কন্যা সন্তানৰ বিপৰীতে পুত্ৰ সন্তান বুলি দাবী

তেজপুৰত নৱজাতককলৈ অথন্তৰ

0 13
শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,৬ছেপ্টেম্বৰঃ তেজপুৰৰ পৰোৱাস্হিত  মাতৃ আৰু শিশু স্বাস্থ্য চিকিৎসালয়ত যোৱা নিশা এটি নৱজাতকক লৈ এক হুলস্থূলীয়া পৰিস্হিতিৰ উদ্ভৱ হয়৷ উল্লেখযোগ্য যে, যোৱা নিশা প্ৰায় ৮-৪০বজাত ভোজখোৱা চাপৰিৰ চাহাবুদ্দিন আহমেদ নামৰ লোকজনৰ পত্নীয়ে এটি সন্তান জন্ম দিয়ে৷ সেই সময়ত পানীৰ বটল ক্ৰয় কৰিবলৈ যোৱা আহমেদ উভটি অহাৰ পাছত এগৰাকী ধাত্ৰীয়ে আহমেদক তেওঁৰ নৱজাতক কন্যাক দেখুৱাই যদিও প্ৰায় একে সময়তে জন্ম হোৱা এটা ল’ৰা সন্তানকহে নিজৰ সন্তান বুলি দাবী কৰে আহমেদে৷ তেওঁৰ মতে কন্যা নৱজাতকটি পৰিস্কাৰ অৱস্থাত থকাৰ বিপৰীতে সদ্যজাতৰ ক্ষেত্ৰত স্বাভাৱিকতে হোৱাৰ দৰে ল’ৰা সন্তানটিহে অপৰিস্কাৰ অৱস্থাত আছিল আৰু সেয়ে অপৰিস্কাৰ ল’ৰা নৱজাটকটিয়েই আহেমেদে নিজৰ বুলি দাবী কৰি আকোৰগোঁজ স্হিতি গ্ৰহণ কৰে৷ এনে পৰিস্থিতি নিশা ন বজালৈকে অব্যাহত থকাৰ বিপৰীতে আহমেদে তেওঁৰ সন্তান সলাই দিয়া হৈছে বুলি অভিযোগ কৰাৰ উপৰি ডি এন এ পৰীক্ষা কৰাৰো দাবী জনায়৷ পাছত চিকিৎসালয়খনত আৰক্ষী উপস্হিত হয়হি আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰে৷ আহমেদৰ দাবীৰ বিপৰীতে চিকিৎসালয় কৰ্তৃপক্ষই প্ৰকাশ কৰিছে যে,অভিযোগকাৰী আহমেদে ইতিমধ্যে পৰিস্কাৰ কৰা কন্যা সন্তানক চোৱাৰ পৰিৱৰ্তে সেই সময়তে জন্ম হোৱা আৰু অপৰিস্কাৰ অৱস্হাতে থকা ল’ৰা নৱজাতকটিকহে অধিক লক্ষ্য কৰাই নহয়, সেই সন্তানটিকহে তেওঁৰ বুলি দাবী কৰে৷ আহমেদৰ তেনে দাবী কৰ্মৰত ধাত্ৰীয়ে নস্যাৎ কৰাৰ লগে লগে আহমেদ জাঙুৰ খাই উঠে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More