এফালে বন ধ্বংসযজ্ঞ আনফালে চলিছে ১ কোটি গছপুলি ৰোপনৰ মহা আয়োজন

তিনিচুকীয়াত ৩.৯২ লাখ বৃক্ষ ৰোপনৰ লক্ষ্য

0 41

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১২ জুলাই : চৰকাৰী, বেচৰকাৰী পৃষ্ঠপোষকতাত বনাঞ্চল ধ্বংসযজ্ঞ আৰু বনজ সম্পদৰ লুণ্ঠনৰ বাতৰিয়ে সময়ে সময়ে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি অহাৰ মাজতে এইবাৰ অসম চৰকাৰে একেদিনাই ১ কোটি মূল্যবান গছপুলি ৰোপনৰ বাবে কৰা পৰিকল্পনাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি প্ৰশাসনযন্ত্ৰ ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে ৷ উল্লেখ্য যে তিনিচুকীয়া জিলাৰ মাজেৰে বন বিভাগৰ নাকৰ তলেদি খয়েৰ কাঠৰ উপৰি অন্যান্য মূল্যবান কাঠৰ চোৰাং সৰবৰাহৰ বিষয়ে বিভিন্ন সময়ত বাতৰি প্ৰকাশিত হৈ আহিছে ৷ অনুৰূপ ধৰণে বাতৰিৰ শিৰোনাম দখল কৰিছে চৰকাৰী পৃষ্ঠপোষকতাত উন্নয়নৰ নামত ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে স্বয়ং দিছপুৰত পূৰঠ পূৰঠ গছ কাটি তহিলং কৰাৰ সংবাদ ৷ হেন সময়তে ৰাজ্য চৰকাৰে একেদিনাই ১ কোটি মূল্যবান গছপুলি ৰোপনৰ বাবে গ্ৰহণ কৰা কাৰ্যসূচী লৈ ব্যস্ত হৈ পৰিছে প্ৰশাসন ব্যৱস্থা ৷ ৰাজ্যখনত বৃক্ষ অৰ্থনীতি গঢ়ি তোলা আৰু পাৰিপাৰ্শ্বিকতা ৰক্ষাৰ লক্ষ্যৰে ৰাজ্যৰ বন বিভাগে একেদিনাই বগা চন্দন, অগৰু, তিতা চপা, চেগুণ, মেহগনি আদি মূল্যবান গছৰ পুলি ৰোপন কৰি এক অভিলেখ সৃষ্টিৰ পৰিকল্পনা কৰিছে ৷ পৰিকল্পনা অনুসৰি বন বিভাগে সমগ্ৰ ৰাজ্যতে ১ কোটি ভিন্ন প্ৰজাতিৰ মূল্যবান গছ পুলি ৰোপন কৰিব ৷ ইয়াৰ লগত সংগতি ৰাখি তিনিচুকীয়াৰ উপায়ুক্ত স্বপ্নীল পালৰ সভাপতিত্বত এখন গুৰুত্বপূৰ্ণ সভা আজি উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় ৷ উল্লেখ্য যে উক্ত কাৰ্যসূচীৰ অংশস্বৰূপে তিনিচুকীয়া জিলাত ৩.৯২ লাখ বিভিন্ন প্ৰজাতিৰ মূল্যবান বৃক্ষ ৰোপনৰ আঁচনি লোৱা হৈছে ৷ ৰোপনৰ বাবে পৰ্য্যাপ্ত গছ পুলিৰ যোগান, যাৱতীয় পঞ্জীয়ন, প্ৰশিক্ষণ আদি বিভিন্ন বিষয়ৰ ওপৰত সভাত আলোচনা কৰা হয়৷ কাৰ্যসূচী সুপৰিকল্পিতভাবে সম্পাদন কৰিবলৈ উপায়ুক্তই অতিৰিক্ত উপায়ুক্তসকলৰ নেতৃত্বত কেইবাটাও কোষ গঠন কৰিছে ৷ সভাত জিলা উন্নয়ন আয়ুক্ত সুশান্ত কুমাৰ দত্ত, মাৰ্ঘেৰিটাৰ মহকুমাধিপতি প্ৰীতি কুমাৰী, শদিয়াৰ মহকুমাধিপতি মানসজ্যোতি নাথ, অতিৰিক্ত উপায়ুক্ত পংকজ নাগবংশী, অতিৰিক্ত উপায়ুক্ত লীনা কুমাৰী পাৱে, ভাৰপ্ৰাপ্ত সমাজকল্যান বিষয়া বন্দিত গগৈ, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ জয়ন্ত ভট্টাচাৰ্য, ডিগবৈৰ বন সংমণ্ডল প্ৰাধিকাৰী টি চি ৰণজিৎ ৰাম, ডুমডুমাৰ বন সংমণ্ডল প্ৰাধিকাৰী মৃগাংক বৰাৰ উপৰি কেউটা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াসকল, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, কৃষি, শিক্ষা আদি সংশ্লিষ্ট বিভাগৰ বিষয়াবৰ্গ উপস্থিত থাকে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More