কলকাতাত “অসম ছছিঅ’ লিটাৰেৰী ক্লাব”ৰ উদ্যোগত ৰঙালী বিহু সম্পন্ন

ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটা প্ৰাপক তেজপুৰৰ মিনাক্ষী গোস্বামী সহ কেবাগৰাকীকো সম্বৰ্ধনা

0 19

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৮ এপ্ৰিল: IMG 20230418 WA0031সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ লগতে একাংশ কৃতবিদ্য অসমীয়াৰ প্ৰযত্নত ১৮৭২ চনতে কলিকতাত গঢ়ি উঠা “অসম ছছিঅ’ লিটাৰেৰী ক্লাব”এ পৰম্পৰা অনুসৰি প্ৰতি বছৰে পালন কৰি অহা ৰঙালী বিহুৰ বাৰেৰহনীয়া কাৰ্যসূচীৰ মাজত এইবাৰ ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটাৰে বিভূষিত উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ তথা তেজপুৰৰ বিহগুৰিৰ চন্দ্ৰনাথ শৰ্মা স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা মিনাক্ষী গোস্বামীক বিশেষ ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। কলকাতা অসম ভৱনৰ যুটীয়া আৱাসিক আয়ুক্ত তাপস দেৱ, জনপ্ৰিয় অভিনেত্ৰী জয়া শীল, ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন তবলাবাদক বিক্ৰম ঘোষৰ লগতে ৰঙালী বিহুৰ এই কাৰ্যসূচীত তেজপুৰৰ ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটা প্ৰাপক মিনাক্ষী গোস্বামীক সম্বৰ্ধনা গ্ৰহণ কৰাৰ পিছত শিক্ষয়িত্ৰী গোস্বামীয়ে কলকাতাৰ এই সন্মানত অভিভূত হৈ ভাষণ প্ৰদান কৰি এনে প্ৰয়াসৰ শলাগ লয়। উল্লেখ্য যে, বিহুৰ সকলো পৰম্পৰা অক্ষুন্ন ৰাখি আয়োজক সকলোৱে জাতীয় সাজ পাৰ পৰিধান কৰি, বিহুৰ পিঠা পনা, জলপান আদি আপ্যায়নৰে ৰঙালী বিহুৰ এই কাৰ্যসূচীত প্ৰসিদ্ধ অভিনেত্ৰী জয়া শীলৰ লগতে সকলোৱে সমূহীয়া ভাৱে বিহুনাচ পৰিৱেশন কৰি বহিঃৰাজ্য কলকাতাৰ ভূমি অসমময় কৰি তোলে। উল্লেখ্য যে, কলকাতাৰ এই সম্বৰ্ধনা গ্ৰহণ কৰি কালি তেজপুৰত উপস্থিত হোৱা ৰাষ্ট্ৰপতিৰ হাতৰ পৰা কৃতী শিক্ষকৰ বঁটা গ্ৰহণ কৰা মিনাক্ষী গোস্বামীয়ে আজি সাংবাদিকক জনোৱা মতে ১৫ এপ্ৰিল অৰ্থাৎ পহিলা ব’হাগৰ দিনটোত কলকাতা অসম ভৱনৰ যুটীয়া আৱাসিক আয়ুক্ত তাপস দেৱে পতাকা উত্তোলনৰে শুভাৰম্ভ কৰা বিহুৰ এই কাৰ্যসূচীত ন – কইনা প্ৰতিযোগিতা, মুকলি বিহু আৰু আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More