উত্তৰ লখিমপুৰৰ ভিন্ন স্থানত বিশ্ব পৰিৱেশ দিৱস উদযাপন

0 29

নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত 

উত্তৰ লখিমপুৰ,৫ জুনঃ ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনস্থ উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত জিলা ক্ৰীড়া কাৰ্যালয় আৰু সংস্কাৰ ৰুৰেল ছচিঅ’ ইকনমিক ডেভেলপমেণ্ট ছছাইটিৰ সহযোগত আজি চুতীয়াকাৰীস্থিত উত্তৰ লখিমপুৰ বিজ্ঞান তাৰকাগৃহৰ প্ৰাঙ্গনত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় ।WhatsApp Image 2023 06 05 at 1.29.19 PM 1উক্ত অনুষ্ঠানৰ সৈতে সংগতি ৰাখি তাৰকাগৃহৰ চাৰিওকাষে প্ৰায় অৰ্ধ শতাধিক গছপুলি ৰোপণ কৰাৰ লগতে গণেশ মন্দিৰৰ সমীপৰ পৰা চুতীয়াকাৰীস্থিত বিজ্ঞান কেন্দ্ৰ পৰ্যন্ত এটি চাইকেল ৰেলী বাহিৰ কৰা হয় ।আজি অনুষ্ঠিত উক্ত অনুষ্ঠানত নেহৰু যুৱ কেন্দ্ৰ, লখিমপুৰৰ জিলা যুৱ বিষয়া সুজাতা ভৌমিক,লখিমপুৰ বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ শৈক্ষিক সহায়িকা কস্তুৰী সোনোৱাল,লখিমপুৰ জিলা ক্ৰীড়া বিষয়া সমীৰ শইকীয়াই উপস্থিত ৰাইজক সম্বোধন কৰি অনুপ্ৰেৰণা মূলক বক্তৱ্য প্ৰদান কৰে। এই অনুষ্ঠানটিত লখিমপুৰ জিলা ক্ৰীড়া কাৰ্যালয়ৰ বুলুল দত্ত,উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ ৰূপম জ্যোতি চেতিয়া,ৰাষ্ট্ৰীয় স্বেচ্ছাসেৱক নৱজ্যোতি বৰা,বিতু গগৈ,একাধিক শাৰীৰিক প্ৰশিক্ষণাৰ্থী,সচেতন ব্যক্তি আৰু উত্তৰ লখিমপুৰ বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ কৰ্মচাৰীসকল উপস্থিত থাকি অনুষ্ঠানটিৰ সফল ৰূপায়ন কৰে ।

সেউজীয়া লখিমপুৰ আমাৰ সপোনৰ উদ্যোগত
WhatsApp Image 2023 06 05 at 3.26.30 PM 1বিগত ৫ বছৰে লখিমপুৰৰ বিভিন্ন স্থানত গছপুলি ৰোপন কৰি বৰ্তমান বৃক্ষলৈ ৰূপান্তৰ কৰিবলৈ সক্ষম হোৱা সেউজীয়া লখিমপুৰ আমাৰ সপোনৰ উদ্যোগত আজি লখিমপুৰৰ চিনাতলীয়াস্থিত বিশেষভাৱে সক্ষম বিদ্যালয়ত আৰক্ষী অধীক্ষকৰ সৈতে  বিশ্ব পৰিবেশ দিৱস পালন কৰা হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি বিশিষ্ট চিকিৎসক ডাঃ কণিকা গগৈয়ে অৱাসী সকলৰ স্বাস্থ্য পৰীক্ষা কৰে।

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত 
দেশৰ বাকী অংশৰ লগতে আজি লখিমপুৰ বাণিজ্য মহাবিদ্যালয়তো বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। সেই উপলক্ষে মহাবিদ্যালয়ৰ ইক’ ক্লাব আৰু এন এছ এছ গোটে “প্লাষ্টিক প্ৰদূষণক পৰাস্ত কৰক: সেউজ চাকৰিৰ প্ৰসাৰ কৰক” শীৰ্ষক এক বক্তৃতানুষ্ঠানৰ আয়োজন কৰে। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ লোহিত হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা আলোচনা কাৰ্যসূচীত ইক’ ক্লাবৰ সদস্য তথা লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ ইংৰাজী বিষয়ৰ সহকাৰী অধ্যাপক ড০ হৰিণী পাটোৱাৰী দাসে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে।নিৰ্বাচিত বিষয়টোৰ ওপৰত বক্তৃতা প্ৰদান কৰে মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক তথা বিশিষ্ট স্তম্ভলেখক অধ্যাপক ছাজ্জাদ হুছেইনে। ভাষণত অধ্যাপক হুছেইনে কয় যে প্লাষ্টিকে বাচন-বৰ্তনৰ পৰা আৰম্ভ কৰি বজাৰ কৰা মোনালৈকে দৈনন্দিন ব্যৱহাৰৰ বস্তুৰ ঠাই লোৱাৰ বাবে আধুনিক জীৱনৰ বাবে ই সম্পূৰ্ণ ক্ষতিকাৰক হৈ পৰিছে।WhatsApp Image 2023 06 05 at 1.43.09 PM তেওঁ যোৱা তিনিটা শতিকাত পশ্চিমীয়া ৰাষ্ট্ৰসমূহৰ ঔদ্যোগিক নিৰ্গমনে বিশ্বজুৰি পৰিৱেশৰ অৱক্ষয়ত কেনেদৰে অৰিহণা যোগাইছে আৰু যাৰ বাবে উন্নয়নশীল বিশ্বৰ সীমিত ঔদ্যোগিক ৰাষ্ট্ৰসমূহে সমানে ক্ষতিগ্ৰস্ত হৈছে সেই বিষয় সামৰি এক বিশ্লেষণ আগবঢ়ায়। সেউজ কৰ্মৰ সন্দৰ্ভত অধ্যাপক হুছেইনে কয় যে ই বৰ্তমান সময়ৰ চূড়ান্ত বাস্তৱতা য’ত কাৰ্যালয়ৰ যি কোনো কাম, বেংকৰ লেনদেন ডিজিটেল আৰু কাগজবিহীনভাৱে কৰিলে যথেষ্ট সংখ্যক গছ কটাৰ পৰা ৰক্ষা কৰিব পৰা যায়। সভাত উপাধ্যক্ষ গোপাল কুমাৰ চেত্ৰী আৰু অধ্যাপক তিলক চন্দ্ৰ ডেকায়ো ভাষণ প্ৰদান কৰে। সভাপতিৰ ভাষণত অধ্যক্ষ ড০ লোহিত হাজৰিকাই মহাবিদ্যালয়খনৰ সেউজ পদ্ধতিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি শিক্ষকসকলক ইয়াক কাৰ্যকৰী কৰিবলৈ উদ্ভাৱনী প্ৰক্ৰিয়া প্ৰণয়ন কৰিবলৈ আহ্বান জনায়।লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ এন এছ এছ গোটৰ কাৰ্যসূচী বিষয়া অধ্যাপক পংকজ লোচন দাসে আগবঢ়োৱা শলাগৰ শৰাইৰে সভাৰ অন্ত পৰে।।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More