শোণিতপুৰত বাল্য বিবাহ প্ৰতিৰোধৰ বিষয়ে সজগতা সভা

0 17
শতাব্দ প্রতিনিধি, তেজপুৰ, ১ মাৰ্চঃ ৰাজ্যখনত বাল্য বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত শেহতীয়াকৈ অসম চৰকাৰে গ্ৰহণ কৰা বিশেষ পদক্ষেপৰ লগত সংগতি ৰাখি যোৱা ২৮ ফেব্ৰুৱাৰী মঙ্গলবাৰে শোণিতপুৰ জিলা প্ৰশাসন আৰু জিলা শিশু সুৰক্ষা সমিতিৰ উদ্যোগত উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন বিশেষ সজাগতা সভা অনুষ্ঠিত হৈ যায়।
সভা সভাপতিত্ব কৰি শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই বৈঠকত উপস্থিত অংশীদাৰসকলক বাল্যবিবাহৰ বিৰুদ্ধে চৰকাৰে চলোৱা যুঁজখনত সহায় কৰি যাবলৈ আহবান জনোৱাৰ লগতে এনে বিবাহৰ খবৰ পালেই  বাল্য বিবাহ প্ৰতিৰোধ বিষয়াৰ দায়িত্বত থকা পঞ্চায়ত সচিব নাইবা নিকটৱৰ্তী আৰক্ষী থানাত যোগাযোগ কৰিবলৈ উপায়ুক্তগৰাকীয়ে আহবান জনায় ৷ তেখেতে লগতে বাল্য বিবাহৰ লগত জড়িত বুলি ধৰা পৰা সকলোৰে বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দি আৰু এই সামাজিক ব্যাধি দূৰ কৰা ক্ষেত্ৰত তৃণমূল পৰ্যায়ত সচেতনতা সৃষ্টিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷ সভাত শোণিতপুৰ জিলা পৰিষদৰ সভানেত্ৰী ডলী ছুৰিন, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, কৰবী শইকীয়া কৰণ, বিশিষ্ট সমাজকৰ্মী বতাশ ওৰাং, অতিৰিক্ত উপায়ুক্ত দ্যোটিভা বৰা, অতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰিমা দাস,  স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ জে আহমেদ, শিশু কল্যাণ সমিতিৰ অধ্যক্ষ, আশা বৰা, লগতে সংশ্লিষ্ট বিভাগৰ অন্যান্য মুৰব্বী বিষয়াসকল সভাত উপস্থিত থাকে। ইয়াৰ উপৰিও, জিলাখনৰ কেউগৰাকী চক্ৰ বিষয়া, খণ্ড উন্নয়ন বিষয়া, শ্ৰম বিভাগ, স্বাস্থ্য বিভাগৰ বিষয়া, বিশেষ দত্তক সংস্থাৰ বিষয়া, শিশু সুৰক্ষা সমিতি, জিলা আইন সেৱা প্ৰাধিকৰণ, গাঁও পঞ্চায়তৰ সচিব, চাহ বাগিছা কৰ্তপক্ষ,, স্বেচ্ছাসেৱী সংগঠন, বিভিন্ন আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকল আৰু বিভিন্ন অংশীদাৰকে ধৰি প্ৰায় ৩০০ গৰাকী ব্যক্তিয়ে এই সজাগতা সভাখনত অংশগ্ৰহণ কৰে। শোণিতপুৰৰ জিলা শিশু সুৰক্ষা বিষয়া অঞ্জলি আৰ্য্যই বাল্য বিবাহ প্ৰতিৰোধ বিষয়া হিচাপে নিযুক্ত গাঁও পঞ্চায়তসমূহৰ সচিবসকলক তেখেতসকলৰ দায়িত্ব, শিশু সুৰক্ষা ব্যৱস্থা, বাল্য বিবাহ নিষেধাজ্ঞা বিষয়াৰ ভূমিকা আৰু দায়িত্ব সম্পৰ্কে বিষদভাৱে আলোচনা কৰি প্ৰতিটো উন্নয়ন খণ্ডৰ অধীনত উন্নয়ন খণ্ড শিশু সুৰক্ষা সমিতি (BLCPC)আৰু গাঁও পৰ্যায়ৰ শিশু সুৰক্ষা সমিতি (VLCPC) সমূহ শক্তিশালী কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More