এন এইচ পি চিত তৃতীয় দিনাও স্তব্ধ কাম-কাজ

সোৱণশিৰিৰ বানত নামনিৰ বহু গাঁও জলমগ্ন

0 27
শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ৬ ছেপ্টেম্বৰঃ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত সৃষ্টি হোৱা সংকট আজিও আঁতৰা নাই৷ আজি তৃতীয় দিনাও নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম-কাজ একপ্ৰকাৰে স্তব্ধ হৈ আছে৷ যোৱা দেওবাৰৰ পৰা বৃহৎ নদীবান্ধ প্ৰকল্পটোৰ কেবাখনো গেটৰ লগতে মূল বান্ধৰ ওপৰেৰে পানী বাগৰা কাৰ্য আজি তৃতীয় দিনাও অব্যাহত আছে৷ অৰুণাচল প্ৰদেশৰ দুৰ্গম এলেকাত হোৱা বৰষুণৰ ফলত সোৱণশিৰি নদীৰ বক্ষৰে পানী বাগৰি অহাৰ ফলত এন এইচ পি চি চৌহদৰ লগতে নামনিতো একপ্ৰকাৰে আতংকৰ সৃষ্টি হৈ আহিছে৷ প্ৰকল্পস্থলীৰ পৰা শ্ৰমিক কৰ্মচাৰীসকলক আঁতৰাই নিয়াৰ পিছত আজিও তেওঁলোকক কামকাজত নিয়োজিত কৰা নাই৷ অৱশ্যে আজি পুৱা বেলা পানীৰ সোঁত কিছু কমিছিল যদিও বিয়লিলৈ পুনৰ একেদৰে পানী প্ৰবাহিত হয়৷ ইফালে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পৰা বৈ অহা পানীয়ে লখিমপুৰ জিলাৰ নামনিৰ বহু গাঁও জলমগ্ন কৰি তুলিছে৷ আজি সোৱণশিৰি বানত লখিমপুৰ ৰাজহ চক্ৰৰ কুহিমাৰী, পতিয়া, মহাইজান, মহাইজান মিচিং গাঁৱকে ধৰি লোহিত খাবলু, পূৱ তেলাহী আদি গাঁও পঞ্চায়তৰ বিভিন্ন গাঁও জলমগ্ন হৈ পৰাৰ ফলত পোহনীয়া জীৱ-জন্তু আৰু মানুহৰো বিলাই বিপত্তি নোহোৱা হৈছে৷ গেৰুকামুখৰ নিৰ্মীয়মান নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো বন্ধ কৰাৰ বাবে বিভিন্ন দল-সংগঠনে দাবী জনাই অহাৰ সময়তে এন এইচ পি চিত সময়ে সময়ে মূল বান্ধৰ ওপৰেৰে পানী বাগৰি একপ্ৰকাৰে আতংকৰ সৃষ্টি কৰি আহিছে৷ উল্লেখ্য যে যোৱা দুদিন ধৰি এন এইচ পি চিত প্ৰচণ্ড শব্দৰে পানী বাগৰাৰ ফলত শ্ৰমিক কৰ্মচাৰীসকলৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হোৱাত এন এইচ পি চি কতৃৰ্পক্ষই ইয়াৰ একাংশ শ্ৰমিক কৰ্মচাৰীক প্ৰকল্পস্থলীৰ পৰা স্থানান্তৰ কৰিবলৈ বাধ্য হৈছে৷ বান্ধত বিদ্যুৎ উৎপাদন হোৱাৰ পূৰ্বেই সময়ে সময়ে দেখা দি অহা এনে অঘটনে নামনিবাসীলৈ অশনি সংকেত কঢ়িয়াই আনিছে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More