কাছাৰত বাগিচাৰ মাটি অধিগ্ৰহণ কৰি বিমান বন্দৰ নিৰ্মাণঃ  তীব্ৰ বিৰোধিতা সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ

0 48

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১০ মে’ : ৰাজ্যৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰে কাছাৰ জিলাৰ ডলু বাগিচাৰ মাটি অধিগ্ৰহণ কৰি গ্ৰীণফিল্ড বিমান বন্দৰ নিৰ্মাণৰ তীব্ৰ বিৰোধিতা কৰিছে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাই । এক বিবৃতিত সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি শুভ্ৰজ্যোতি বৰ্ধন আৰু সাধাৰণ সম্পাদক অৰূপ কুমাৰ মহন্তই কয় যে কাছাৰ জিলাৰ বৃহত্তম চাহ বাগিচা ডলু বাগিচাৰ ভূমি অধিগ্ৰহণ কৰি ৰাজ্য চৰকাৰে বিমানবন্দৰ নিৰ্মাণৰ যি প্রস্তাব গ্ৰহণ কৰিছে সেয়া ৰাইজ আৰু শ্ৰমিক বিৰোধী সিদ্ধান্ত । এই প্ৰস্তাৱ তথা পৰিকল্পনা কোনোপধ্যেই গ্ৰহণযোগ্য হ’ব নোৱাৰে । অসমৰ কাগজ কলসমূহৰ পৰা আৰম্ভ কৰি মিকিৰ বামুণী গ্ৰাণ্ট, গুৱাহাটী বিমানবন্দৰৰ সম্প্ৰসাৰণ, ডিব্ৰুগড়ৰ মিৰি গ্ৰাণ্টৰ মাটি বণিয়াৰ নামত নামজাৰি কৰা আদি কাৰ্যই ইতিমধ্যেই ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ ৰাইজ আৰু শ্ৰমিক বিৰোধী চৰিত্ৰৰ লগতে বৃহৎ বণিয়া গোষ্ঠীৰ প্ৰতি থকা প্ৰেম উদঙাই দিছে । তেনেস্থলত চাহ গছেৰে ভৰি থকা ডলু চাহ বাগিচাৰ উৰ্বৰ ভূখণ্ড উচ্ছেদ কৰি চাহ শ্ৰমিকসকলৰ জীৱন, জীৱিকাৰ প্ৰশ্নক জলাঞ্জলি দি আৰু অৰ্থনৈতিক, সামাজিক তথা পৰিৱেশগত প্ৰভাৱৰ কোনো মূল্যায়ন নকৰি ন্যস্ত স্বাৰ্থ জড়িত শক্তিৰ স্বাৰ্থত লোৱা ভূমি অধিগ্ৰহণৰ পদক্ষেপ চূড়ান্ত বে-আইনী আৰু অমানৱীয় । ইতিমধ্যে কাছাৰ জিলা প্ৰশাসনৰ দ্বাৰা ডলু চাহ বাগিচাত ভূমি অধিগ্ৰহণ সম্পৰ্কে কৰা দুটাকৈ গণ শুনানীত বাগিচাখনৰ শ্ৰমিকসকলে ভূমি অধিগ্ৰহণৰ বিৰুদ্ধে বলিষ্ঠ ভাৱে ঐক্যবদ্ধ মত প্ৰকাশ কৰিছে । তদুপৰি বাগিচাৰ ২,৩৮২ জন চাহ শ্ৰমিকে ভূমি অধিগ্ৰহণৰ বিৰুদ্ধে নিজা স্বাক্ষৰ সম্বলিত মত লিখিতভাৱে কাছাৰ জিলাৰ প্ৰশাসনৰ ওচৰত দাখিল কৰিছে । তেনেস্থলত অসম চৰকাৰে শ্ৰমিকসকলৰ মতামতক গুৰুত্ব সহকাৰে বিবেচনা কৰি গ্ৰীনফিল্ড বিমানবন্দৰ নিৰ্মাণৰ বাবে বাগিচাখনৰ ভূমি অধিগ্ৰহণৰ প্ৰস্তাৱ ততালিকে প্ৰত্যাহাৰ কৰি বিকল্প অনুৰ্বৰ ভূমিৰ সন্ধান কৰিবলৈ সন্থাই দাবী জনায় । লগতে বাগিচাখনৰ শ্ৰমিকসকলে এতিয়ালৈকে যি ঐক্যবদ্ধ, শান্তিপূৰ্ণ, গণতান্ত্ৰিক পদ্ধতিৰে চৰকাৰ আৰু মালিকপক্ষৰ লগতে আন ন্যস্তস্বাৰ্থ জড়িত পক্ষৰ সকলো অভিসন্ধিক নস্যাৎ কৰি ধাৰাবাহিক সংগ্ৰাম অব্যাহত ৰাখিছে তাৰ প্রতি পূৰ্ণ সমর্থন আগবঢ়োৱাৰ কথা ঘোষণা কৰে । বিবৃতিটোত সাম্প্ৰতিক অসমত উচ্ছেদৰ বিৰুদ্ধে আৰু শ্ৰমিকৰ জীৱন, জীৱিকাৰ অধিকাৰৰ ঐক্যবদ্ধ আন্দোলন খুবেই প্ৰাসঙ্গিক বুলি উল্লেখ কৰা হয় । লগতে এনে শান্তিপূৰ্ণ আন্দোলনক শিলচৰৰ সাংসদ ৰাজদীপ ৰায়ে মাওবাদীৰ অনুপ্ৰবেশ আখ্যা দি যি ষড়যন্ত্ৰমূলক কল্পকাহিনীৰ অপপ্ৰচাৰ কৰিব খুজিছে তাক সন্থাই তীব্ৰ গৰিহণা দি বাগিচাখনৰ শ্ৰমিকসকলৰ ন্যায্য আৰু শান্তিপূৰ্ণ তথা গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি অসমৰ সকলো গণতান্ত্ৰিক সংগঠন, ৰাজনৈতিক দল, ট্ৰেড ইউনিয়ন আৰু ব্যক্তি বিশেষক সমৰ্থন ব্যক্ত কৰিবলৈ আহ্বান জনায় ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More