীয়া হোৱা আৰ্থিক ভাবে দুৰ্বল লোকসকলৰ আশ্ৰয়কে ধৰি আহাৰ যোগানৰ ব্যৱস্থাৰে বহু সেৱা আগবঢ়াই আহিছে বুলি মন্তব্য কৰে। উল্লেখ্য যে, এখন অত্যাধুনিক বাহনৰ ভ্ৰাম্যমাণ পৰীক্ষাগাৰৰ ব্যৱস্থাৰে দ্বিপশিখাৰ চিকিৎসক সমন্বিতে ছয়গৰাকীকৈ স্বাস্থ্য কৰ্মী উপস্থিত হৈ আজি তেজপুৰত চিকিৎসা শিবিৰ আৰম্ভ কৰা অনুষ্ঠানটোত তেজপুৰৰ বিধায়ক  ৰাভাই ভাষণ প্ৰদান কৰি তেজপুৰৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত ক্ৰমশঃ কেনেদৰে কৰ্কটৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে তাক তথ্য সহ আলোকপাত কৰে। আজিৰ এই শিবিৰত উপস্থিত থকা দ্বিপশিখা কেন্সাৰ কেয়াৰ ফাউণ্ডেছনৰ জ্যেষ্ঠ চিকিৎসক দাসে ভাষণ প্ৰদান কৰি কয় যে,২০১৮  ৰ ফেব্ৰুৱাৰীৰ পৰা দ্বিপশিখা কেন্সাৰ কেয়াৰ ফাউণ্ডেছনে কেবা হেজাৰ আৰ্থিক ভাবে পিছপৰা কৰ্কট ৰোগীক  বিনামূলীয়া সেৱা প্ৰদান কৰি অহাৰ বিষয়ে সদৰী কৰে।তেওঁ কৰ্কট ৰোগ চিনাক্তকৰণ কৰা, কৰ্কট ৰোগৰ সজাগতা, চিকিৎসাধীন ৰোগীক আশ্ৰয় আৰু খাদ্য প্ৰদান, বিনামূলীয়া পৰীক্ষাকে ধৰি আৰ্থিক ভাবে পিছপৰা কৰ্কট ৰোগীসকলৰ সকলো প্ৰকাৰৰ সেৱাৰ বাবে কাম কৰি অহা প্ৰসংগ অৱতাৰণা কৰে। গুৱাহাটীৰ ছয়মাইলত থকা শিশু আশ্ৰয় কেন্দ্ৰৰ জৰিয়তে এতিয়ালৈকে দুহেজাৰ শিশুক সেৱা আগবঢ়োৱাৰ লগতে শেহতীয়াকৈ মিৰ্জাত নিৰ্মাণ কৰা আশ্ৰয় গৃহত শেষ পৰ্যায়ৰ দুৰ্গত কৰ্কট ৰোগী সকলক আশ্ৰয় প্ৰদান কৰি চিকিৎসা, খাদ্যকে ধৰি সকলো সেৱা আগবঢ়োৱা হৈছে বুলিও চিকিৎসক দাসে মন্তব্য কৰে। ইয়াৰোপৰি অতি সম্প্ৰতি উজনি অসমৰ তিতাবৰত আন এটা আশ্ৰয় কেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰি ইয়াত  কৰ্কট ৰোগে আৰ্থিক ভাবে সৰ্বশ্ৰান্ত কৰা পৰিয়ালৰ লোকক আৰ্থিক স্বাৱলম্বীতাৰ বাবে বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ’ব বুলি অৱগত কৰি সেই কেন্দ্ৰটো এতিয়াও আনুষ্ঠানিক ভাবে উদ্বোধন কৰা হোৱা নাই বুলি জনায়। প্ৰসংগ ক্ৰমে ডা০ দাসে অকল অসমতে নহয় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ গাঁৱে ভূঞে দ্বিপশিখাই কৰ্কট ৰোগীৰ সেৱা আগবঢ়াই আহিছে বুলি কৈ মুম্বাইৰ আশ্ৰয় গৃহত নিতৌ অসমৰ ৰোগীক বিনামূলীয়াকৈ থকা আৰু খোৱাৰ ব্যৱস্থা কৰি আহিছে বুলি জানিবলৈ দিয়ে। বৰ্তমান দুখনকৈ ভ্ৰাম্যমাণ চিকিৎসা ব্যৱস্থাৰে কৰ্কট ৰোগৰ পৰীক্ষা বিনামূলীয়াকৈ কৰি অহাৰ প্ৰসংগত নীলা ৰঙৰ ভ্ৰাম্যমাণ গাড়ীত আল্ট্ৰা চনগ্ৰাফীৰ লগতে হালধীয়া ৰঙৰ গাড়ীত মহিলাৰ বাবে মেমোগ্ৰাফীকে ধৰি আন বহু পৰীক্ষা বিনামূলীয়াকৈ নিতৌ কৰি আহিছে বুলি জনায়। অৱসৰপ্ৰাপ্ত অধ্যাপক পূৰ্ণেশ্বৰ নাথ, অৱসৰপ্ৰাপ্ত অধ্যাপক আনন্দ বৰুৱা, বিশিষ্ট ক্ৰীড়াবিদ পংকজ বৰা, শিশু বিকাশ একাডেমীৰ অধ্যক্ষা মন্দাকিনী বৰা, শিশু কল্যাণ পৰিষদৰ তেজপুৰ শাখাৰ সম্পাদক মিনু বৰাকে ধৰি একাংশ বিশিষ্ট ব্যক্তি উপস্থিত থকা শুভাৰম্ভণি অনুষ্ঠানত আদৰণী ভাষণ প্ৰদান কৰি ডা০ গোস্বামীয়ে বৰ্তমানলৈকে দ্বিপশিখা কেন্সাৰ কেয়াৰ ফাউণ্ডেছনে ৰাজ্যখনৰ আৰ্থিক ভাবে পিছপৰা কৰ্কট ৰোগীসকলৰ সৰ্বতোপ্ৰকাৰৰ সেৱাৰ বাবে যি পদক্ষেপ গ্ৰহণ কৰিছে সি অতুলনীয় বুলি কয়। এই অনুষ্ঠানতে ভাৰতীয় শিশু কল্যাণ পৰিষদৰ তেজপুৰ শাখাৰ তৰফৰ পৰা দ্বিপশিখাৰ জ্যেষ্ঠ চিকিৎসক ডাঃ ধীৰেন দাসৰ লগতে উপস্থিত থকা স্বাস্থ্য কৰ্মী নগেন দাস, ভূপেন দাস, ৰাহুল তালুকদাৰ, পূৰ্ণিমা দাস আৰু মণিতা ডেকাক একোখনকৈ গামোচাৰে সন্মান জনোৱা হয়।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More