এন এইচ পি চিত পুনৰ ভয়াৱহ ভূমিস্খলন

লখিমপুৰ-ধেমাজি-মাজুলীলৈ অশনি সংকেতঃ ৰঙানদীত নীপকোৱে খুলিলে গেট

0 19
শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ৯ অক্টোবৰঃ পুনৰ ভয়াৱহ ভূমিস্ফলনৰ ঘটনা সংঘটিত হৈছে সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত৷ যোৱা কেইবাদিনো ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত পুনৰ এন এইচ পি চিত অঘটন ঘটিছে৷ জলবিদ্যুৎ প্ৰকল্পটোৰ ২ নং ডাইভাৰ্চন টাৰ্নেলৰ ওপৰত পাহাৰৰ পৰা খহি অহা মাটিয়ে প্ৰকল্পটোত বিভীষিকাৰ সৃষ্টি কৰিছে৷ অত্যধিক বৰষুণৰ বাবে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত সঘনাই ভূমিস্ফলন ঘটাৰ ফলত প্ৰকল্পটোৰ কাম কাজ স্থবিৰ হৈ পৰাৰ লগতে ইতিপূৰ্বে খহি পৰা গাৰ্ড ৱালেৰে সোমোৱা পানীয়ে এন এইচ পি চিৰ পাৱাৰ হাউচ এতিয়াও জলমগ্ন কৰি ৰাখিছে৷ অৱশ্যে দিনে নিশাই অত্যাধুনিক যন্ত্ৰৰে পানী সিঁচাৰ কাম অব্যাহত আছে যদিও পানী সিঁচি শেষ কৰিব নোৱৰাত আৰু বৃহৎ পানী পাম্প পুনৰ এন এইচ পি চিলৈ অনা হৈছে৷ ইফালে গেৰুকামুখত সঘনাই ভূমিস্ফলনৰ ঘটনাই একপ্ৰকাৰে অশনি সংকেত কঢ়িয়াই আনিছে৷ উল্লেখ্য যে ২০০০ মেগাৱাট শক্তি সম্পন্ন এন এইচ পি চিৰ বৃহৎ নদীবান্ধে লখিমপুৰ, ধেমাজি, মাজুলীলৈ বিপদৰ আগজাননী কঢ়িয়াই আনিছে৷ যোৱা এটা পষেক ধৰি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ চৌপাশৰ গেৰুকামুখ পাহাৰত প্ৰকৃতিয়ে চলাইছে তাণ্ডৱ৷ যাৰ ফলত থুনুকা পাহাৰ মাটি তললৈ খহি পৰিছে৷ ২ নং ডাইভাৰ্চন টাৰ্নেলটো খহনীয়াত বিধবস্ত হৈ পৰাৰ পিছৰে পৰা পাহাৰটোত ধাৰাবাহিক খহনীয়া অব্যাহত আছে৷ দুদিন পূৰ্বে পানী কিছু শুকাইছিল যদিও পুনৰ প্ৰকল্পটোৰ মূল বান্ধৰ ওপৰেৰে পানী বাগৰিবলৈ ধৰিছে৷ এনে অৱস্থাত এন এইচ পি চি কতৃৰ্পক্ষই দিকবিদিক হেৰুৱাই পেলাইছে৷ ইতিমধ্যে এন এইচ পি চিৰ চৌহদত থকা সকলো শ্ৰমিক কৰ্মচাৰীক সতৰ্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে৷ লক্ষণীয় কথা যে পূৰ্বৰ বিশেষজ্ঞ সমিতিয়ে গেৰুকামুখৰ দৰে থুনুকা পাহাৰত এনেধৰণৰ বৃহৎ নদীবান্ধ প্ৰকল্প যে সুৰক্ষিত নহয় এই কথা বহুবাৰ স্পষ্ট কৰি দিছিল৷ প্ৰাকৃতিক দুৰ্যোগ বা ভূমিকম্পৰ বাবে গেৰুকামুখৰ বৃহৎ বান্ধ বিপদজনক বুলি প্ৰতিবেদনত উল্লেখ কৰিছিল৷ সমান্তৰাল ভাৱে বিভিন্ন দল সংগঠনে বৃহৎ নদীবান্ধটোৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ লক্ষণীয় কথা যে এন এইচ পি চিয়ে এইসকল বিশেষজ্ঞৰ প্ৰতিবেদন আৰু দল-সংগঠনৰ আন্দোলনক অংগুষ্ঠ প্ৰদৰ্শন কৰি বৃহৎ IMG 20221009 WA0020নদীবান্ধৰ কাম চলাই গৈছে৷ এনে সময়তে এন এইচ পি চি কতৃৰ্পক্ষ প্ৰকৃতিৰ ৰোষত পৰি বাৰুকৈয়ে জ্বলা-কলা খাব লগা হৈছে৷ আনহাতে অৰুণাচল প্ৰদেশৰ লগতে লখিমপুৰ জিলাৰ সীমান্ত অঞ্চলত হৈ থকা বৰষুণৰ বাবে নীপকোৱে ৰঙানদীত পানী এৰি দিবলৈ বাধ্য হৈছে৷ যাৰ ফলত লখিমপুৰ জিলাৰ আমতলা, মলোৱাল আদিত একপ্ৰকাৰে বানৰ আশংকাত ৰাইজ ত্ৰস্ত হৈ পৰিছে৷ একেদৰে সোৱণশিৰি নদীৰ ভয়াৱহ গৰা খহনীয়াত তচনচ হৈ পৰিছে ভীমপৰা মথাউৰিটো৷ সোৱণশিৰি নদীয়ে ভীমপৰা মথাউৰিৰ ঘনচৰাই নআলি, তেলীয়া পথাৰত এতিয়া মথাউৰিটো প্ৰায় সম্পূৰ্ণ ৰূপে জাহ যোৱাৰ পিছত এই অংশৰে পানী সোমোৱাৰ উপক্ৰম ঘটিছে৷ ইফালে তেলাহী মৌজাত সম্ভাব্য বানৰ আশংকাত ইতিমধ্যে ন-আলি তেলীয়া পথাৰৰ বহু পৰিয়াল নিৰাপদ স্থানলৈ ঢাপলি মেলিছে৷ মথাউৰিৰ ওপৰত লখিমপুৰ জিলা প্ৰশাসনে এছ ডি আৰ এফ বাহিনীকে ধৰি বিভিন্ন লোকক সষ্টম কৰি ৰাখিছে৷ আজি নিশালৈ ঘনচৰাই মথাউৰিটো সম্পূৰ্ণ ৰূপে নদীত জাহ যোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে স্থানীয় লোকে৷ লখিমপুৰ জলসম্পদ বিভাগে মথাউৰিটো সুৰক্ষাৰ বাবে দিনে নিশাই সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও তেওঁলোকৰ এই প্ৰচেষ্টা অথলে যোৱাতো প্ৰায় নিশ্চিত হৈ পৰিছে৷ সোৱণশিৰি বান্ধৰ পানীয়েও ভীমপৰা মথাউৰিৰ ঘনচৰাইত খুন্দা মৰাৰ ফলত মথাউৰিটো বিপন্ন হৈ পৰিছে৷ ইতিমধ্যে পূৰ্বৰ মথাউৰিটো সোৱণশিৰি খহনীয়াত সম্পূৰ্ণৰূপে জাহ যোৱাৰ পিছত জলসম্পদ বিভাগে পথাৰৰ মাজত মাটি দি মথাউৰিটোৰ খহনীয়া অংশৰে পানী নোসোমোৱাৰ বাবে আপ্ৰাণ প্ৰচেষ্টা চলায় আছে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More