যুক্তিবাদী বিজ্ঞানমনষ্ক ব্যক্তি শিৱ গগৈৰ তিনিচুকীয়াত দেহাৱসান : মৰণোত্তৰভাৱে দেহদান

0 74

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৬ মে’ : যোৰহাট জিলাৰ টীয়ক নিৱাসী অসম চৰকাৰৰ সমবায় বিভাগৰ অৱসৰপ্ৰাপ্ত সহকাৰী পঞ্জীয়ক শিৱ গগৈৰ শুকুৰবাৰে সন্ধিয়া তিনিচুকীয়াত বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয় ৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৯২ বছৰ ৷ আজীৱন সমাজকৰ্মী যুক্তিবাদী কু-সংস্কাৰ আৰু অন্ধবিশ্বাস বিৰোধী প্ৰয়াত গগৈৰ শেষ ইচ্ছা অনুসৰি তেখেতৰ মৰণোত্তৰ দেহদান কাৰ্যসূচী আজি অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত আনুষ্ঠানিকভাৱে সম্পন্ন কৰা হয় ৷ এই উপলক্ষে অনুষ্ঠিত হোৱা এটি চমু অনুষ্ঠানত প্ৰখ্যাত হৃদৰোগ বিশেষজ্ঞ ডা: হেম চন্দ্ৰ কলিতা, এনাটমী বিভাগৰ মুৰব্বী অধ্যাপিকা ডা: অনুৰাধা বৰুৱা, এনাটমী বিভাগৰ ছাত্ৰ-ছাত্ৰীসকল, ইলোৰা বিজ্ঞান মঞ্চৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া শাখাৰ সদস্যসকল আৰু মৃতকৰ পৰিয়ালৰ ভালে সংখ্যক লোক উপস্থিত থাকে ৷ অনুষ্ঠানত উপস্থিত থকা ছাত্ৰ-ছাত্ৰী আৰু ৰাইজৰ সন্মুখত মৰণোত্তৰ দেহদান আৰু সমাজত বিজ্ঞান মনস্কতাৰ আৱশ্যকতাৰ ওপৰত আলোকপাত কৰি ডা: হেম চন্দ্ৰ কলিতা আৰু ডা: অনুৰাধা বৰুৱাই চমুকৈ দুআষাৰ কয় আৰু প্ৰয়াত গগৈ ডাঙৰীয়াৰ বিজ্ঞান মনস্কতা প্ৰগতিশীল চিন্তাৰ ভূয়সী প্ৰশংসা কৰে ৷ শিৱ গগৈৰ পুত্ৰ তিনিচুকীয়া কলেজৰ প্ৰাক্তন অধ্যক্ষ আৰু ইলোৰা বিজ্ঞান সমিতিৰ তিনিচুকীয়া শাখাৰ সভাপতি ৰাণা চাংমায়ে উপস্থিত আটাইকে কৃতজ্ঞতা জ্ঞাপন কৰে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More