এবিভিপিয়ে কৰিলে লীলা…

চৰকাৰৰ নিৰ্দেশনা উলংঘা কৰি নাৰায়ণপুৰত এবিভিপিৰ সভা

0 79

সৰ্বত্ৰ প্ৰতিক্ৰিয়াঃ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ জিলা সংযোজকে নাজানে চৰকাৰী নিৰ্দেশনাৰ কথাঃ বিজেপিয়ে গণতান্ত্ৰিক ব্যৱস্থাক ধবংস কৰি আহিছে, চৰকাৰৰ অগণতান্ত্ৰিক ব্যৱস্থাক অমান্য কৰি কৰা কামক আমি আদৰণি জনাবই লাগিবঃ আছুৰ কটাক্ষ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১১ জুলাইঃ অসম চৰকাৰে শিক্ষানুষ্ঠান সমূহত যিকোনো সংগঠনক সভা সমিতি অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰাৰ পিছতে নাৰায়ণপুৰত বিজেপিৰ ভাতৃ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অভিনন্দন তথা সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা কাৰ্যত লখিমপুৰৰ সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ উল্লেখ্য যে যোৱা ৯ জুলাইত এবিভিপিয়ে তেওঁলোকৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে নাৰায়ণপুৰত এখন সম্বৰ্ধনা সভা অনুষ্ঠিত কৰি চৰকাৰৰ নিৰ্দেশনা উলংঘা কৰে৷ এই সভাত বিহপুৰীয়াৰ বিধায়ক অমিয় কুমাৰ ভূঞা, জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ, মাধৱদেৱ বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য নিৰোদ বৰুৱা, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাজ্যিক সভাপতি ৰবিন কাকতি, ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ উপ মুখ্য কাৰ্যবাহী সদস্য কেশৰাম বৰা, নাৰায়ণপুৰ শাখা বিদ্যাৰ্থী পৰিষদৰ সভাপতি ড॰ ৰঞ্জিত দত্ত আদিয়েও অংশগ্ৰহণ কৰিছিল আৰু তেওঁলোকে যথা সময়ত ভাষণো আগবঢ়াইছিল৷ চৰকাৰৰ কঠোৰ নিৰ্দেশনাৰ পিছতো নাৰায়ণপুৰত কেনেদৰে শিক্ষানুষ্ঠানত এবিভিপিয়ে সভা অনুষ্ঠিত কৰিবলৈ অনুমতি লাভ কৰিলে তাক লৈ সৰ্বত্ৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ চৰকাৰে ঘোষণা কৰিছিল যে যিসমূহ শিক্ষানুষ্ঠানত চৰকাৰৰ এনে নিৰ্দেশনা উলংঘা কৰি শিক্ষানুষ্ঠানখনৰ মুৰব্বীয়ে কোনো দল-সংগঠনক সভা-সমিতি অনুষ্ঠিত কৰিবলৈ দিয়ে তেনেহলে তেনে শিক্ষানুষ্ঠানৰ মুৰব্বীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ তেনেস্থলত নাৰায়ণপুৰত শাসনাধিষ্ঠ চৰকাৰখনৰ ভাতৃ সংগঠন এবিভিপিয়ে শিক্ষানুষ্ঠানত সভা অনুষ্ঠিত কৰাৰ পিছতো এই পৰ্যন্ত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা কথা বাদেই স্বয়ং শাসক দলৰ বিধায়ক অমিয় ভূঞাই সেই সভাত অংশগ্ৰহণ কৰি সামাজিক মাধ্যমতো পষ্ট দিবলৈয়ো কুণ্ঠাবোধ কৰা নাই৷ ইফালে এই কাৰ্যৰ প্ৰতিক্ৰিয়া হিচাপে আজি সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক পুলক বৰাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে