ঈদ মোবাৰকঃ আজি পৱিত্ৰ ঈদ-উল-ফিটৰ

0 75

মুক্তাৰ আলী

জীৱনটোক সলনি কৰাৰ কচৰৎ আপুনি কেতিয়াবা কৰিছেনে? এই ধৰক আপুনি এখন ৰুটিন প্ৰস্তুত কৰি ল’লে যে বছৰৰ এটা মাহ আপুনি কেৱল অনুশীলন কৰিব এটা সৎ জীৱন যাপন কৰিবলৈ। সেই মৰ্মে আপুনি আৰম্ভ কৰিলে অনুশীলন। নিজৰ সমস্ত বদ অভ্যাস ত্যাগ কৰি পন ল’লে কেতিয়াও অপকৰ্ম নকৰাৰ, অখাদ্য নোখোৱাৰ, অকথ্য নোকোৱাৰ আৰু সৎ, আধ্যাত্মিক জীৱন যাপন কৰাৰ। হয় মূল কথাটো হ’ল বিশ্বৰ প্ৰতিজন ইছলাম ধৰ্মাৱলম্বী লোকেই প্ৰতিবছৰে এমাহকৈ এই কামটো কৰি আহিছে। প্ৰতিটো ৰমজান মাহতেই তেওঁলোকে ব্ৰত লৈছে এটা আদৰ্শ জীৱন অতিবাহিত কৰিবলৈ ৩০টা ৰোজাৰ জৰিয়তে। বিশ্বৰ সৰ্বত্ৰ আজি উদযাপিত হৈছে পৱিত্ৰ ঈদ-উল-ফিটৰ। এইযে সৎ জীৱন এটাৰ বাবে মাহজোৰা প্ৰচেষ্টা চলিল আৰু এই প্ৰচেষ্টা পালন সূচাৰুৰূপে হৈ গ’ল তাৰেই আনন্দ উৎসৱ ঈদ-উল-ফিটৰ। ঈদ মানে বাৰে বাৰে অহা উৎসৱ আৰু ফিটৰ মানে উপবাসৰ অন্ত পৰা । ঈদ-উল-ফিটৰৰ সামাজিক আৰু অভিধানিক দুই ধৰণৰ অৰ্থ আছে আনবিধ অৰ্থ অনুযায়ী দান দক্ষিণাৰ জৰিয়তে উপবাসৰ অন্ত পেলোৱা উৎসৱ।

ঈদ মনৰ পংকিলতাক ধুই নিকা কৰাৰ উৎসৱ।ঈদ মনৰ প্ৰশান্তিক বিস্তাৰিত কৰি বিষাদৰ কোঠৰীত আত্মগোপন কৰাজনক পোহৰাই তুলি জীৱনমুখী কৰাৰ উৎসৱ।ঈদ একতাৰ এনাজৰী কটকটীয়া কৰি ধনী দুখীয়াৰ ভেদাভেদ নেউচি মৰম, শ্ৰদ্ধা, চেনেহৰ মাজেৰে সকলোকে একেশাৰীতে উপস্থাপন কৰাৰ উৎসৱ। ঈদ শ্ৰদ্ধালু ভক্তৰ আল্লাহৰ বাবে আগবঢ়োৱা অভিবাদন।

ঈদ-উল-ফিটৰ পালিত হয় দীৰ্ঘ এমাহ কঠোৰ ব্ৰতৰ পিছত। ৰমজান আৰবীয় কেলেণ্ডাৰৰ নৱম মাহ আৰু ৰমজানৰ পিছৰ মাহটো হ’ল চাৱাল। ৰমজানৰ শেষত চাৱালৰ এক তাৰিখটোৱেই হ’ল ঈদ-উল-ফিটৰ’ৰ দিন। সমগ্ৰ বিশ্বতে ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদ-উল-ফিটৰ উদযাপন কৰে চাৱাল মাহৰ প্ৰথম দিনটোতেই। ইছলাম ধৰ্মাৱলম্বী সকলৰ সকলোবোৰ উৎসৱ পাৰ্বণ চান্দ্ৰ কেলেণ্ডাৰৰ মতে উদযাপিত হয় বাবে সৌৰ কেলেণ্ডাৰত ইয়াৰ কোনো নিৰ্দিষ্ট তাৰিখ নিৰ্ধাৰিত নহয়। যিহেতু চান্দ্ৰ কেলেণ্ডাৰত সৌৰ কেলেণ্ডাৰতকৈ ১১ দিন কম থাকে ।
সংযম, সত্যবাদিতা, সদ্ভাৱনাৰে এমাহ উপবাস কটোৱাৰ পিছত পৰৱৰ্তী মাহৰ প্ৰথমদিনাই পালন কৰা হয় ঈদ-উল-ফিটৰ। ঈদ-উল-ফিটৰ কেৱল সেইসকলৰ বাবেহে আনন্দৰ দিন যিসকলে নিৰাকাৰ ঈশ্বৰৰ প্ৰতি দৃঢ় বিশ্বাস ৰাখি মাহজোৰা কঠোৰ সাধনাত ব্ৰতী হৈছিল।

