কাৰাগাৰৰ বন্ধ কোঠাৰ পৰা মুকলি হল অধ্যাপক ড॰ হেমন্ত শৰ্মা

অভিযোগকাৰী ছাত্ৰ-ছাত্ৰীক মই অন্তৰেৰে ধন্যবাদ জনাই ক্ষমা কৰি দিছো, তেওঁলোকক বলিৰ পঠা সজোৱা হ’ল

0 106

কাৰাগাৰ সন্মুখতে নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যাপকজনক আদৰণি- চৰণ চুই সেৱা প্ৰাক্তন শিক্ষাৰ্থীৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৪ আগষ্টঃ এইখন মূৰ্ত কাৰাগাৰ, আমি দেখি থকা কাৰাগাৰ, বহু মানুহেই পৃথিৱীৰ বেলেগ বেলেগ কাৰাগাৰত বন্দী হৈ আছে। কোনাবা বন্দী হৈছে ক্ষমতাৰ কাৰাগাৰত, কোনোবা বন্দী হৈছে অহংকাৰৰ কাৰাগাৰত, কোনোবাই আত্মতুষ্টিৰ কাৰগাৰত বন্দী হৈ আছে, কোনোবাই স্বজন-তোষণৰ কাৰাগাৰত বন্দী হৈ আছে।– এই ভাষ্য ড° হেমন্ত শৰ্মাৰ।  আজি কাৰাগাৰৰ বন্ধ কুঠৰীৰ পৰা মুকলি আকাশৰ তললৈ ওলাই আহি এইদৰে মনৰ ভাব ব্যক্ত কৰে নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড॰ হেমন্ত শৰ্মা ৷ বৃহস্পতি বাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰা অধ্যাপকজনে আজিহে মুকলি আকাশৰ তললৈ অহাৰ সুযোগ লাভ কৰে৷ আজি বিয়লি প্ৰায় ৩.৩০ বজাত ড॰ হেমন্ত শৰ্মাই লখিমপুৰ জিলা কাৰাগাৰৰ পৰা ওলাই অহাৰ পিছতে একাংশ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাগুৰুজনক চৰণ চুই সেৱা জনোৱাৰ লগতে ফুলাম গামোচাৰে আদৰণি জনায়৷ উল্লেখ্য, ছাত্ৰ-ছাত্ৰীক নিৰ্যাতন কৰা বুলি এক ৰহস্যজনক অভিযোগত ২৪ জুলাইৰ পৰা ন্যায়িক জিম্মাত থকা অধ্যাপক ড॰ শৰ্মাই আজি মুকলি আকাশৰ তললৈ আহি কয়- অভিযোগকাৰীসকল এতিয়াও সম্পূৰ্ণ পৰিপক্ব মনৰ হোৱা নাই৷ আচলতে তেওঁলোকক প্ৰৰোচনা কৰি বলিৰ পঠা সজোৱা হ’ল৷ তেওঁলোকক মই অন্তৰেৰে ধন্যাবাদ জনাই ক্ষমা কৰি দিছো৷ সময়ে সকলো বিচাৰ কৰিব বুলি কোৱাৰ লগতে অসমবাসী সংবাদকৰ্মী, ছাত্ৰ-ছাত্ৰী সকলোলৈ তেওঁ কৃতজ্ঞতা জ্ঞাপন কৰে৷ সত্যৰ সদায় জয় বুলি উল্লেখ কৰি অভিযোগকাৰী সকলক অন্তৰৰ পৰা ক্ষমা কৰি দিছো বুলিও তেওঁ কয়৷ আনহাতে ১৩ দিনকৈ জিলা কাৰাগাৰত দিন অতিবাহিত কৰা অধ্যাপকজনৰ সন্দৰ্ভত একাংশ ছাত্ৰ-ছাত্ৰীয়ে আজি কয় যে ভগৱানস্বৰূপ এজন মানুহক এনে শাস্তি প্ৰদান কৰাত আমি মৰ্মাহত হৈ পৰিছো৷ ঘটনাৰ দিনাৰে পৰা এই পৰ্যন্ত আমি ছাৰৰ লগত আছো আৰু ছাৰৰ মুক্তিৰ বাবে আমি উপায়ুক্ত, জিলা আৰক্ষী অধীক্ষক আদিৰ ওচৰত আবেদন জনাইছিলো বুলিও কয়৷ জিলা কাৰাগাৰত অধ্যাপক ড॰ শৰ্মাই এখন গ্ৰন্থ লিখাৰ কামো আৰম্ভ কৰে৷ কাৰাগাৰত থকা সময়ত তেওঁ বহু কিতাপ পঢ়া বুলি উল্লেখ কৰাৰ লগতে বিভিন্নজন কয়দীৰ মনৰ ভাৱ জনাৰ লগতে বহু লোকে যে বিনা দোষত জেললৈ আহিব লগা হয় সেই কথাও তেওঁ উপলব্ধি কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More