এলুমিনিয়ামৰ পাত্ৰত ৰন্ধা-বঢ়া কৰে নেকি?

বৃদ্ধি পায় এলঝেইমাৰৰ শংকা

0 26
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ জুলাই : বহুতৰে ঘৰত ৰন্ধা-বঢ়াৰ বাবে এলুমিনিয়ামৰ পাত্ৰ ব্যৱহাৰ কৰা হয়। বহুতে ৰন্ধনৰ বাবে এলুমিনিয়ামৰ প্ৰেচাৰ কুকাৰ আৰু কেৰাহী ব্যৱহাৰ কৰে। শেহতীয়াকৈ এম এছ ইউ বিশ্ববিদ্যালয়ৰ খাদ্য আৰু পুষ্টি বিভাগৰ গৱেষকসকলে এনে পাত্ৰ ব্যৱহাৰৰ বিৰুদ্ধে সতৰ্কবাণী জাৰি কৰিছে। এলুমিনিয়ামৰ পাত্ৰত ৰন্ধা খাদ্যই বৃদ্ধ বয়সত এলঝেইমাৰ ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে বুলি গৱেষকসকলে প্ৰকাশ কৰিছে। ৬০ বছৰ বয়সৰ লোকৰ ওপৰত কৰা হৈছিল এই অধ্যয়ন। দেখা গৈছে যে ঘৰত এলুমিনিয়ামৰ পাত্ৰত খাই বা সেই পাত্ৰত ৰন্ধা খাদ্য খোৱা বেছিভাগ লোকেই এলঝেইমাৰ ৰোগত আক্ৰান্ত হয়। গৱেষকসকলে ৰন্ধা-বঢ়াৰ বাবে এলুমিনিয়ামৰ সলনি ষ্টীল আৰু কাঁচৰ বস্তু ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিছে। এলুমিনিয়ামৰ পাত্ৰত তীব্ৰ জুইত ৰন্ধাৰ সময়ত এলুমিনিয়ামত থকা বিভিন্ন বিষাক্ত পদাৰ্থ গলি খাদ্যৰ লগত মিহলি হৈ যায়। সেই সকলোবোৰ ধাতু খাদ্যৰ যোগেদি পাচনতন্ত্ৰত প্ৰৱেশ কৰে। ইয়াৰ ফলতেই বিভিন্ন স্নায়ুৰ সমস্যা সৃষ্টি হয়।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More