ভাৰতৰ বিমান বন্দৰত আৰম্ভ হৈছে টেক্সিব’ট সেৱা

0 146

শতাব্দ বিশেষ প্ৰতিনিধি, ৩ মে’ : অসামৰিক বিমান পৰিৱহণৰ ক্ষেত্ৰত ইন্ধন ৰেহাই, কাৰ্বন নিৰ্গমন হ্ৰাসকে ধৰি কেইবাটাও কাৰণৰ বাবে বিমান বন্দৰ সমূহত এতিয়া টেক্সিব’ট (TaxiBot) নামৰ এটা নতুন পদ্ধতিৰ সংযোজন ঘটিছে। ‘টেক্সিব’ট’ হৈছে বিমান এখন টানি অনা এখন অৰ্ধ ৰব’টিক ট্ৰেক্টৰৰ দৰে এখন বাহন। ‘টেক্সিব’ট’ শব্দটো আহিছে Taxiing Robot ৰ পৰা।258398 taxibot
ইজৰাইল এৰ’স্পেছ ইণ্ডাষ্ট্ৰিজে উদ্ভাৱন কৰা প্ৰযুক্তি কৌশলৰ এই বিশেষ বাহনখনে উৰণৰ আগমুহূৰ্তত বিমান এখন টাৰ্মিনেল গেইটৰ পৰা ৰানৱে’লৈকে লৈ যোৱা আৰু বিমান এখন অৱতৰণ কৰাৰ পাছত তাক টাৰ্মিনেল গেইটলৈকে লৈ অনা কামত ব্যৱহাৰ কৰা হয়। ৮০০ অশ্বশক্তিৰ হাইব্ৰিড বিদ্যুৎ চালিত ইঞ্জিনযুক্ত এই বাহনখন বিমানৰ ক’কপিটৰ পৰাই পাইলটে নিয়ন্ত্ৰণ আৰু চালনা কৰিব পাৰে। সাধাৰণতে এখন ব’য়িং ৭৩৭ বা এয়াৰ বাছ এ৩২০ ধৰণৰ বিমান এখন ৰানৱে’ৰ পৰা টাৰ্মিনেল গেইটলৈ বা টাৰ্মিনেল গেইটৰ পৰা ৰানৱে’লৈ যোৱাৰ বাবে সময় লাগে ১১ ৰ পৰা ১৩ মিনিট। এই সময়ছোৱাত প্ৰায় ২০০ লিটাৰ মূল্যবান এভিয়েশ্বন টাৰবাইন ফুৱেল বিমানখনে প্ৰজ্বলন কৰে। ইয়াৰ ফলত কাৰ্বন নিৰ্গমন হোৱাৰ উপৰি বিমান বন্দৰত শব্দ প্ৰদূষণৰো সৃষ্টি হয়। তদুপৰি এই সময়ছোৱাত বিমানত অনাকাংখিত কিছু পদাৰ্থই আঘাত কৰাৰো সম্ভাৱনা থাকে। বিমান এখন উৰণ-অৱতৰণৰ পূৰ্ব আৰু পৰৱৰ্তী সময়ত লোৱা টেক্সিব’টৰ এই ব্যৱস্থাই বিমান সংস্থাসমূহৰ ইন্ধন ৰাহি কৰাৰ উপৰি আন আন ক্ষেত্ৰত যথেষ্ট সহায়ক হৈছে। এই সমগ্ৰ সমস্যা সমূহ সমাধানৰ বাবেই বিশ্বৰ বিভিন্ন বিমানবন্দৰ সমূহত এতিয়া এনে টেক্সিব’ট প্ৰৱৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু ই লাভদায়ক হিচাপে বিবেচিত হৈছে।
ভাৰতবৰ্ষত পোনপ্ৰথমবাৰৰ বাবে ২০১৯ চনৰ অক্টোবৰ মাহত নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমান বন্দৰত এয়াৰ ইণ্ডিয়াই টেক্সিব’ট সেৱাৰ আৰম্ভণি কৰে। আৰু এই সেৱা নিয়মীয়াকৈ ব্যৱহাৰ কৰা এয়াৰ ইণ্ডিয়াই হৈছে বিশ্বৰ প্ৰথমটো বিমান সেৱা। এয়াৰ ইণ্ডিয়াৰ উপৰি বৰ্তমান প্ৰায়কেইটা ব্যক্তিগত বিমান সংস্থাই নতুন দিল্লীৰ বিমান বন্দৰত এই সেৱা গ্ৰহণ কৰিছে। ‘টেক্সিব’ট ইণ্ডিয়া’ৰ এটা তথ্য অনুযায়ী এতিয়ালৈকে এই সেৱা ব্যৱহাৰৰ ফলত ভাৰতত ৪৩০ মেট্ৰিক টন বিমান ইন্ধন ৰাহি, ১,৩৫৯ মেট্ৰিক টন কাৰ্বন নিৰ্গমন হ্ৰাস, ৫৪১ ঘণ্টা ইঞ্জিনৰ আয়ুসকাল ৰক্ষাৰ উপৰি আন ভালেমান ক্ষেত্ৰত ব্যয় সংকোচন সম্ভৱ হৈছে। দিল্লীৰ পাছত বেঙ্গালুৰু আৰু অন্যান্য ব্যস্ত বিমান বন্দৰ সমূহলৈও এতিয়া টেক্সিব’টৰ সেৱা সম্প্ৰসাৰণৰ কথা পৰিকল্পনাৰ পৰ্যায়ত আছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More