কাকৈ নদীত কেবা লাখ টকাৰ বান খহনীয়া প্ৰতিৰোধ আঁচনিত ব্যাপক অনিয়ম

বাঁহৰ গোঁজ পুতি লাখ লাখ টকা সৰকোৱাৰ কৌশল ঠিকাদাৰৰ

0 45

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৫ জুলাইঃ লখিমপুৰ জলসম্পদ সংমণ্ডল বিভাগত এতিয়া বান খহনীয়া প্ৰতিৰোধ আঁচনিৰ নামত ব্যাপক অনিয়ম সংঘটিত হৈছে৷ লখিমপুৰ জলসম্পদ বিভাগৰ অন্তৰ্গত কাকৈ নদীৰ খহনীয়া প্ৰতিৰোধৰ নামত এতিয়া এনে অনিয়ম সংঘটিত হৈছে৷ চলিত বাৰিষাত বান পৰিত্ৰাণ তথা ফ্লাড ড্ৰীল আঁচনিৰ নামত একাধিক ঠিকাদাৰক বেহেৰাবস্তি সমীপৰ কাকৈ মথাউৰিৰ কাষত খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে বিভাগীয় ঠিকাদাৰক কাম কৰাৰ নিৰ্দেশ দিয়ে৷ সেই মৰ্মে দুজন ঠিকাদাৰে বাঁহৰ গোজ পুতি তাত বস্তা স্থাপন কৰি বান খহনীয়া প্ৰতিৰোধৰ চেষ্টা কৰে যদিও সংশ্লিষ্ট ঠিকাদাৰে অতি পাল মাৰি এই আঁচনি ৰূপায়ণ কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ বাঁহৰ গোজসমূহ যথেষ্ট দূৰত্বত স্থাপন কৰাৰ বাবেই খৰস্ৰোতা কাকৈ নদীয়ে অদ্যাপি খহনীয়া অব্যাহত ৰখাত আঁচনিখন একপ্ৰকাৰে ফুটুকাৰ ফেনত পৰিণত হ’বলৈ গৈ আছে৷ লক্ষণীয় কথা যে ফ্লাড ড্ৰীলৰ নামত প্ৰতিবছৰে জলসম্পদ বিভাগে লাখ লাখ টকা ঠিকাদাৰক আদায় দি আহিছে যদিও এই অনুপাতে বান খহনীয়া প্ৰতিৰোধ হোৱা নাই৷ শেহতীয়াকৈ কাকৈ নদীৰ মথাউৰিৰ গাতে এনে এখন আঁচনি ৰূপায়ণ কৰি একপ্ৰকাৰে চৰকাৰী ধনৰ শৰাধ পতাৰহে ব্যৱস্থা কৰিছে জলসম্পদ বিভাগে৷ প্ৰায় ১০০ মিটাৰ অংশৰ দৈঘ্যত আঁচনিখন ৰূপায়ণ কৰা হৈছে যদিও দুয়োমূৰে এতিয়াও নদীখনে খহনীয়া অব্যাহত ৰাখিছে৷ উল্লেখনীয় কথা যে কাকৈ নদীৰ মথাউৰিটোত আজি কিছুদিনৰ পৰা তীব্ৰ খহনীয়াৰ সৃষ্টি হোৱাৰ ফলত মথাউৰিটোৰ প্ৰতি প্ৰৱল ভাবুকি আহি পৰিছে৷ যি ঠাইত জলসম্পদ বিভাগে বান প্ৰতিৰোধ আঁচনিখন ৰূপায়ন কৰিছে সেই ঠাইত এতিয়া কাকৈ নদীয়ে ধেনুভিৰীয়া হৈ মথাউৰিটোত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰিছে৷ সেয়েহে উক্ত স্থানত স্থায়ী ভাৱে জলসম্পদ বিভাগে আঁচনি ৰূপায়ন নকৰিলে অস্থায়ী আঁচনিয়ে কোনো যে সুফল নিদিব সেয়া সকলোৰে মুখে মুখে৷ লক্ষণীয় কথা যে উক্ত স্থানত কাকৈ নদীয়ে মথাউৰি ছিঙিলে লখিমপুৰ নগৰৰ পাৰ্শ্বৱতী কেবাখনো গাঁও বানৰ কলত পৰাতো নিশ্চিত৷ সেয়েহে তেনে বিপজ্জনক স্থানত ৰূপায়ন কৰা পালমৰা আঁচনিখনক লৈ স্থানীয় ৰাইজ আশ্বস্ত হ’ব পৰা নাই৷ আনহাতে এই সন্দৰ্ভত আজি লখিমপুৰৰ জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তাজনে কয় যে ঠিকাদাৰে যদি কাম বেয়া কৰিছে তেনেহলে তেওঁলোকে ধন লাভ নকৰিব৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More