ওপজা দিনত উন্মোচন হ’ব “হেমন্ত কুমাৰ বৰুৱা সোঁৱৰণী পুথিভঁৰাল “

তেজপুৰৰ "হেমন্ত কুমাৰ বৰুৱা স্মৃতি ৰক্ষা সমিতি" ৰ উদ্যোগ

0 22

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ , ২৭ মে’ঃ তেজপুৰৰ সমাজ, সাহিত্য, সংস্কৃতি আৰু শৈক্ষিক ক্ষেত্ৰখনৰ অতি সক্ৰিয় ব্যক্তিত্ব, বহুমুখী প্ৰতিভাধৰ হেমন্ত কুমাৰ বৰুৱাৰ স্মৃতি যুগমীয়া কৰাৰ অৰ্থে গঢ়ি উঠা “হেমন্ত কুমাৰ বৰুৱা স্মৃতি ৰক্ষা সমিতি”ৰ কালি নিশা অনুষ্ঠিত এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভাই আগন্তুক বৰ্ষত কেবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী সম্পন্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখ্য যে, ২০২১ বৰ্ষৰ ২৯ অক্টোবৰত কৰ’ণাত আক্ৰান্ত হৈ অকাল মৃত্যুক সাৱটি লোৱা অধ্যাপক, লেখক, সুবক্তা, কুইজ পৰিচালক তথা তেজপুৰৰ প্ৰায় সমূহ অনুষ্ঠানৰ সৈতে সক্ৰিয় ভাৱে জড়িত হেমন্ত কুমাৰ বৰুৱাৰ স্মৃতি যুগমীয়া কৰাৰ অৰ্থে গঠিত “হেমন্ত কুমাৰ বৰুৱা স্মৃতি ৰক্ষা সমিতি”য়ে ইতিমধ্যে “হেমন্ত কুমাৰ বৰুৱা সোঁৱৰণী যুৱ বঁটা প্ৰদান, আঁত ধৰা কৰ্মশালা আদি অনুষ্ঠিত কৰাৰ পিছত আগন্তুক সময়ত আন কেবাটাও কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কালি নিশা তেজপুৰৰ চানমাৰীৰ কলাগুৰু প্ৰগতি সন্হাৰ কাৰ্যালয়ত স্মৃতি ৰক্ষা সমিতিৰ সভাপতি বীৰেন্দ্ৰ কুমাৰ বৰাৰ পৌৰোহিত্যত অনুষ্ঠিত বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখনত ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা অনুষ্ঠান সমূহৰ খৰছৰ হিচাপ ভাৰপ্ৰাপ্ত সম্পাদক, অধ্যাপক পল্লৱ ভট্টাচাৰ্য্যই দাখিল কৰাৰ পিছত আগন্তুক কৰ্মসূচীৰ ওপৰত বিভিন্ন জনে বক্তব্য দাঙি ধৰে। বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা, শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ড০ ভূপেন শইকীয়া, গ্ৰন্থ প্ৰকাশন সমিতিৰ যুটীয়া সম্পাদক দ্বীজেন নাথ, পংকজ বৰুৱা, নবীন চন্দ্ৰ লহকৰ, সম্পাদক সত্যদেৱ শৰ্মা, তৰুণ লহকৰ, সাংবাদিক ৰাজ কুমাৰ মহন্ত, তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক দেৱব্ৰত শৰ্মা, হেমন্ত কুমাৰ বৰুৱাৰ সহধৰ্মিনী হিমাদ্ৰী বৰুৱা আদিয়ে বক্তব্য দাঙি ধৰা সভাখনত অহা আগষ্ট মাহত “হেমন্ত কুমাৰ বৰুৱা স্মাৰক বক্তৃতানুষ্ঠান” আয়োজনৰ সিদ্ধান্তৰ লগতে হেমন্ত কুমাৰ বৰুৱাই বিভিন্ন কাকত, আলোচনীত লেখা ৰচনাৰাজিৰ একত্ৰ সংকলন প্ৰকাশৰ উপৰি অহা ৬ জানুৱাৰীৰ হেমন্ত কুমাৰ বৰুৱাৰ ওপজা দিনটোত “হেমন্ত কুমাৰ বৰুৱা সোঁৱৰণী পুথিভঁৰাল” উন্মোচনৰ সিদ্ধান্ত গ্ৰহণ কৰে। সভাই আগন্তুক ২৯ অক্টোবৰৰ মৃত্যুৰ দিনটোত দ্বিতীয় বাৰ্ষিক “হেমন্ত কুমাৰ বৰুৱা সোঁৱৰণী যুৱ বঁটা প্ৰদান”, বিগত বছৰৰ দৰে আঁতধৰা কৰ্মশালা আয়োজন কৰাৰ ওপৰতো সিদ্ধান্ত গ্ৰহণ কৰি বক্তৃতানুষ্ঠানৰ বিষয় আৰু ব্যক্তি নিৰ্বাচনৰ বাবে শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ড০ ভূপেন শইকীয়াৰ ওপৰত দায়িত্ব অৰ্পণ কৰাৰ লগতে সংকলন গ্ৰন্থৰ সম্পাদনাৰ বাবে দ্বীজেন নাথ আৰু পংকজ বৰুৱাক দায়িত্ব অৰ্পণ কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More