এল টি কে কলেজলৈ নাকৰ  ‘B++’ গ্ৰেড প্ৰদান

0 12

শতাব্দ প্ৰতিনিধি, লখিমপুৰঃ লখিমপুৰৰ অগ্ৰণী শিক্ষানুষ্ঠান এল.টি.কে. কলেজে ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যায়ন পৰিষদ (NAAC) ৰ ‘B++’ গ্ৰেড লাভ কৰিবলৈ সক্ষম হৈছে৷ ১৭ আৰু ১৮ ফেব্ৰুৱাৰীত অন্ধপ্ৰদেশৰ ড॰ আব্দুল হক উৰ্দু বিশ্ববিদ্যালয়, কুনূৰ্লৰ উপাচাৰ্য প্ৰাধ্যাপক ড॰ পি. ফজল ৰহমান (চেয়াৰ পাৰ্চন) ৰাজস্থান জয়পুৰৰ আই.আই.এছ.ৰ গাৰ্হস্থ্য বিজ্ঞান বিভাগৰ প্ৰাধ্যাপক ড॰ ইলা যোশী, (মেম্বাৰ ক’অৰঅডিনেটৰ) ৱেষ্ট বেংগল কলেজৰ অধ্যক্ষ ড॰ পংকজ কুমাৰ দেৱনাথ [মেম্বাৰ] সহ তিনিজনীয়া নাকৰ পৰিদৰ্শনকাৰী দলে মহাবিদ্যালয়খন পৰিদৰ্শন কৰে৷ মহাবিদ্যালয়খনৰ বিদ্যায়তনিক, প্ৰশাসনিক, ছাত্ৰ-ছাত্ৰীৰ মান, শৈক্ষিক অনুশীলনৰ ধাৰাবাহিকতা, ক্ৰীড়া-সংস্কৃতিৰ দিশৰ মান তথা সফলতাক পৰিদৰ্শনকাৰী দলটোৱে উচ্ছ প্ৰশংসা কৰে৷ তদুপৰি মহাবিদ্যালয়খনৰ আন্তঃগাঁথনিক লৈয়ো পৰিদৰ্শনকাৰী দলটোৱে সন্তুষ্টি প্ৰকাশ কৰে৷ নাকৰ ফলাফল ঘোষিত হোৱাৰ পিছত মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ বুবুল কুমাৰ শইকীয়াই মনৰ ভাব ব্যক্ত কৰি কয় যে, বিগত পাঁচ বছৰে মহাবিদ্যালয়খনক উত্তৰণ কৰিবলৈ অহৰহ প্ৰচেষ্টা অব্যাহত ৰখা হৈছিল৷ সেই কামত মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰ্ণায়ক কোষৰ সমন্বয়ক তথা ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক বিজু কুমাৰ সোণোৱালৰ উন্নয়নমুখী আৰু ইতিবাচক দৃষ্টিভংগী, মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা তথা কৰ্মচাৰীবৃন্দ নিৰলস প্ৰচেষ্টাক অধ্যক্ষ গৰাকীয়ে কৃতজ্ঞতাৰে স্বীকাৰ কৰে৷ মহাবিদ্যালয়খনে পূৰ্বৰ ‘B+’ ২.৫২ পৰা ‘B++’ ২.৯২ চিজিপিএ লৈ উত্তৰণ কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More