ঈদৰো ইতিহাস আছে।এই ইতিহাস যদিও ছাঁ পোহৰেৰে আচ্ছন্ন তথাপিও ঐতিহাসিক গ্ৰন্থ ,বিভিন্ন ধৰণৰ সূত্ৰ আদিৰ তথ্য মতে হজৰত মহম্মদ (ছ: ) মক্কাৰ পৰা মদিনালৈ যোৱাৰ পিছৰ পৰাই ঈদৰ উদযাপন পৰম্পৰা প্ৰচলিত হৈছে। হজৰত মহম্মদ (ছ:) মক্কাৰ পৰা মদিনালৈ হিজৰত কৰাৰ আগৰেপৰাই মদিনাৰ অধিবাসীসকলে য়াউমুল ফিটৰ আৰু য়াউমুল জোহৰ নামেৰে দুটা বাৰ্ষিক উৎসৱ পালন কৰাৰ প্ৰথা প্ৰচলিত আছিল। হজৰত মহম্মদ(ছ:)এ সেই দুয়োটা বাৰ্ষিক উৎসৱক ধাৰ্মিক মহত্ব প্ৰদান কৰি পিছলৈ ঈদ-উল-ফিটৰ আৰু ঈদ-উল-আজহা নামেৰে নামকৰণ কৰে। প্ৰবাদ আছে যে হজৰৎ মহম্মদ (ছ:)এ পৱিত্ৰ কোৰাণৰ তত্বজ্ঞান জিব্ৰাইলৰ জৰিয়তে এই ৰমজান মাহতেই লাভ কৰিছিল তথা স্বৰ্গ নৰকৰ দশৰ্নপ্ৰাপ্ত হৈ আল্লাৰ সান্নিধ্যৰে উম্মত অৰ্থাৎ ভক্তৰ বাবে উপাসনাৰ উপহাৰ আনিছিল।আৰু সেইবাবে এই উৎসৱ আধ্যাত্মিকতাৰ দিশেৰেও অতি মহত্বপূৰ্ণ।

আধ্যাত্মিক দিশত ঈদ হ’ল আল্লাহৰ মহত্ব প্ৰকাশৰ আনন্দত আত্মহাৰা হৈ পালন কৰা উৎসৱ। সৃষ্টিকৰ্তাৰ প্ৰতি কৃতজ্ঞ হৈ দুৰেকাত নামাজেৰে নত হৈ চুকুৰ আদায় কৰাৰ মহুৰত। এই কথাটো বুজাবলৈ ঈদৰ সাৰ্বজনীন তকবীৰ বা গীত ফাঁকিলৈ যাব লাগিব।

আল্লাহু আকবাৰ
আল্লাহু আকবাৰ
লাইলাহা ইল্লালাহু
আল্লাহু আকবাৰ
আল্লাহু আকবাৰ
ৱালিল্লাহি আলহামদ

আৰ্থাৎ- আল্লাহ মহান, আল্লাহ শ্ৰেষ্ঠ, আল্লাহৰ বাহিৰে আন কোনো উপাসনাৰ অধিকাৰী নাই।
ইয়াৰ জৰিয়তে স্পষ্ট হ’ব পাৰি যে ইছলামৰ সকলো উৎসৱ সৃষ্টিকৰ্তাৰ কেন্দ্ৰ কৰিয়েই উৎযাপন কৰা হয় । আৰু সেই কাৰণে অতিৰঞ্জিত আৰু অবাধ অপচয়ৰ অনুমতি উৎসৱসমূহত নাথাকে।

ৰমজান মাহত ইছলাম ধর্মাবলম্বী লোকসকলে ৰোজা ৰাখে। সূর্যোদয়ৰপৰা সূর্যাস্তলৈকে উপবাস পালন কৰে। চেহেৰী আৰু ইফতাৰ এই দুই ৰীতি মানি ৰমজান মাহ পালন কৰা হয়। সূর্যোদয়ৰ আগৰ পুৱতি নিশাৰ ভোজনক চেহেৰী বোলাৰ বিপৰীতে সূর্যাস্তৰ পিছৰ লঘু ভোজনক ইফটাৰ বোলা হয়।

ৰমজান অতি পৱিত্ৰ মাহ। এই মাহত সৎকর্ম, ভ্রাতৃত্ববোধ প‌্ৰসাৰিত কৰাৰ লগতে সমস্ত অপকৰ্ম অপসংস্কৃতিৰ পৰা দূৰত অৱস্থান লৈ প্ৰশান্তিৰ প্ৰাৰ্থনা কৰা হয়। এইখিনি সময়ত মদ্যপান, ধূমপান, শাৰীৰিক মিলন তথা অপকৰ্মৰপৰা দূৰত অৱস্থান কৰি জীৱনটোৰ সততা,আৰু সত্যবাদৰ আশ্ৰয়ত যাপন কৰাৰ অনুশীলন কৰা হয়।
ৰোজাৰ বহুবোৰ ইতিবাচক দিশ আছে। আছে বিজ্ঞানৰ আধাৰত অলেখ উপকাৰো। আধ্যাত্মিক জীৱন চৰ্চাৰ লগে লগে ৰোজাই কঢ়িয়াই আনে শাৰীৰিক, মানসিক অলেখ তৃপ্তি । ৰোজাত মাজতেই আছে সংযম,দয়া, ক্ষমা আৰু দৰিদ্ৰ নি:কিনসকলৰ বাবে সকাহৰ প্ৰতিশ্ৰুতি।

