কমৰেড শিৱদাস ঘোষৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ আৰম্ভণি তেজপুৰত

0 12
শতাব্দ, প্ৰতিনিধি তেজপুৰ, ৫আগষ্টঃ সমগ্ৰ দেশৰ লগতে তেজপুৰতো আজি মহান এই যুগৰ অন্যতম মাৰ্ক্সবাদী চিন্তানায়ক, এছ ইউ চি আই(কমিউনিষ্ট) দলৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক কমৰেড শিৱদাস ঘোষৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ আৰম্ভণি কৰা হয়। এছ ইউ চি আই(কমিউনিষ্ট) দলৰ শোণিতপুৰ জিলা কমিটিৰ উদ্যোগত আজি পুৱা দহ বজাত নিকামূল চাৰিআলিৰ পৰা গোটলংস্থিত দলৰ কাৰ্যালয়লৈকে সুসজ্জিত টেবলো আৰু কমচোমল বাহিনীৰ পেৰেড সহ দলৰ শতাধিক কৰ্মী-সমৰ্থকৰ এক শোভাযাত্ৰা উলিওৱা হয়।দলৰ কাৰ্যালয় প্ৰাংগনত ৰক্ত পতাকা উত্তোলন আৰু শিৱদাস ঘোষৰ প্ৰতিকৃতিত মাল্যদান কৰে দলৰ জিলা সম্পাদক অজয় আচাৰ্যই। পিছত আচাৰ্যই কয় যে,ভাৰতবৰ্ষ সহ সমগ্ৰ বিশ্বৰ পুঁজিবাদী শাসন ব্যৱস্থাৰ বৰ্তমান উৎকট ৰূপৰ প্ৰেক্ষাপটত এই মহান মাৰ্ক্সবাদী দাৰ্শনিক গৰাকীৰ বৈপ্লৱিক শিক্ষাসমূহ জনসাধাৰণৰ মাজত ব্যাপক ভাবে প্ৰচাৰ কৰাৰ জৰুৰী৷ সেয়ে দলৰ কেন্দ্ৰীয় কমিটিয়ে বছৰজোৰা কাৰ্যসূচীৰে তেওঁৰ জন্ম শতবৰ্ষ পালনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শোণিতপুৰ জিলাতো এই কাৰ্যসূচী বছৰজোৰা নানা ধৰণৰ কাৰ্যসূচীৰে পালিত হ’ব বুলিও তেওঁ প্ৰকাশ কৰে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More