দাদুল দেৱকৃষ্ণ বৰুৱা
মানুহজনে নিজৰ পথাৰত কাম-কাজ কৰি থকা সময়ত সুৰক্ষাকৰ্মীৰ দৰে থিয় হৈ থাকে সি, ছন্দোময় হাতচাপৰিৰ শব্দ কৰি ডেউকা জোকাৰি থাকে। মানুহজনৰ বাদে আন কাৰোৰেপৰা খাদ্যও গ্ৰহণ নকৰে। আনকি মানুহজনে মটৰচাইকেল চলাই গ’লেও তেওঁৰ পিছে পিছে, ওপৰে ওপৰে বা কাষে কাষে উৰি যায় সি। যেন মানুহজনৰ ব্যক্তিগত দেহৰক্ষী! এয়াই হৈছে এটা আনুগত্যশীল সাৰস পক্ষী বা কৰ্চন চৰাই (sarus crane) আৰু আৰিফ খান গুৰ্জৰ নামৰ ৩০ বছৰীয়া লোকজনৰ দৈনন্দিন কাহিনী।
গুৰ্জৰ খোজকাঢ়ি যাওঁতে, ঘৰৰ ভিতৰত আৰু পথাৰত কাম-কাজ কৰোঁতে, মটৰচাইকেলেৰে উত্তৰ প্ৰদেশৰ মান্ধাকা গাঁৱৰ সৰু সৰু ৰাস্তাবোৰেৰে পাক মাৰি থাকোঁতে খোজ কাঢ়ে আৰু উৰে তেওঁৰ বন্ধু। তুলি তালি ডাঙৰ-দীঘল কৰা মানুহজনৰ সৈতে আত্মিক বান্ধোনেৰে বান্ধ খাই পৰিছে বিশ্বৰ আটাইতকৈ ওখ উৰণীয়া চৰাইবিধ।
ছ’চিয়েল মিডিয়া আৰু অন্যান্য মিডিয়া প্লেটফৰ্মত বহুল প্ৰচাৰ হোৱা এই কাহিনীটো আৰম্ভ হৈছিল যোৱা বছৰৰ ফেব্ৰুৱাৰী মাহৰ ঠাণ্ডা পুৱা এটাত; যেতিয়া গুৰ্জৰে নিজৰ পথাৰত অচেতন অৱস্থাত পৰি থকা চৰাইটো পাইছিল। তেওঁ চৰাইটো মৰি পৰি থকা বুলি ভাবিছিল যদিও চুই চাই বুজি পালে যে তেতিয়াও উশাহ লৈ আছিল চৰাইটোৱে। তেওঁ ততালিকে ঘৰলৈ লৈ যোৱাৰ সিদ্ধান্ত ল’লে।
এখন ঠেঙৰপৰা তেজ ওলাই আছিল চৰাইটোৰ। ঘৰলৈ নি তেওঁ আঘাতপ্ৰাপ্ত ঠেংখন পৰিষ্কাৰ কৰি ঘাঁৰ চিকিৎসাৰ বাবে হালধি আৰু সৰিয়হৰ তেলৰ মিশ্ৰণ লগালে। ঠেংখন যাতে লৰচৰ কৰিব নোৱাৰে আৰু সুৰক্ষিত হৈ থাকে, সেইটো নিশ্চিত কৰিবলৈ তেওঁ বাঁহৰ কাঠীৰে বিশেষ কায়দাৰে বান্ধি দিছিল; যিটো পদ্ধতি আমাৰ গ্ৰাম্য অঞ্চলতো হাড়ভঙাৰ চিকিৎসাৰ বাবে জনপ্ৰিয় ঔষধ বুলি গণ্য কৰা হয়। কষ্টসাধ্য যত্নই আৰিফক লভ্যাংশ দিলে।
গুৰ্জৰে পিটিআইক জনায়— “এই সাৰসটো এতিয়া পৰিয়ালৰ সদস্যৰ দৰে। কেইবাবাৰো মই ইয়াক পথাৰত এৰি দিলোঁ নিজৰ প্ৰজাতিৰ চৰাইৰ ওচৰলৈ উৰি যাবলৈ; কিন্তু ই মোক এৰি যাবলৈ অস্বীকাৰ কৰে। প্ৰতিবাৰেই ই মোৰ ওচৰলৈ ঘূৰি আহে। এতিয়া ময়ো ইয়াক ক’লৈকো যোৱাটো নিবিচাৰোঁ।”
WWFIndiaৰ তথ্য অনুসৰি সাৰস পক্ষী বা কৰ্চন চৰাই হৈছে পৃথিৱীৰ আটাইতকৈ ওখ উৰণীয়া চৰাই। ইয়াৰ উচ্চতা ১৫২-১৫৬ ছেণ্টিমিটাৰ আৰু ডেউকাৰ দৈৰ্ঘ্য ২৪০ ছেণ্টিমিটাৰ। animalia.bio ৰ মতে, sarus cranes সৰ্বভোজী, আৰু বিভিন্ন ধৰণৰ খাদ্য খায়। যেনে— জলজ উদ্ভিদ, বীজ, ধান আৰু অন্যান্য শস্য, শামুক, ডাঙৰ পোক যেনে ফৰিং, উভচৰ, সৰীসৃপ, সৰু মেৰুদণ্ডী প্ৰাণী আৰু মাছ। কিন্তু গুৰ্জৰৰ সতে বন্ধুত্ব কৰা এই সাৰসটোৰ খাদ্য-তালিকা সুকীয়া। এই বিষয়ে গুৰ্জৰে কয়— “মোৰ বেছি খৰচ নহয়। চৰাইটোৱে ঘৰতে বনোৱা খাদ্য খায়। আমি কোনো অতিৰিক্ত বা বিশেষ একো প্ৰস্তুত নকৰোঁ।’’