ঈদত মিতিৰ-কুটুম, আত্মীযয়-স্বজন মিলি আনন্দৰ বতৰা বিলায়। সাধ্যানুসাৰে নতুন পোচাক পৰিধান কৰি ঈদৰ নামাজ পঢ়ে, ইজনে সিজনক আলিঙ্গন কৰি কুশল কামনা কৰে। পিতৃ মাতৃ,মান্যজনক সন্মান প্ৰদৰ্শন কৰি শ্ৰদ্ধাশীল হয়। পিঠা-পনা, মিঠাই, কুৰ্মা, কুপ্তা, পোলাউ, বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰেৰে অতিথি তথা আত্মীয়ক আপায়্যন কৰে।ঠায়ে ঠায়ে আলোকসজ্জাৰে সজ্জিত কৰি ফুলেৰে সজোৱা তোৰণ আদি প্ৰতিষ্ঠা কৰি আনন্দ বিলোৱা হয়।ঘৰে ঘৰে জিকিৰৰ মেহফিল পাতি আৱাল বৃদ্ধ বনিতাই আত্মসন্তুষ্টি লাভ কৰে।

ৰমজানৰ এই মাহাত্ম্য সমাজত সদায় প্ৰয়োজন।বিভেদকামী, দুৰাচাৰী অসৎ আৰু আসুৰিক প্ৰবৃত্তিৰ বিপৰীতে এক সুস্থ,সন্তুলিত সমাজ ব্যৱস্থাৰ বাবে এনে অনুশীলন আমাক বাৰে বাৰে লাগে। ৰমজানৰ সেই মাহজোৰা সাধনাক আওকান কৰি পিছৰ সময়ত বহুতেই অপসংস্কৃতিক সাৱটি শান্তিপ্ৰিয়াক ভংগ কৰা দেখা যায়। ইছলামৰ বিধি বিধান মানি জীৱন যাপন কৰা কোনো মানুহেই অপকৰ্মত লিপ্ত হ’ব নোৱাৰে। কোৱা বাহুল্য যে একেশ্বৰবাদী ইছলামত মানৱতাক সদায় প্ৰথম গুৰুত্ব দিয়া হয়। এইক্ষেত্ৰত ধৰ্মৰ গণ্ডীৰ বাহিৰ হৈ সকলো মানুহকে একে আল্লাৰ ফৰমান হিচাপে লৈ আনৰ দুখৰ সমভাগী হোৱা, আৰ্তজনক সহায় কৰা, পৃথিৱীৰ সমস্ত মানৱ সমাজকে শ্ৰদ্ধা ভক্তি তথা মৰমৰ দৃষ্টিৰে লৈ সমভাৱাপন্নতাৰে শৃংখলিত পৃথিৱীৰ গঢ়াৰ প্ৰচেষ্টাত নিজক সমৰ্পণ কৰা ইত্যাদি।

সম্প্ৰতি দেখা পোৱা যুৱ-উচ্ছৃংখলতা, মাদকদ্ৰৱ্যৰ প্ৰভাৱ, হত্যা লুণ্ঠন ধৰ্ষণ ইত্যাদিৰ পৰা সমাজখনত ৰক্ষা কৰিবলৈ ধৰ্ম চৰ্চা অতি প্ৰয়োজন হৈ পৰিছে। আজিৰ নতুন প্ৰজন্মৰ বাবে পৃথিৱীখনক এটি শান্তিৰ ঘৰলৈ ৰূপান্তৰ কৰিবলৈ আদৰ্শৰ বাট দেখুৱাব লাগিব অগ্ৰজসকলে। সহনশীল ধৰ্মকেন্দ্ৰীকতা নতুন প্ৰজন্মৰ মন মগজুত ৰোপণ কৰিব পাৰিলে কাংক্ষিত পৃথিৱীৰ ধাৰণাটো নিশ্চিতভাৱে প্ৰাসংগিক হ’ব পাৰে।

আজি ঈদৰ এই পৱিত্ৰ ক্ষণত আমি সকলোৱে অংগীকাৰৱদ্ধ হৈ কামনা কৰিব লাগিব এখন শান্তিকামী পৃথিৱীৰ আৰু এক শুদ্ধ, শৃংখলিত সমাজ-ব্যৱস্থাৰ।তেহে আমাৰ মাহজোৰা সাধনাৰ সাৰ্থকতা থাকিব। মানুহবোৰ মানুহৰ হ’ব। তাৰেই কামনাৰে সকলোকে জনালো – ঈদ মোবাৰক।

লেখকৰ ঠিকনা
তিনতিয়া মেৰমুখ, লখিমপুৰ
ম’বাইল ৯৬৭৮২৯৬৯১০

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More