উদ্ধাৰ ১৮ মিলিয়ন বছৰ পুৰণি জুৰাছিক যুগৰ সম্পদ!

পোৱা গ'ল 3D মাছকে ধৰি ১০০ৰো অধিক জীৱাশ্ম

0 11
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৪ আগষ্টঃ বিজ্ঞানীসকলে প্ৰায়েই পৃথিৱীৰ বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণৰ জীৱাশ্ম বিচাৰি পায়। যিবোৰে নিত্য নতুন ৰহস্য উন্মোচন কৰে। এই ক্ষেত্ৰত শেহতীয়াকৈ ইংলেণ্ডৰ এখন পথাৰত জুৰাছিক যুগৰ জীৱাশ্মৰ এটা ভাৰ্চুৱেল ‘ট্ৰেজাৰ ট্ৰ’ভ’ পোৱা গৈছে। এই ফাৰ্মখন গ্ল’চেষ্টাৰশ্বাৰৰ বাহিৰৰ অঞ্চলত অৱস্থিত। তদুপৰি গৰু-ম’হৰ চৰণীয়া পথাৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল। স্বাভাৱিকতে এই চৰণীয়া পথাৰত লুকাই থকা ১ কোটি ৮০ লাখ বছৰ পুৰণি ৰহস্যৰ কথা কোনেও কল্পনা কৰিব নোৱাৰে! জানিব পৰা মতে শেহতীয়াকৈ গৱেষকসকলে তাৰ পৰাই মাছৰ জীৱাশ্মৰ অৱশিষ্ট উদ্ধাৰ কৰে। সাগৰীয় দানৱ, ইচথিঅ’ছ’ৰ, স্কুইড, পোক-পৰুৱা আদি প্ৰাচীন প্ৰাণীৰ জীৱাশ্মও পোৱা গৈছে। এই ক্ষেত্ৰত বিজ্ঞানীসকলে ভাবে যে এই ক্ষেত্ৰখন ১ কোটি ৮০ লাখ বছৰ পুৰণি। ইফালে, খননৰ সময়ত বিজ্ঞানীসকলে এটা মাছৰ মূৰসহ ১০০ৰো অধিক জীৱাশ্ম উদ্ধাৰ কৰে, যিটো 3Dত সম্পূৰ্ণৰূপে সংৰক্ষিত হৈ আছে। জনা যায় যে এই মাছ বিলুপ্ত প্ৰজাতিৰ Pachycomersৰ অন্তৰ্গত। এটা চূণশিলৰ ওপৰত ইয়াৰ জীৱাশ্ম গঠন হৈছিল। তদুপৰি ইয়াত মাছৰ চকুৰ গঠন স্পষ্টকৈ দেখা যায়। বাৰ্মিংহাম বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰ ভূতত্ত্ববিদ নেভিল হলিংছৱৰ্থে তেওঁৰ পত্নী চেলিৰ সৈতে এই স্থান আৱিষ্কাৰ কৰিছিল বুলি কোৱা হৈছে।
* সম্পূৰ্ণ সংৰক্ষিত মাছ
চেলিয়ে কয়— “আমি আগতে এনেকুৱা একোৱেই দেখা নাই। ইয়াত মাছৰ প্ৰতিটো অংশ স্পষ্টকৈ দেখা যায়। কেৱল সেয়াই নহয়, চকুৰ ফুটাটোও দেখা যায়।” ইয়াত পোৱা জীৱাশ্মক লৈ দম্পতিটো ইমানেই উৎসাহিত হৈছে যে তেওঁলোকে ইতিমধ্যে ‘থিংক ছী থ্ৰীডি’ নামৰ কোম্পানী এটাৰ সৈতে চুক্তিবদ্ধ হৈছে। য’ত জীৱাশ্মৰ 3D মডেল তৈয়াৰ কৰা হ’ব। ফলত তেওঁলোকে সেইবোৰ নিবিড়ভাৱে নিৰীক্ষণ কৰিব পাৰে। বিজ্ঞানীসকলৰ মতে, ব্ৰিটেইনৰ এই অঞ্চল এসময়ত সাগৰত ডুব গৈ আছিল। মানচেষ্টাৰ বিশ্ববিদ্যালয়ৰ বিজ্ঞানী ডিন লোমেক্সে কয় যে জীৱাশ্মবোৰ পলসৰ দ্বাৰা সুৰক্ষিত হৈ আছিল। মাছটো মৰাৰ পিছত নিশ্চয় সাগৰৰ গভীৰতালৈ গৈছিল। সাগৰৰ পৰা বাকী থকা খনিজ পদাৰ্থই হয়তো ইয়াৰ দাঁত আৰু হাড়ৰ ঠাই লৈছে। এই মাহত প্ৰায় ৮০ মিটাৰ পথাৰখন খনন কৰা হৈছে। য’ত বহু জীৱাশ্ম পোৱা গৈছে। এই ক্ষেত্ৰত সংশ্লিষ্ট দলটোৱে নমুনাসমূহৰ ওপৰত নিৰীক্ষণ অব্যাহত ৰখাৰ পৰিকল্পনা কৰিছে আৰু শীঘ্ৰেই সবিশেষ প্ৰকাশ কৰা হ’ব বুলি জানিবলৈ দিছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More