কাৰো ওচৰত সেও নেমানি বেদখল, অবৈধ নিৰ্মাণৰ বিৰুদ্ধে অব্যাহত ৰাখক অভিযান

0 27

শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ২৮ জুন: ভুক্তভোগী সাধাৰণ জনতাৰ প্ৰবল দাবীত তিনিচুকীয়া পৌৰসভাই চহৰখনৰ যানজঁট নিয়ন্ত্ৰণৰ বাবে অতি সম্প্ৰতি পদপথ আৰু ঘাইপথৰ এছোৱা বেদখল কৰি বহি থকা ফাষ্টফুডৰ দোকানসমূহ উচ্ছেদ কৰাৰ পৰৱৰ্তী পৰ্যায়ত এচাম লোক আৰু পাবত গজা দল, সংগঠনে উক্ত দোকানসমূহ পুনৰ বহুৱাৰ বাবে বিভিন্ন কৌশল ৰচনা কৰাৰ লগতে ওপৰ মহলৰ পৰা হেঁচা প্ৰয়োগৰ অপচেষ্টা চলোৱা পৰিলক্ষিত হৈছে৷ এনে পৰিস্থিতিত এই স্বাৰ্থন্বেষী চক্ৰটোৰ বিৰুদ্ধে গৰজি উঠিছে তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থা৷ আজি তিনিচুকীয়াৰ উপায়ুক্ত আৰু পৌৰসভাৰ কাৰ্যবাহী বিষয়াক পৃথকে পৃথকে প্ৰদান কৰা এক স্মাৰক-পত্ৰত তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি উদিপ বৰপাত্ৰ আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক তন্ময় মাধৱ গগৈয়ে কোনো তৃতীয় পক্ষৰ হেঁচাত সেও নেমানি অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান বাহাল ৰখাৰ উপৰি তিনিচুকীয়া চহৰৰ যানজঁটৰ সমস্যা সমাধানৰ বাবে পথৰ দাঁতিত গঢ়ি উঠা যিকোনো অবৈধ দোকান, বজাৰ বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়৷ তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা তিনিচুকীয়াৰ উপায়ুক্ত আৰু পৌৰসভাৰ কাৰ্যবাহী বিষয়াক পৃথকে পৃথকে আন এখন ১৪ দফীয়া দাবীপত্ৰও প্ৰদান কৰা হয়৷ উক্ত দাবীপত্ৰত ছাত্ৰ সন্থাই সমগ্ৰ তিনিচুকীয়া চহৰত ভয়াবহ ৰূপ ধাৰণ কৰা অবৈধ নিৰ্মাণকাৰ্যৰ বিৰুদ্ধে তৎকালে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়৷ উল্লেখ্য যে তিনিচুকীয়া চহৰৰ অলিয়েগলিয়ে একাধিক বহুমহলীয়া অট্টালিকা কোনো পাৰ্কিঙৰ সুবিধা অবিহনে নিৰ্মাণ কৰা হৈছে যদিও পৌৰসভা কিম্বা প্ৰশাসনৰ তৰফৰ পৰা কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই৷ ইফালে অবৈধভাৱে নিৰ্মাণ কৰা এনে বহুমহলীয়া অট্টালিকাৰ বাবে সমগ্ৰ চহৰখনত যানজঁটৰ সমস্যা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই এনে সকলো অবৈধ নিৰ্মাণকাৰ্যৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়৷ ইয়াৰোপৰি বেদখল উচ্ছেদ কৰা, মৰণফান্দত পৰিণত হোৱা জৰাজীৰ্ণ বাটপথসমূহ নিৰ্মাণৰ ব্যৱস্থা কৰা, এজাক বৰষুণতে চহৰখনক জুৰুলা কৰা কৃত্ৰিম বানপানীৰ সমস্যাৰ লগত মোকাবিলা কৰাৰ বাবে বিজ্ঞানসন্মতভাৱে নলা-নৰ্দমাসমূহ নিৰ্মাণ কৰা, বিকল হৈ থকা ষ্ট্ৰীট লাইটসমূহ কাৰ্যক্ষম কৰি তোলা, সৰ্বসাধাৰণ ৰাইজৰ নিৰাপত্তাৰ বাবে গুৰুত্বপূৰ্ণ স্থানত চি চি টিভি কেমেৰা সংস্থাপন কৰা, ঐতিহাসিক কীৰ্তিচিহ্নসমূহ বেদখলমুক্ত কৰাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰা হয়৷ এই দাবীসমূহ সমাধানৰ বাবে শীঘ্ৰে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই ইয়াৰ অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী লবলৈ বাধ্য হ’ব বুলি তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই স্মাৰক-পত্ৰত সকিয়াই দিয়ে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More