ইটালীয়ে পালে প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী
দ্বিতীয় বিশ্বযুদ্ধৰ পিছত প্ৰথমখন সোঁপন্থী চৰকাৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ অক্টোবৰ : ইটালীত এক নতুন যুগৰ সূচনা হৈছে। এইবাৰ দেশখনে এগৰাকী মহিলা প্ৰধানমন্ত্ৰী পাইছে। ইটালীৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে জৰ্জিয়া মেলোনীয়ে। কেৱল সেয়াই নহয়, মেলোনীয়ে সেই দেশত আন এক আদৰ্শ দাঙি ধৰিলে। বেনিটো মুছলিনীৰ ফেচিবাদী যুগৰ পিছত দেশৰ ভিতৰতে প্ৰথমখন সোঁপন্থী চৰকাৰ আহিল। ৪৫ বছৰীয়া জৰ্জিয়াই ২২ অক্টোবৰ শনিবাৰে ইটালীৰ ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি চাৰ্জিও মাটাৰেলাৰ সন্মুখত দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ২১ অক্টোবৰৰ সন্ধিয়া তেওঁ কেবিনেট ঘোষণা কৰে। যোৱা মাহত জৰ্জিয়াৰ ‘ব্ৰাদাৰ্ছ অৱ ইটালী’ দলৰ নেতৃত্বত সোঁপন্থী মিত্ৰজোঁটে সেই দেশৰ সাধাৰণ নিৰ্বাচনত জয়লাভ কৰিছিল। জয়ৰ সন্দৰ্ভত মেলোনীয়ে কয়— ‘‘মই এই জয় সকলোকে উৎসৰ্গা কৰিব বিচাৰিছোঁ। ইটালীৰ জনসাধাৰণে আমাক বাছি লৈছে। আমি তেওঁলোকক প্ৰতাৰণা নকৰোঁ।” যোৱা ২৫ ছেপ্টেম্বৰত ইটালীত অনুষ্ঠিত হৈছিল নিৰ্বাচন। মেলোনীয়ে সেই নিৰ্বাচনতে যুঁজ দি নতুন ইনিংছ আৰম্ভ কৰিছে।