অঞ্চলটোৰ মানুহৰ বাবে চিনাকি দৃশ্য হৈ পৰিছে আৰিফ আৰু চৰাইটোৰ বন্ধুত্বৰ মন শাঁত পেলোৱা দৃশ্য। আশে-পাশে গুৰ্জৰক বিচাৰি নাপালে চৰাইটো অস্থিৰ হৈ পৰে। তেওঁক নেদেখিলে জোৰেৰে চিঞৰি উঠে আৰু ওচৰলৈ অহা আন লোকক খুঁটি দিয়ে। আচলতে এই বন্ধন ইমানেই তীব্ৰ যে ঘেঁহু, ধান আৰু অন্যান্য শস্যৰ বীজ সিঁচিবলৈকো লগত চৰাইটো নিনিয়াকৈ গুৰ্জৰে তেওঁৰ ঘৰৰপৰা এখোজো বাহিৰ ওলাব নোৱাৰে। নিজৰ অভিজ্ঞতাৰ বিষয়ে তেওঁ এনেদৰে কয়— “যোৱা এছৰত মই কোনো পৰিয়ালৰ অনুষ্ঠানত অংশগ্ৰহণ কৰা নাই; কাৰণ মই ইয়াক এৰি ক’লৈকো যাব নোৱাৰোঁ। যদি ই মোক ওচৰে পাজৰে নাপায়, তেন্তে ই অস্থিৰ হৈ পৰে। যদি মই কিবা কামৰ বাবে যাবলগীয়া হয়, তেন্তে মই তাক বন্দী কৰি থৈ যাব লাগিব। ৰাতি মোৰ বিছনাৰ কাষতে এখন ঠেঙৰ ওপৰত ভৰ দি চৰাইটো শুই থাকে।’’ গুৰ্জৰে লগতে কয়— “মই চৰাইটোৰ যত্ন লোৱাত বহু সময় কটাওঁ যদিও মোৰ পৰিয়ালে সেইটোত আপত্তি নকৰে। চৰাইটোক পৰিয়ালৰ সদস্য হিচাপে গ্ৰহণ কৰিছোঁ আমি। মোৰ এটা পোহনীয়া কুকুৰো আছে। আমাৰ সকলোৰে লগতে সিও চৰাইটোক ভাল পায়।” আন যিকোনো পোহনীয়া জন্তুৰ দৰেই এই সাৰস পক্ষীটোৱে তেওঁক বুজি পায় আৰু তেওঁৰ নিৰ্দেশনা মানি চলে বুলি গুৰ্জৰে কয়।
WWFIndia ৰ মতে, প্ৰধানকৈ ধূসৰ ডেউকা, মূৰ আৰু ডিঙিৰ একাংশ ৰঙা পাখি তথা শেঁতা ৰঙা ঠেংযুক্ত সাৰস পক্ষীবোৰ সামাজিক জীৱ; বেছিভাগকে যোৰা বা তিনি বা চাৰিজনীয়া সৰু গোটত পোৱা যায়। ইহঁতে একক সংগীৰ সৈতে আজীৱন যোৰ পতা বুলি জনা যায়। এসময়ত উত্তৰ প্ৰদেশ, বিহাৰ, ৰাজস্থান, পশ্চিমবংগ, গুজৰাট, মধ্যপ্ৰদেশ আৰু অসমৰ ধাননি পথাৰত সাৰস পক্ষী বা কৰ্চন চৰাই বিচৰণ কৰি থকাটো সাধাৰণ দৃশ্য হিচাপে পৰিগণিত হৈছিল যদিও বৰ্তমান ভাৰতত মাত্ৰ ১৫,০০০-২০,০০০ সাৰস পক্ষী থকাৰ তথ্য পোৱা যায়। ইয়াৰে গৰিষ্ঠসংখ্যক উত্তৰ প্ৰদেশত আছে বুলি জনা যায়।
যি সময়ত অসম মুলুকত বিলুপ্তিৰ দুৱাৰদলিত উপনীত হোৱা শগুনৰ মৃত্যু নৈমিত্তিক ঘটনাৰ দৰে হৈ পৰিছে, তেনে সময়ত উত্তৰ প্ৰদেশৰ এই মানুহ আৰু পক্ষীৰ বন্ধুত্বৰ কাহিনীয়ে আমাক এক নতুন বাৰ্তা দিছে।
(ফটো PTIৰ সৌজন্যত)