ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ অক্টোবৰঃ বেলাৰুছৰ মানৱ অধিকাৰ কৰ্মী এলচে বিয়ালিয়াটস্কিয়ে লাভ কৰিছে শান্তিৰ নোবেল বঁটা। ৰাছিয়ান হিউমেন ৰাইটছ অৰ্গেনাইজেচন মেম’ৰিয়েল (ৰাছিয়াৰ মানৱ অধিকাৰ সংগঠন মেম’ৰিয়েল) আৰু ইউক্ৰেইনৰ হিউমেন ৰাইটছ অৰ্গেনাইজেচন চেণ্টাৰ ফৰ চিভিল লিবাৰ্টিছ (চেণ্টাৰ ফৰ চিভিল লিবাৰ্টিছ) নামৰ সংস্থা দুটাও শান্তিৰ নোবেল বঁটাৰ বাবে বিবেচিত হৈছে। আজি ৭ অক্টোবৰ শুকুৰবাৰে বেলাৰুছৰ বিৰোধী ৰাজনীতিবিদ পাভেল লাটুস্কোৱে কয় যে কাৰাগাৰত বন্দী বেলাৰুছৰ মানৱ অধিকাৰ কৰ্মী এলিছ বেলেটস্কিয়ে শান্তিৰ নোবেল বঁটা লাভ কৰিছে। তেওঁ কয় যে এইটো কেৱল তেওঁৰ বাবেই নহয়, বেলাৰুছত থকা সকলো ৰাজনৈতিক বন্দীৰ বাবেও গুৰুত্বপূৰ্ণ খবৰ। “এই বঁটাটোৱে আমাক সকলোকে যুঁজিবলৈ প্ৰেৰণা দিব আৰু আমি নিশ্চিত যে আমি (আলেক্সাণ্ডাৰ) লুকাচেংকোৰ একনায়কত্ববাদৰ বিৰুদ্ধে জয়ী হ’ম।”— লাটুস্কোৱে কয়। নৰৱেৰ নোবেল কমিটীয়ে নোবেল বঁটা লাভ কৰাসকলৰ নাম ঘোষণা কৰি কয়— “শান্তি বঁটা প্ৰাপকসকল নিজ নিজ দেশৰ নাগৰিক সমাজৰ প্ৰতিনিধি। বহু বছৰ ধৰি তেওঁলোকে কৰ্তৃপক্ষক সমালোচনা কৰাৰ লগতে নাগৰিকৰ মৌলিক অধিকাৰ সুৰক্ষিত কৰাৰ অধিকাৰৰ বাবে যুঁজি আহিছে। যুদ্ধাপৰাধ, মানৱ অধিকাৰ উলংঘা আৰু ক্ষমতাৰ অপব্যৱহাৰৰ নথিভুক্তকৰণৰ বাবে অসাধাৰণ প্ৰচেষ্টাৰ উদাহৰণ দাঙি ধৰিছে। তেওঁলোকে একেলগে শান্তি আৰু গণতন্ত্ৰ বজাই ৰখাৰ ক্ষেত্ৰত নাগৰিক সমাজৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।” ১৯৮০ চনত বেলাৰুছত গণতন্ত্ৰ আন্দোলনৰ অন্যতম প্ৰৱৰ্তক আছিল এলচে বিয়ালিয়াটস্কি। গণতন্ত্ৰৰ প্ৰসাৰ, শান্তিপূৰ্ণ বিকাশৰ বাবে নিজৰ জীৱন উছৰ্গা কৰিলে। প্ৰসংগক্ৰমে এইবাৰ সম্ভাৱ্য নোবেল প্ৰাপকৰ ভিতৰত আছিল দুজন ভাৰতীয় সাংবাদিক। ফেক্ট-চেক নিউজ ৱেবছাইট ‘অল্ট নিউজ’ৰ প্ৰতিষ্ঠাপক মহম্মদ জুবেইৰ আৰু প্ৰতীক সিনহাই ২০২২ চনৰ শান্তিৰ নোবেল বঁটাৰ বাবে উপযুক্ত বুলি চৰ্চা লাভ কৰিছিল। ৰয়টাৰ্ছৰ সূত্ৰ অনুসৰি এইবাৰ শান্তিৰ নোবেল বঁটাৰ বাবে দাবীদাৰৰ সংখ্যা আছিল ৩৪৩ জন। মুঠ ২৫১জন ব্যক্তি আৰু ৯২টা সংগঠনে এই যুঁজত লিপ্ত হৈছিল।
পূৰ্বৱৰ্তী লেখা
পৰৱৰ্তী লেখা