‘কি নাম দি মাতিম’ বুলি সুধিবলৈ নাই আৰু তেওঁ

হৃদৰোগে কাঢ়ি নিলে যশস্বী শিল্পী নিৰ্মলা মিশ্ৰক

0 30
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩১ জুলাই : ‘কি নাম দি মাতিম, মাতিম তোমাক…’ বুলি সুধিবলৈ নাই আৰু সুকণ্ঠী গায়িকা নিৰ্মলা মিশ্ৰ। এইগৰাকী সংগীতজ্ঞৰ পৰলোকপ্ৰাপ্তি ঘটিছে। ৩০ জুলাই শনিবাৰে নিশা প্ৰায় ১২:০৫ বজাত দক্ষিণ কলকাতাৰ চেতলাত থকা নিজ গৃহত হৃদ ৰোগত আক্ৰান্ত হৈ মৃত্যু হয় শিল্পীগৰাকীৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮১ বছৰ। তেওঁৰ পৰিয়ালত আছে স্বামী, পুত্ৰ আৰু বোৱাৰী। শিল্পীগৰাকীৰ চিকিৎসক কৌশিক চক্ৰৱৰ্তীয়ে কয় যে নিৰ্মলা মিশ্ৰ দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল। চিকিৎসাৰ বাবে যোৱা ৫ বছৰত কেইবাবাৰো চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। তদুপৰি তেওঁ তিনিবাৰ হৃদৰোগত ভুগিছিল। তিনি-চাৰি দিন পূৰ্বে হঠাৎ অসুস্থতা বৃদ্ধি পালে। যোৱা বৃহস্পতিবাৰে তেওঁৰ ৰক্তচাপ যথেষ্ট হ্ৰাস পাইছিল। কিন্তু তেওঁৰ আৰু হস্পিতাললৈ যোৱাৰ ইচ্ছা নাছিল। কালি শনিবাৰে পুৱাৰে পৰা আৰম্ভ হৈছিল তেওঁৰ উশাহ-নিশাহৰ সমস্যা আৰু ৰাতিলৈ তেওঁৰ মৃত্যু হয়। পুত্ৰ সুভোদীপ দাসগুপ্তই জনোৱা মতে, সমগ্ৰ পৰিয়ালৰ চকুৰ সন্মুখতে শিল্পীগৰাকীৰ মৃত্যু হয়। তেওঁৰ ভাষাত— “মা মোৰ চকুৰ সন্মুখতে পৰলোকপ্ৰাপ্তি হ’ল।” ২০১৫ চনত তেওঁৰ চেৰিব্ৰেল এটেক হৈছিল। তেতিয়াৰ পৰা শৰীৰৰ এফাল পক্ষাঘাত। তেতিয়াৰ পৰা বিছনাই হৈ পৰিছিল লগৰীয়া। ২০১৮ ৰ পৰা ২০২২ চনলৈ— এই চাৰি বছৰ চিকিৎসালয় আৰু ঘৰলৈ অহা-যোৱা। আজি ৩১ জুলাইত শিল্পীগৰাকীৰ শেষ ৰীতি-নীতি অনুষ্ঠিত হ’ব বুলি তেওঁৰ পুত্ৰই জানিবলৈ দিয়ে। পশ্চিমবংগ চৰকাৰৰ তথ্য আৰু সাংস্কৃতিক বিভাগৰ হৈ ৩১ জুলাই দেওবাৰে পুৱা ১১ বজাৰ পৰা ৰবীন্দ্ৰ সদনত প্ৰয়াত সংগীতজ্ঞগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ ব্যৱস্থা কৰা হৈছে। নিৰ্মলা মিশ্ৰৰ অলেখ বিখ্যাত বাংলা গীত আছে। তাৰ ভিতৰত উল্লেখযোগ্য গীতবোৰ হৈছে— ‘এমন একটা ঝিনুক খুঁজে পেলাম