অৰুণাচলীৰ গুলীত অসমৰ দুজন লোক নিহত

উত্তপ্ত গোগামুখঃ ক্ষুব্ধ জনতাৰ ৰোষত চুৰ্চুমৈ ১২-১৫ খন অৰুণাচলী বাহন

0 91

অৰুণাচললৈ ঘূৰাই পঠালে শতাধিক বাহনঃ অৰুণাচলী মহিলা আহতঃ গোগামুখত অৰুণাচলী কাণ্ডৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল শ শ লোকঃ অৰুণাচল আৰক্ষীলৈ চোচাঃ সীমান্তৰ ৰাইজৰ নিৰাপত্তা নিশ্চিত কৰক, দোষীক কঠোৰ শাস্তি দিয়কঃ সদৌ অসম ছাত্ৰ সন্থাঃ লখিমপুৰত যুৱ-ছাত্ৰ পৰিষদে জ্বলালে গৃহমন্ত্ৰীৰ পুত্তলিকা

শতাব্দ ষ্টাফ ৰিপ’টাৰ, লখিমপুৰ, ৫ জুন ঃ ধেমাজি জিলাৰ পাণবাৰীত আজি অৰুণাচলী দুবৃৰ্ত্তই দুজন লোকক গুলিয়াই নিহত কৰাৰ লগতে আন দুজনক আহত কৰা আৰু তিনিজনক অপহৰণ কৰা কাৰ্যৰ বিৰুদ্ধে আজি গোগামুখ উত্তপ্ত হৈ পৰে৷ পৰিৱেশ দিৱসৰ মাজতে সংঘটিত হোৱা এই ঘটনাই ৰাজ্য জোকাৰি গৈছে৷ পুৱাবেলা জয়ৰামপুৰৰ পাণবাৰীৰ কেচাই খাটনিত এই ঘটনা সংঘটিত হোৱাৰ পিছত বিয়লি গোগামুখত একাংশ লোক স্বতঃস্ফুট ভাৱে ৰাজপথলৈ ওলাই আহে আৰু অৰুণাচলীৰ বিৰুদ্ধে পথ অৱৰোধ কৰি অৰুণাচলৰ পৰা অহা বিভিন্ন সৰু বৰ বাহন এফালৰ পৰা ভাঙিবলৈ ধৰে৷ বিয়লি ৩-৪ বজাত এই ঘটনা সংঘটিত হোৱাত অৰুণাচল প্ৰদেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ব্যক্তিগত বাহন বিশেষকৈ বলেৰ’, স্কৰপিঅ’, টাটা মবাইলকে ধৰি ১২-১৫ খন বাহন ভাঙি চুৰ্চুমৈ কৰে৷ একাংশ লোকে আকৌ অৰুণাচল প্ৰদেশৰ পাচিঘাট, আলং আদিৰ পৰা অহা বহু বাহন গোগামুখৰ পৰা ঘূৰাই পঠায়৷ তেনেদৰে ইটানগৰ, কিমিন আদিৰ পৰা অৰুণাচল প্ৰদেশৰ এন এইচ পি চি, চিলাপথাৰ, লিকাবালি, আলং, পাচিঘাট, জোনাই আদিলৈ যাবলৈ অহা অৰ্ধশতাধিক সৰু-বৰ যানবাহন ঘূৰাই পঠোৱা হয়৷ উত্তেজিত লোকসকলে গোগামুখত একপ্ৰকাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাত অৰুণাচলৰ এগৰাকী মহিলাও আহত হয়৷ অৰুণাচলৰ কেউদিশৰ পৰা অহা বাহনসমূহ গোগামুখত আজি উপস্থিত হোৱাৰ সময়তে এনে পৰিস্থিতিৰ সৃষ্টি হয়৷ অৱশ্যে ঘটনাস্থলীত সন্ধিয়াৰ পূৰ্বে ধেমাজিৰ আৰক্ষী অধীক্ষক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে উত্তেজিত লোকসকলক আঁতৰাই পঠাবলৈ সক্ষম হয়৷ উল্লেখ্য আজি অৰুণাচলীৰ এনে বৰ্বৰ কাণ্ডৰ প্ৰতিবাদত শ শ লোকে গোগামুখৰ ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে দোষীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনায়৷ আজি ইটানগৰৰ পৰা পাচিঘাট অভিমুখী অৰুণাচল প্ৰদেশ আৰক্ষীৰ বাহনৰ লগতে অৰুণাচল আৰক্ষীকো গোগামুখত একাংশ ক্ষুব্ধ লোকে আক্ৰমণৰ চেষ্টা চলায়৷ যাৰবাবে অহা বাটে অৰুণাচলৰ শ শ বাহন ঘূৰি যাবলগা হয়৷
সীমান্তত ৰাইজৰ নিৰাপত্তা নিশ্চিত কৰক – আছু
ধেমাজি জিলাৰ বৰদলনিৰ জয়ৰামপুৰৰ পাণবাৰীত আজি সংঘটিত হোৱা অমানৱীয় কাণ্ডৰ বিৰুদ্ধে জাঙোৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থা৷ সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মাই আজি কাকতলৈ প্ৰেৰণ কৰা এক বিবৃত্তিত কয় যে অসম চৰকাৰে সীমান্তৰ ৰাইজৰ নিৰাপত্তা নিশ্চিত কৰিবই লাগিব৷ একেদৰে আছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই একেটা বিবৃতিত কয় যে ধেমাজিৰ বৰদলনিৰ জয়ৰামপুৰৰ পাণবাৰীত আজি বিশ্ব পৰিৱেশ দিৱসৰ গছ-গছনি ৰোপণ কৰোতে অৰুণাচলৰ পৰা অহা দুৰ্বৃত্তই গুলীচালনা কৰি দুজন অসমীয়াক হত্যা কৰা কাৰ্যক আছুৱে কেতিয়াও ক্ষমা নকৰে৷ এই ঘটনাত কেবাজন লোক আহত আৰু কেবাজন নিখোজ হৈ থকা কাৰ্যৰ বিৰুদ্ধেও ছাত্ৰ নেতাজনে তীব্ৰ ক্ষোভ ব্যক্ত কৰে৷ এই ঘটনাৰ লগত জড়িত দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰি নিহত-আহত সকলৰ ক্ষেত্ৰত সম্পূৰ্ণ দায়িত্ব চৰকাৰে গ্ৰহণ কৰক বুলি কয়৷ অসমৰ সীমান্তত বসবাস কৰা ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা চৰকাৰে নিশ্চিত কৰিব লাগিব বুলিও তেওঁ হুংকাৰ দিয়ে৷
লখিমপুৰত গৃহমন্ত্ৰীৰ পুত্তলিকা দাহ
ধেমাজিৰ পাণবাৰী কাণ্ডই আজি লখিমপুৰতো তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে৷ অৰুণাচলীৰ এনে বৰ্বৰ কাণ্ডৰ বিৰুদ্ধে আজি বিয়লি লখিমপুৰ নগৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লখিমপুৰ জিলা সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ আজি বিয়লি যুৱ ছাত্ৰ পৰিষদে ৰাজ্যৰ গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰীৰ দুৰ্বল ভূমিকাৰ বাবেই আজি সীমান্তত খিলঞ্জীয়া অসমীয়াৰ নিৰাপত্তা নোহোৱা হৈছে বুলি যুৱ-ছাত্ৰ পৰিষদে অভিযোগ তোলে৷ তেওঁলোকে পাণবাৰী কাণ্ডৰে জড়িত দোষীক শীঘ্ৰে কৰায়ত্ত কৰাৰ দাবী জনায়৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More