কাঠচিতীয়া বিজেপিক উৎখাতৰ আহ্বান

মূল্যবৃদ্ধিৰ বিৰুদ্ধে তিনিচুকীয়াত একাধিক বাওঁ দলৰ প্ৰতিবাদ

0 12
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৫ জুলাই : যোৱা ৪ জুলাইত গুৱাহাটী জিলা পুথিভঁৰালত অনুষ্ঠিত অসমৰ পাঁচটা বাওঁপন্থী ৰাজনৈতিক দলৰ যৌথ ৰাজ্যিক অভিৱৰ্তনত গৃহীত প্ৰস্তাৱমৰ্মে আজি অসমৰ বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়া চহৰৰ মাজ মজিয়াৰ থানা চাৰিআলিতো নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ বিৰুদ্ধে বাওঁ দলসমূহৰ শতাধিক কৰ্মীয়ে ধৰ্ণা কাৰ্যসূচী পালন কৰাৰ লগতে ধৰ্ণাস্থলীৰ পৰা চহৰৰ তিনিকোণীয়া হৈ এক সমদলো বাহিৰ কৰে৷ প্ৰতিবাদী কাৰ্যসূচীত চিপিআই(এম)ৰ তপন শৰ্মা, চিপিআই(এম-এল)ৰ সুভাষ সেন, শুভ্ৰজ্যোতি বৰ্ধন আৰু চিপিআইৰ ৰঞ্জন চৌধুৰীয়ে  বক্তব্য দাঙি ধৰে ৷ অসমৰ মুখ্যমন্ত্ৰীয়ে মূল্যবৃদ্ধি হোৱাটো সত্য, জাতিৰ ক্ষতি হোৱাটোও সত্য বুলি স্বীকাৰোক্তি দি এই গুৰুত্বপূৰ্ণ সমস্যাটোৰ সমাধানকল্পে কিন্তু উপায় উদ্ভাৱন নকৰি আচলতে ৰাইজক উপলুঙাহে কৰিলে বুলি বক্তাসকলে ক্ষোভ উজাৰে । যোৱা বছৰ অসমৰ গৰুখুটিকে ধৰি বিভিন্ন ঠাইত শাকপাচলিৰ খেতি কৰা ইছলাম ধৰ্মাৱলম্বী শ শ কৃষক পৰিয়ালক উচ্ছেদ কৰি যি  অৰাজকতা সৃষ্টি কৰিছিল আৰু শাকপাচলিৰ খেতি বিপৰ্যস্ত কৰিছিল তাৰ বাবেই আজি অসমত সকলো ধৰণৰ শাকপাচলিৰ দৰ আকাশলংঘী হৈছে বুলি কোৱা হয় ৷ আনহাতে ৰাজ্যৰ যোগান বিভাগটোও হৈ পৰিছে সম্পূৰ্ণ অকামিলা ৷ হাজাৰ কোটি টকা ঋণ লৈ চৰকাৰে নকৰিবলগীয়া কামবোৰ কৰি আছে ৷ হিতাধিকাৰী সৃষ্টি কৰি অনুৎপাদনশীল তোষণ নীতিত ধন খৰচ কৰিছে ৷ ফলত জনসাধাৰণৰ মূৰত হাজাৰ হাজাৰ টকা ঋণৰ বোজা জাপি দিয়া হৈছে ৷ এইবোৰ হৈছে ভাৰতে কল্যাণকামী অৰ্থনীতি বৰ্জন কৰি পুঁজিবাদী অৰ্থনীতি গ্ৰহণ কৰা হেতুকে ৷ এতিয়া ভাৰতবাসীৰ ৭০ শতাংশৰ সম্পদ ১০ শতাংশ পুঁজিপতিৰ হাতত জমা হৈছেগৈ ৷ ৰাজকোষ পূৰাবৰ বাবে জনতাৰ ওপৰত কৰ আৰু ঋণৰ বোজা জাপি দিয়া হৈছে ৷ জনসাধাৰণৰ পৰা এই কৰ আৰু ঋণ উঠাবৰ বাবে পাইকাৰী হাৰতে বস্তুৰ দাম বৃদ্ধি হৈছে ৷ সেইবাবে সাধাৰণ মধ্যবিত্ত, শ্ৰমজীৱী, কৃষিজীৱী দুখীয়া জনগণৰ প্ৰতি কাঠচিতীয়া, কৰ্পৰেট গোষ্ঠীৰ বান্ধৱ বিজেপি চৰকাৰক উৎখাত কৰিবলৈ প্ৰতিবাদস্থলীৰ পৰা ৰাইজক আহ্বান জনোৱা হয় ৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More