না’, ‘সেই একজন দিও না তাকে মন’, ‘আবেশে মুখ রেখে’, ‘বলো তো আরশি তুমি’, ‘আমি তো তোমার হাসি কান্নার চিরদিনের সাথী’, ‘কাগজের ফুল বলে’, ‘ও তোতা পাখি রে…’ ইত্যাদি। তেওঁৰ কণ্ঠত প্ৰাণ পোৱা অসমীয়া গীতে আজিও মন-প্ৰাণ পুলকিত কৰিব পাৰে। পূবেৰুণ (১৯৫৯), লাচিত বৰফুকন (১৯৬১), সংগ্ৰাম (১৯৬৮), ডক্তৰ বেজবৰুৱা (১৯৬৯), বৰুৱাৰ সংসাৰ (১৯৭০), বৃষ্টি (১৯৭৪), পুতলা ঘৰ (১৯৭৬), ধৰ্মকাই (১৯৭৭), নতুন আশা (১৯৭৭), নিয়তি (১৯৭৮), মেঘমুক্তি (১৯৭৯) আদি অসমীয়া কথাছবিৰ জনপ্ৰিয় গীতত কণ্ঠ নিগৰাই নিৰ্মলা মিশ্ৰই অসমীয়া শ্ৰোতাৰ মনৰ মাজত নিজৰ ঠাই গঢ়িছিল। পাৰিবাৰিক সূত্ৰ অনুসৰি শিল্পীগৰাকীৰ জন্ম হৈছিল বৰ্তমানৰ দক্ষিণ ২৪ পৰগনাত, ১৯৩৮ চনত। তেওঁৰ পিতৃ আছিল পণ্ডিত মহিনীমোহন মিশ্ৰ আৰু মাতৃ ভৱানী দেৱী। দেউতাকৰ চাকৰিৰ বাবেই কলকাতালৈ আহিছিল। সংগীত জগতত তেওঁৰ প্ৰৱেশ আছিল ষাঠিৰ দশকৰ একেবাৰে আৰম্ভণিতে। বিশিষ্ট সংগীত শিল্পী নিৰ্মলা মিশ্ৰৰ মৃত্যুত শোক প্ৰকাশ কৰিছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। এক বিবৃতিত তেওঁ লিখিছে— ‘‘দশক দশক ধৰি তেওঁ নিজৰ কণ্ঠৰ যাদুত দৰ্শকক মোহিত কৰি ৰাখিছিল। বংগৰ এই ভূমিত তেওঁৰ গোৱা ‘এমন একটা ঝিনুক খুঁজে পেলাম না’, ‘ও তোতা পাখি রে…’ৰ দৰে অগণন কালজয়ী গীত আজিও শ্ৰোতাৰ স্মৃতিত প্ৰাঞ্জল হৈ আছে। আধুনিক, নজৰুল গীত, শ্যামা সংগীত, দেশতম্বোধক, লোকগীতৰ বাহিৰেও তেওঁ বহু ছবিত কণ্ঠদান কৰিছে। পশ্চিমবংগ ৰাজ্যিক সংগীত একাডেমীৰ উপদেষ্টা পৰিষদৰ সদস্য আৰু বাংলা সংগীত মেলা সমিতিৰ কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য হিচাপে পশ্চিম বংগ চৰকাৰে ২০১২ চনত ‘সংগীতসমন’ আৰু ২০১৩ চনত ‘সংগীত মহাসম্মান’ আৰু ‘বঙাবিভূষণ’ বঁটা প্ৰদান কৰে। দীৰ্ঘদিন ধৰি নিৰ্মলা মিশ্ৰৰ লগত মোৰ ঘনিষ্ঠ সম্পৰ্ক আছিল। তেওঁৰ মৃত্যু সংগীত জগতৰ বাবে এক অপূৰণীয় ক্ষতি। নিৰ্মলা মিশ্ৰৰ পৰিয়াল আৰু অনুৰাগীলৈ মোৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিলোঁ।”
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More