বিজেপি নেতৃত্বাধিন চৰকাৰখনে প্ৰতিটো খোজতে গণতান্ত্ৰিক ব্যৱস্থাক ধবংস কৰি আহিছে৷ এইখন চৰকাৰৰ এনে কাৰ্য স্বাভাৱিক বুলি উল্লেখ কৰি ছাত্ৰ নেতাজনে কয় যে নাৰায়ণপুৰত সংঘটিত ঘটনাই প্ৰমাণ কৰে যে চৰকাৰখনৰ অগণতান্ত্ৰিক কাৰ্যৰ নিৰ্দেশনা স্বয়ং চৰকাৰখনৰ মন্ত্ৰী বিধায়ক আৰু প্ৰশাসনে মানিবলৈ বাধ্য নহয়৷ শিক্ষামন্ত্ৰীৰ নিৰ্দেশনা কেৱল মাত্ৰ ছাত্ৰ সন্থাক লক্ষ্য কৰিয়েই যে গ্ৰহণ কৰা হৈছে নাৰায়ণপুৰৰ ঘটনাই তাকেই প্ৰতিপন্ন কৰিলে বুলি বৰাই প্ৰতিক্ৰিয়া ব্যক্ত কৰে৷ চৰকাৰখনৰ এনে অগণতান্ত্ৰিক ব্যৱস্থাক এনেদৰে অমান্য কৰি কৰা কামক আমি নিশ্চিত ভাৱে আদৰণি জনাব লাগিব বুলি ছাত্ৰ নেতাজনে চৰকাৰক একপ্ৰকাৰে তাচ্ছিল্য কৰে৷ আনহাতে এই সন্দৰ্ভত এবিভিপিৰ লখিমপুৰৰ জিলা সংযোজক বিমান গগৈয়ে কয় যে ৯ জুলাইত তেওঁলোকৰ প্ৰতিষ্ঠা দিৱস উপলক্ষেহে সম্বৰ্ধনা সভাখন অনুষ্ঠিত কৰা হৈছিল৷ ছাত্ৰ-ছাত্ৰীসকলক উৎসাহ জনোৱাৰ বাবেই এই সভাৰ আয়োজন কৰা হৈছিল বুলি ব্যক্ত কৰি কয় যে চৰকাৰে শিক্ষানুষ্ঠানত সভা-সমিতি পতাৰ ক্ষেত্ৰত কিবা যদি নিষেধাজ্ঞা জাৰি কৰিছে সেই কথা তেওঁৰ জ্ঞাত নহয়৷ একপ্ৰকাৰে চৰকাৰৰ নিৰ্দেশনা সন্দৰ্ভত মন্তব্য কৰাৰ পৰা ছাত্ৰ নেতাজন বিৰত থাকে৷ আনহাতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লখিমপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক দিগন্ত ভূঞাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে যুৱ ছাত্ৰ পৰিষদে চৰকাৰৰ এনে নিৰ্দেশনাক তীব্ৰ গৰিহণা দিয়াৰ লগতে এবিভিপিয়ে এনে কাৰ্যৰ পৰা বিৰত থাকক বুলি সকীয়নি দিয়ে৷ আনহাতে এই সন্দৰ্ভত এইডিএছ অ’ৰ লখিমপুৰৰ ছাত্ৰ নেতা অনুপম চুতীয়াই কয় যে চৰকাৰে কোনো কোনো সংগঠনৰ বিৰুদ্ধেহে ষড়যন্ত্ৰ ৰচনা কৰি একপ্ৰকাৰে পক্ষপাতিত্ব মূলক আচৰণ গ্ৰহণ কৰিছে৷ এবিভিপিক শাসক গোষ্ঠীৰ উইংচ বুলি উল্লেখ কৰি চৰকাৰৰ এনে নিৰ্দেশনাক প্ৰত্যাহাৰৰ দাবী জনায়৷ ইফালে চুতীয়া জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰাজু চুতীয়াই এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে চৰকাৰে বৈষম্যমূলক নীতি গ্ৰহণ কৰিছে৷ সকলো দল সংগঠনে জাতি মাটিৰ স্বাৰ্থত মাত মাতি অহাৰ পিছতো কেৱল শাসক দলৰ ভাতৃ সংগঠন এবিভিপিক সভা পাতিবলৈ দিয়া কাৰ্য কোনোপ্ৰকাৰে গ্ৰহণযোগ্য নহয় বুলি কয়৷ আনহাতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি হিৰণ্য দত্তই কয় যে চৰকাৰৰ সিদ্ধান্ত যে জনমুখী সিদ্ধান্ত নহয় আৰু চৰকাৰৰ এনে সিদ্ধান্ত যে তেওঁলোকে মানি লব নিবিচাৰে সেই কথা শাসক দলৰ ভাতৃ সংগঠন এবিভিপিৰ লগতে হিমন্ত বিশ্ব মন্ত্ৰীসভাৰ বিহপুৰীয়াৰ বিধায়কজনেই প্ৰমাণ কৰি দেখুৱালে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More