এন এইচ পি চিৰ শীতাতপ নিয়ন্ত্ৰিত কোঠাত আশ্ৰয় নললে এতিয়া বিজেপিৰ নেতাৰ দেহা শাত নপৰে- ভূপেন বৰা

লখিমপুৰত বান পৰিস্থিতি জটিলঃ বান পৰিস্থিতি পৰ্যবেক্ষণ প্ৰদেশ কংগ্ৰেছৰঃ বান সাহায্য বিতৰণ

0 25

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ লখিমপুৰ, ১৯ জুনঃ লখিমপুৰ জিলাৰ নাওবৈচাৰ বান পৰিস্থিতি কিছু উন্নতি ঘটিছে যদিও বানৰ জটিলতা এতিয়াও কমা নাই৷ ধাৰাষাৰ বৰষুণৰ পৰিপ্ৰেক্ষিতত শিঙৰা নদীৰ বানে বিচ্ছিন্ন কৰা মথাউৰিৰ অংশৰে সোমোৱা পানীৰে অঞ্চলটোৰ ১৬ খন গাঁৱৰ ৰাইজক এক অভাৱনীয় পৰিস্থিতিত পেলাইছে৷ বান বিধ্বস্ত ৰাইজৰ মাজত প্ৰশাসনে কিছু পৰিমানৰ সাহায্য বিতৰণ কৰিছে যদিও পৰ্যাপ্ত সাহায্য সামগ্ৰীৰ অভাবে বন্যাৰ্ত সকলক এক জটিল পৰিস্থিতিত সন্মুখীন কৰিছে৷ উল্লেখ্য যে বান বিধ্বস্ত নাওবৈচাৰ অঞ্চলসমূহত প্ৰশাসনৰ সাহায্য সামগ্ৰীলৈ বাট নাচায় বিভিন্ন সন্থা সংগঠনে বন্যাৰ্ত ৰাইজৰ কাষত থিয়হৈ সাহায্য সামগ্ৰী বিতৰণ কৰিছে৷ আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এটা দলে বান বিধ্বস্ত অঞ্চলটোত পৰিভ্ৰমণ কৰি বান বিধ্বস্ত তিনিশটা পৰিয়ালৰ বাবে সাহায্য সাম্‌গ্ৰী বিতৰণ কৰে৷ বান বিধ্বস্ত অঞ্চলটো পৰিভ্ৰমণ কৰি ৰাইজৰ দুখ দুৰ্দশা দেখি ক্ষোভ প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ মন্তব্য- বিজেপিৰ এইখন চৰকাৰ ডাবল ইঞ্জিনৰ চৰকাৰ নহয়৷ এইখন ট্ৰাৱল ইঞ্জিনৰ চৰকাৰ৷ সেয়েহে এতিয়াও ৰাইজে পৰ্যাপ্ত সহায্য সামগ্ৰী লাভ কৰা নাই৷ ইফালে বান বিধ্বস্ত অঞ্চলটোত আজিও অসম চৰকাৰৰ এজনো মন্ত্ৰী উপস্থিত হৈ পৰিস্থিতি বুজ নোলোৱাত তেওঁ ক্ষোভ প্ৰকাশ কৰে৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প তথা বৃহৎ নদীবান্ধৰ প্ৰসঙ্গত কয় বিজেপি চৰকাৰৰ সোৱণশিৰি নামনি অঞ্চলৰ ৰাইজৰ প্ৰতি কোনো সহানুভূতি নাই৷ এসময়ত নদীবান্ধৰ বিৰোধিতা কৰা বিজেপি এতিয়া নদীবান্ধৰ সমৰ্থক৷ যিসকলে এসময়ত এন এইচ পি চিৰ বিৰোধিতা কৰিছিল সেই সকলেই এতিয়া এন এইচ পি চিৰ পক্ষত মাত মাতে৷ এসময়ৰ টি এম পি কেৰ নেতাগিৰি কৰি এন এইচ পি চিৰ বিৰুদ্ধে আন্দোলন কৰা ডাঃ ৰণোজ পেগু, বিধায়ক ভূৱন পেগুৱে এতিয়া মন্ত্ৰী-বিধায়ক হৈ এন এইচ পি চিৰ অতিথিশালাৰ শীতাতপ নিয়ন্ত্ৰিত কোঠাত বহি একাপ গৰম চাহ নাখালে দেহা শাত নপৰে বুলি কটাক্ষ কৰে৷ আজি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সমষ্টিটোৰ কংগ্ৰেছী বিধায়ক ভৰত নৰহ, অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ সভাপতি জুবেৰ আলমে দলীয় সতীৰ্থ সহ বান বিধ্বস্ত নাওবৈচাৰ কোঁৱৰপুৰত বানাক্ৰান্ত ৰাইজৰ মাজত সাহায্য বিতৰণ কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More